• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৩৫ বছৰ পুৰণি কয়লা উদ্যোগ বন্ধ হোৱাৰ উপক্ৰম: ক’ল ইণ্ডিয়াৰ শ্ৰমিক-কৰ্মচাৰীৰ প্ৰতিবাদ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
August 30, 2019 6:42 am
Screenshot_20190829_162054

ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অন্যতম লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ-পূব কয়লা ক্ষেত্ৰলৈ অনিশ্চয়তা নামি আহিছে।

প্ৰতিষ্ঠানটোৰ কলিকতাস্থিত মুখ্য কাৰ্যালয়ৰ পৰা শ্ৰমিক কৰ্মচাৰী সকলক দেশৰ অন্য প্ৰান্তত থকা কয়লা ক্ষেত্ৰ সমূহলৈ বদলিৰ বাবে আবেদন জনোৱাৰ নিৰ্দেশক কেন্দ্ৰ কৰিয়ে সৃষ্টি হৈছে এই অনিশ্চয়তা ।

Apply Now

ইপিনে,শ্ৰমিক কৰ্মচাৰী সকলৰ মাজত হাহাকাৰ লাগিছে। ইয়াৰ লগে লগে সমগ্ৰ মাৰ্ঘেৰিটা লিডু আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ ৰাইজৰ মাজত উৎকন্ঠাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে এই অঞ্চলসমূহৰ আৰ্থ-সামাজিক সম্পূৰ্ণ ৰূপে এই উদ্যোগটোৰ ওপৰত নিৰ্ভৰশীল।

বৃহস্পতিবাৰে সকলো কয়লা শ্ৰমিক সংগঠন সমৃহৰ নেতৃত্বত কেইবাশতাধিক শ্ৰমিক কৰ্মচাৰীয়ে মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবৰ পৰা প্ৰতিবাদ সমদল কৰি উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটা কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

তেওঁলোকে প্ৰতিষ্ঠানটোৰ কলিকতাস্থিত মুখ্য কাৰ্যালয়ৰ হঠকাৰী সিদ্ধান্তুৰ তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদত টিকক, টিৰাপ, টিপং, লিডু, বৰগোলাই, নামদাং তথা মাৰ্ঘেৰিটা কাৰ্যালয়ৰ শ্ৰমিক কৰ্মচাৰী সকলোৱে অংশগ্ৰহণ কৰে।

তদুপৰি, অসম চৰকাৰে ক্ষতিপূৰণ হিচাপে ৫৬ কোটি টকা আদায় লৈয়ো প্ৰায় বাৰ বছৰে বনভূমি ব্যৱহাৰৰ অনুমতি প্ৰদান নকৰাৰ বাবেই প্ৰতিষ্ঠানটোৱে উৎপাদন বৃদ্ধি কৰিব পৰা নাই বুলি অভিযোগ কৰি অসম চৰকাৰৰ এই ভূমিকাক তীব্ৰ সমালোচনা কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ পাছত দিহিং গেষ্ট হাউচত এখন সংবাদমেল অনুষ্ঠিত কৰি দেশ তথা ৰাজ্য চৰকাৰক এক বৃহৎ ৰাজহ দি অহা প্ৰতিষ্ঠানটোক বন্ধ কৰাৰ ষড়যন্ত্ৰক প্ৰতিবাদকাৰীসকলে তীব্ৰ সমালোচনা কৰে।

সংবাদমাধ্যমক সম্বোধন কৰি শ্ৰমিক নেতা ভাৰতভূষণ বৰঠাকুৰে অসমৰ ১৩৫ বছৰ পুৰণি একমাত্ৰ বৃহৎ ৰাষ্ট্ৰীয়কৃত কয়লা উদ্যোগ উত্তৰ পূব কয়লাক্ষেত্ৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে বুলি জানিবলৈ দিয়ে।

তেওঁ কয় যে দেশৰ শক্তিখণ্ডত বলিষ্ঠ অৰিহনা যোগাই অহা তথা কেন্দ্ৰ আৰু অসম চৰকাৰৰ ৰাজকোষলৈ প্ৰায় ১২০কোটি টকা বছৰি অৰিহনা যোগাই অহা এই কয়লা উদ্যোগটোক অসম চৰকাৰৰ বিভাগীয় আমোলা বিষয়াৰ গাফিলতি আৰু অমনোযোগিতাৰ বাবে বন্ধ হোৱাৰ পথলৈ গৈছে।

ইয়াৰ ফলত বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাৰ লক্ষাধিক পৰিয়াল পৰোক্ষ তথা প্ৰত্যক্ষভাবে ক্ষতিগ্ৰস্ত হ’ব বুলি তেওঁ ব্যক্ত কৰে।

মন্তুষ টাইয়ে, স্বপন ৰয়, সঞ্জীৱ বৰুৱা, নোমল গগৈ আদিকে ধৰি আটাইকেইটা শ্ৰমিক সংগঠনৰ নেতা সংবাদমেলত উপস্থিত থাকে।

কয়লা উদ্যোগটোৰ শ্ৰমিক কৰ্মচাৰী সংগঠন সমূহে বন বিভাগৰ আমোলাতন্ত্ৰৰ পৰিকল্পিত ষড়যন্ত্ৰই এক কৃত্ৰিম ব্যৱস্থা গঢ়ি উদ্যোগটো ধ্বংসৰ মুখলৈ ঠেলি দি বহিৰাগত পুঁ‌জিপতিৰ হাতত তুলি দিয়াৰ পথ প্ৰশস্ত কৰা বুলি স্পষ্টভাৱে অভিযোগ কৰে।

উল্লেখ্য যে কয়লা উদ্যোগটোৰ পৰা অসম আৰু কেন্দ্ৰ চৰকাৰে বছৰি প্ৰায় ১২০ কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ লগতে বিদ্যুৎ বিভাগে প্ৰায় ১০ কোটি টকা লাভ কৰি আহিছে।

তদুপৰি, লেখাপানী প্ৰস্তাৱিত কয়লা ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প আৰু কয়লা উদ্যোগ প্ৰকল্পৰ ভূখণ্ডৰ প্ৰায় ২৫০ হেক্টৰ ভূমি অৰুণাচল চৰকাৰে বেদখল কৰি ফলক লগোৱাত দুয়োটা প্ৰকল্পৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে বুলিও শ্ৰমিক নেতাকেইজনে বিস্ফোৰক অভিযোগ কৰে।

ইয়াৰ মাজতে লেখাপানী কয়লা প্ৰকল্পৰ বাবে আবন্টিত ২৩৫ হেক্টৰ মাটিৰ বাবদ ইতিমধ্যে ৪২ কোটি টকা অসম চৰকাৰক আদায় দিয়া হৈছে বুলি জনায়।

ৰাজ্যৰ আৰ্থ সামাজিকত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা প্ৰতিষ্ঠানটোৰ বন্ধৰ ষড়যন্ত্ৰক কোনোপধ্যে সফল হ’বলৈ দিয়া নহব বুলি স্পষ্ট কৰি দি সংগঠনসমূহে আগন্তুক দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিয়ে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd