• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডঃ বৰুৱাৰ প্ৰতিধ্বনিৰে বৃটিশ্ব চাৰ্জনৰ দাবী– গাহৰি কলিজাই সলাব হৃদ চিকিৎসাৰ জগত

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
August 20, 2019 9:00 pm
Dhaniram-Baruah-and-Sir-Terence-English-600x375 UK cardiac surgeon claims pig hearts may transform cardiac treatment

ডঃ বৰুৱা আৰু ইংগ্লিশ্ব।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯৬ চনৰ ডিচেম্বৰত অসমৰ বিতৰ্কিত হৃদ শল্য চিকিৎসক ডঃ ধনীৰাম বৰুৱাই এজন ৩২ বছৰীয়া ৰোগীৰ দেহত গাহৰিৰ কলিজা সংৰোপন কৰা ঘটনাই চিকিৎসা জগতত ধুমুহাৰ সৃষ্টি কৰিছিল।

ৰয়েল কলেজ অৱ চাৰ্জনছৰ ফেল’ ডঃ বৰুৱাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল—গাহৰিৰ কলিজা মানৱ দেহত সংৰোপনৰ দায়ত।

Apply Now

এতিয়া সেই ঘটনাৰ প্ৰায় ২৩ বছৰ পিছত ইউ কেৰ বিখ্যাত চাৰ্জন ছাৰ তেৰেন্স ইংগ্লিশ্বে দাবী কৰিছে যে গাহৰিৰ অভিযোজিত কলিজাই বিশ্বত কাৰ্ডিয়াক চিকিৎসা সলাই পেলাব পাৰে।

ইউ কেত হৃদ সংৰোপনৰ বাটকটীয়া ছাৰ ইংগ্লিশ্বে কৈছে গাহৰিৰ অভিযোজিত কলিজা মানৱ ৰোগীত সংৰোপন পৰৱৰ্তী তিনি বছৰৰ ভিতৰত সম্ভৱ হৈ উঠিব।

প্ৰথমটো হৃদ সংৰোপনৰ ৪০ বছৰ পূৰ্তিত ছাৰ টেৰেন্স ইংগ্লিশ্বৰ উদ্ধৃতিৰে বৃটিশ্ব মিডিয়াই কৈছে যে মানৱ দেহত গাহৰি বৃক্ক সংৰোপনৰ চেষ্টাৰে ২০১৯ চনত অস্ত্ৰোপচাৰ আৰম্ভ হ’ব।

“গাহৰিৰ বৃক্ক মানুহলৈ জেন’-সংৰোপনৰ ফল যদি সন্তোষজনক হয়, তেন্তে কেইবছৰ মানৰ ভিতৰতে মানৱ দেহত সুফলেৰে সৈতে বৰাহ কলিজা ব্যৱহৃত হোৱাৰ সম্ভাৱনা আছে,” ৮৭ বছৰীয়া চাৰ্জনজনে কয়।

ছাৰ ইংগ্লিশ্বৰ দাবী, বৃক্কৰ ক্ষেত্ৰত যদি ই কাম কৰে, তেন্তে কলিজাৰ ক্ষেত্ৰতো ই কাম কৰিব।

এই কথা খাটাং যে ডঃ বৰুৱা চিকিৎসা জগতত তেওঁৰ সতীৰ্থসকলতকৈ বহু আগৰণুৱা আছিল, আৰু ৩২ বছৰীয়া ৰোগী পূৰ্ণ শইকীয়াৰ দেহত গাহৰিৰ কলিজা সংৰোপনেৰে ইতিহাস সৃষ্টি কৰিছিল।

হাইপাৰ-এক্তিভ ৰিজেক্সন সত্ত্বেও বৰুৱাৰ ৰোগীজন সাত দিন জীয়াই আছিল। ৰোগীজন ৱেন্ত্ৰিক্যুলাৰ চেপ্তেল দিফেক্তত ভুগিছিল, অৰ্থাৎ তেওঁৰ কলিজাত ফুটা আছিল।

ডঃ বৰুৱাই এই ঐতিহাসিক অস্ত্ৰোপচাৰটো কৰিছিল আন এজন কাৰ্ডিয়াক চাৰ্জন, হং কঙৰ ডঃ জনাথান হ’ৰ সৈতে।

বৰুৱা আৰু হ’ দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ভাৰতীয় দণ্ড বিধিৰ ৩০৪ আৰু মানৱ অংগ সংৰোপন আইন, ১৯৯৪ৰ ১৮নং ধাৰাত অভিযুক্ত কৰা হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে, দুয়োগৰাকী চাৰ্জনকে গ্ৰেপ্তাৰ কৰা হৈছিল মানৱ অংগ সংৰোপন আইন, ১৯৯৪ৰ অধীনত, কিন্তু ফেডাৰেল আইনখন অসম চৰকাৰে গ্ৰহণ কৰাৰ বহু আগতেই।

ডঃ বৰুৱা দাবীৰ প্ৰতিধ্বনি তুলি ছাৰ ইংগ্লিশ্বে কৈছে গাহৰিৰ কলিজাৰ এনাতমি আৰ ফিজিঅ’লজি মানুহৰ সদৃশ, সেয়ে নতুন চিকিৎসা বিকাশৰ সময়ত সিহঁতক মদেলৰূপে ব্যৱহাৰ কৰা হয়।

কেইবছৰমান আগতে জাৰ্মেনি আৰু ছুইজাৰলেণ্ডৰ গৱেষকৰ প্ৰতিবেদনত গাহৰিৰ জেনেটিকেলি (জীনীয়ভাৱে) উন্নীত কলিজা বেবুনৰ দেহত সংৰোপনৰ কথা প্ৰকাশ পাইছিল, আৰু জন্তু (বেবুন)বিধ ছমাহতকৈয়ো অধিক কাল জীয়াই আছিল।

গৱেষকসকলে পাঁচটা বেবুনৰ কলিজাৰ ঠাইত জীনীয়ভাৱে উন্নীত গাহৰিৰ কলিজা সংৰোপিত কৰিছিল। আন্তঃ-প্ৰজাতীয় অংগ সংৰোপনৰ ক্ষেত্ৰত ইয়াক এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ বুলি ধৰা হয়।

আজিও সোণাপুৰৰ সেই গৱেষণাগাৰেই ডঃ বৰুৱাৰ ঠিকনা, তেওঁ বাইপাছ চাৰ্জাৰি পৰিত্যাগ কৰিছে, আৰু আৱিষ্কাৰ কৰিছে দুটা বায়’-মলিক্যুল যি বাইপাছ চাৰ্জাৰি বাইপাছক্ষম।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd