ৰাষ্ট্ৰপতি ভৱনৰ কৰ্তৃপক্ষই উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলক নতুন দিল্লীৰ লুটিয়েন হিলত অৱস্থিত দেশৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনলৈ এক পৰিচয় ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে। অহা ফেব্ৰুৱাৰীৰ ২ তাৰিখে দিনৰ ২ বজাত ৰাষ্ট্ৰপতি ভৱনলৈ নাগৰিকসকলক আমন্ত্ৰণ জনোৱা হৈছে।
দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত থকা অঞ্চলটোৰ বাসিন্দাসকলৰ বাবে ৰাষ্ট্ৰপতি ভৱন দিৱস উপলক্ষে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
ৰাজ্যিক আনুষ্ঠানিক পেৰেড গ্ৰাউণ্ডত এক আদৰণি অনুষ্ঠানেৰে ৰাষ্ট্ৰপতি ভৱনৰ যুটীয়া আয়ুক্ত ৰবীন হিব্ৰুৱে কাৰ্যসূচী আৰম্ভ কৰিব আৰু ইয়াৰ পিছতে মুখ্য প্ৰদৰ্শকে ৰাষ্ট্ৰপতি ভৱনৰ ইতিহাস বৰ্ণনা কৰিব।
উপস্থিত ভ্ৰমণকাৰীসকলক ঐতিহাসিক ভৱনটোৰ লগতে ইয়াৰ ভিতৰত থকা কাৰকাৰ্যসমূহৰ সৈতে পৰিচয় কৰি দিয়া হ’ব। ভৱনটোৰ ভিতৰত ৩৭৩ টা কোঠালি আছে য’ত ব্ৰিটিছৰ ৰজা, ৰাণী, লৰ্ড, ভাইচৰয়সকল, প্ৰেছিডেন্ট আৰু ৰাজকুমাৰী বাস কৰিছিল।
ইয়াৰ লগতে সংলগ্ন হৈ থকা ৰাজকীয় মোগল গাৰ্ডেনতো এপাক ভ্ৰমণৰ সুবিধা লাভ কৰিব।
ৰাষ্ট্ৰপতি ভৱনত ব্যক্তিগত ফটো লোৱা নিষিদ্ধ হোৱাৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ চৰকাৰী ফটোগ্ৰাফাৰে গ্ৰুপ ফটোগ্ৰাফ তুলিব।
অভ্যাগতসকলক ভৱনৰ পাকঘৰত তৈয়াৰ কৰা বিশেষ বিস্কুট আৰু চাহেৰে আপ্যায়ন কৰা হ’ব।
অভ্যাগতক বিদায়ৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ দক্ষিণ ভাগলৈ লৈ যোৱা হ’ব য’ত প্ৰস্থানৰ বাবে শাৰী শাৰীকৈ গাড়ী ৰখা থাকিব।
ৰাষ্ট্ৰপতি ভৱনৰ যুটীয়া আয়ুক্তই ভ্ৰমণৰ বাবে ইচ্ছুক দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত থকা উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলক তেওঁলোকৰ ভ্ৰমণ নিশ্চিত কৰিবলৈ নিজৰ লগতে পৰিয়ালৰ সদস্যৰ নম্বৰৰ সৈতে এছএমএছ বা হোৱাটছএপৰ যোগে ৯৮১০০৮৩৪৮৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।