• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিক লৈ আছুৰ গুজৰনি; “বিভ্ৰান্তি সৃষ্টিৰ ষড়যন্ত্ৰ” নকৰিবলৈ ৰজাঘৰক সকীয়নি

হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীক সুৰক্ষা দিয়াৰ বিভিন্ন পক্ষৰ অপচেষ্টা বন্ধৰ দাবী; উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2019 9:15 am
Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থা আৰু খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ যৌথ সভাই এন আৰ চি সন্দৰ্ভত জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ ৰজাঘৰক সকীয়নি দিছে।

শাসক দল বিজেপিয়ে ৩১ আগষ্টত প্ৰকাশ পাব লগীয়া চূড়ান্ত এন আৰ চিক ত্ৰুটিপূৰ্ণ এন আৰ চি হ’ব বুলি সংবাদ মেল দি ঘোষণা কৰাৰ পিছতে সংগঠনটোৰ এই সকীয়নি তাৎপৰ্য্যপূৰ্ণ হৈ পৰিছে। বিজেপিৰ বিধায়ক শিলাদিত্য দেবেও এন আৰ চিৰ সমালোচনাত সৰৱ হৈ আহিছে বিগত সময়ছোৱাত।

ইয়াৰ বিপৰীতে দুদিনমান পূৰ্বে এখন সভাত মুখ্য মন্ত্ৰী সোণোৱালে এন আৰ চিক ঐতিহাসিক দলিল আখ্যা দিছিল।

যৌথ সভাই ৰজাঘৰৰ লগতে আন বিভিন্ন ৰাজনৈতিক শক্তি আৰু বিভিন্ন পক্ষৰ পৰা চলা এনে বিভ্ৰান্তি সৃষ্টিৰ চেষ্টাকো সকীয়াই দিয়ে।

সভাই ৰাজনৈতিক স্বাৰ্থ বা ভোট বেংকৰ বাবে হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীক সুৰক্ষা দিবলৈ চলোৱা সকলো কাৰ্য্যকলাপ বন্ধ কৰিবলৈ সকলো পক্ষক সকীয়নি দিছে।

উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা থকাৰ কথা জানিবলৈ দি যৌথ সভাই স্পষ্ট দাবীৰে কয়, এন আৰ চিৰ পৰা বাদ পৰা অবৈধ বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিবই লাগিব।

আনহাতে চূড়ান্ত এন আৰ চিৰ পৰা খিলঞ্জীয়া লোকৰ নাম বাদ পৰিলে আছু আৰু খিলঞ্জীয়া সাহিত্য সভা, অসমে সহায় কৰিব বুলিও কয়।

সদৌ অসম ছাত্ৰ সন্থা আৰু খিলঞ্জীয়া জনজাতি সাহিত্য সভা, অসমৰ মাজত ২৬ আগষ্টত গুৱাহাটীৰ চহিদ ভৱনৰ সভাগৃহত অনুষ্ঠিত এই যৌথ সভাই দৃঢ়তাৰে কয়, অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণৰ অধিকাৰ থাকিবই লাগিব।

সভাই অসম চুক্তিৰ আধাৰত সাংবিধানিক ৰক্ষাকৱচ লাগিবই বুলি স্পষ্ট কৰি দিয়ে।

অবৈধ বিদেশীৰ প্ৰব্ৰজনৰ ফলত অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি অহা বাবে এই ৰক্ষাকৱচৰ প্ৰয়োজন, সভাৰ মত।

স্থানীয় নিকায়, বিধানসভা, সংসদত খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু আন আন খিলঞ্জীয়া মানুহৰ বাবে আসন সংৰক্ষণ, অসমীয়া আৰু খিলঞ্জীয়া মানুহৰ ভাষাৰ সংৰক্ষণ, কেন্দ্ৰীয় আৰু অৰ্ধ কেন্দ্ৰীয় চৰকাৰী প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, অসম চৰকাৰৰ প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ডৰ অধীনত থকা প্ৰকল্পসমূহত নিয়োগ সংৰক্ষণৰ ব্যৱস্থা লাগিব বুলিও যৌথ সভাই দাবী কৰে।

খিলঞ্জীয়াৰ ৰক্ষাকৱচ বিষয়ত পুনৰ আলোচনাত মিলিত হৈ পৰৱৰ্তী কৰ্মপন্থা সম্পৰ্কত ৰূপৰেখা নিৰূপণ কৰিবলৈ সভাই একমতত উপনীত হয়।

৩০টা জনগোষ্ঠীয় সংগঠনৰ তৰফৰ পৰাও খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ সৈতে আলোচনাত মিলিত হ’বলৈ একমত প্ৰকাশ কৰা হয়।

বৈঠকত বড়ো সাহিত্য সভা, ৰাভা সাহিত্য সভা, মিচিং সাহিত্য সভা, তিৱা সাহিত্য সভা, দেউৰী সাহিত্য সভা, কাৰ্বি সাহিত্য সভা, ডিমাছা সাহিত্য সভা, গাৰো সাহিত্য সভাৰ সামূহিক মঞ্চ, খিলঞ্জীয়া জনজাতি সাহিত্য সভা অসমৰ সভাপতি গোবিন্দ টাইড, স্মপাদক প্ৰধান শ্ৰীকমলাকান্ত মুছাহাৰী প্ৰমুখ্যে সমূহ সাহিত্য সভাৰ নেতৃবৰ্গ আৰু আছুৰ নেতৃবৰ্গই আলোচনাত অংশগ্ৰহণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd