• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিজোৰামত বোমা পেলোৱা যুঁজাৰু বিমান গৰ্বেৰে প্ৰদৰ্শন বায়ুসেনাৰ

নিজৰ ভূখণ্ড আৰু নাগৰিকৰ ওপৰত সেয়াই আছিল বায়ুসেনাৰ প্ৰথম আৰু শেষ বিমন আক্ৰমণ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
September 20, 2019 7:20 pm
DSC_1863-750x375

শিলচৰৰ কুম্ভীৰগ্ৰাম এয়াৰবেছত প্ৰদৰ্শিত তুফীনা বিমানখন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৬৬ চনৰ ৪ আৰু ৫ মাৰ্চত মিজোৰাম (তেতিয়াৰ অসমৰ মিজো জিলা)ত বিমান আক্ৰমণত ব্যৱহাৰ কৰা এখন তুফানী ফাইটাৰ বিমানক বীৰত্বৰ স্মাৰক হিচাপে প্ৰদৰ্শন কৰি ৰাখিছে শিলচৰৰ কুম্ভীৰগ্ৰাম এয়াৰবেছত।

১৯৬৬ চনৰ ৪ মাৰ্চৰ আবেলি ভাৰতীয় বায়ুসেনাৰ বিমানকেইখনে আইজলত মিজো নেশ্যনেল ফ্ৰণ্টক লক্ষ্য কৰি আকাশমাৰ্গৰ পৰা মেচিনগানেৰে আক্ৰমণ কৰিছিল। প্ৰায় ৫ ঘণ্টা ধৰি চলিছিল আক্ৰমণটো।

Apply Now

মিজোসকলৰ মতে, বায়ুসেনাৰ বিমানকেইখনে আইজলৰ দ্বাৰপুই আৰু চিংগা ভেং অঞ্চলকেইটাত বোমা পেলাইছিল। আইজলৰ লগতে কাষৰীয়া তুৱালবুং আৰু নাহলান নামৰ গাওঁকেইখনতো বোমা দিয়া হৈছিল।

মিজো বিদ্ৰোহীসকলক দমন কৰিবৰ বাবে কুম্ভীৰগ্ৰামত থকা বায়ুসেনাৰ ২৯ নং গোটটোৰ তুফানী জেটকেইখন আৰু যোৰহাটৰ ১৭ নং গোটৰ হাণ্টাৰ বিমানকেইখনৰ ব্যৱহাৰ কৰা হৈছিল।

বায়ুসেনাৰ আক্ৰমণটো মিজো নেশ্যনেল বিদ্ৰোহী (এম এন এফ)ৰ দ্বাৰা চৰকাৰী পক্ষবোৰৰ ওপৰত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে কৰা হৈছিল।

এম এন এফ গৰিলাসকলে মাৰ্চৰ ১ তাৰিখে নিৰাপত্তা বাহিনী, কোষাগাৰবোৰৰ ওপৰত এলানি আক্ৰমণৰ সূচনা কৰিছিল আৰু টকা-পইচা, অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ লুট কৰি নিছিল।

এম এন এফৰ শীৰ্ষতম নেতা লালডেংগাই স্বাধীনতা ঘোষণা কৰিছিল আৰু মিজোসকলৰ ভূমিত “অবৈধ ভাৰতীয় দখল”ৰ বিৰুদ্ধে যুদ্ধত সকলো মিজোক যোগদানৰ বাবে উদাত্ত আহ্বান জনাইছিল।

আইজলত হোৱা এই কুখ্যাত বিমান আক্ৰমণটোৰ ৫৩ বছৰ পিছত নতুন দিল্লীৰ এজন বিমান প্ৰযুক্তিবিদ দীপলয় দেই আইজলত বোমা পেলোৱা এখন তুফানী যুঁজাৰু বিমানৰ সন্ধান উলিয়ায়।

তুফানী যুঁজাৰু বিমানখন প্ৰকৃততে আছিল ডছাল্ট এভিয়েশ্যনে নিৰ্মাণ কৰা এখন ডছাল্ট MD450 অ’ৰাগেন ফাইটাৰ জেট। ভাৰতীয় বায়ুসেনাই ইয়াক তুফানী নাম দিছিল।

ইঞ্জিনীয়াৰ দীপলয় দেই পুৰণি সামৰিক বিমান আৰু অসামৰিক বিমানবোৰৰ সন্ধানত গোটেই ভাৰত ঘূৰি ফুৰে।

তেওঁ শিলচৰৰ কুম্ভীৰগ্ৰাম এয়াৰবেছত তুফানীখন আৱিষ্কাৰ কৰে আৰু ইয়াৰ ফটো লয়।

তুফানী বিমানখনত এটা ভুৱা টেইল নম্বৰ (IC-222) দিয়া আছে আৰু ৰানৱে’ ২৪-অৰ অন্তত আকাশমুৱাকৈ সজাই থোৱা আছে।

তাৰোপৰি বিমানখনৰ আগচকাটো আৰু মূল ককপিট কেনপিটো অনুপস্থিত।

বিমান বন্দৰটো ১৯৪৪ চনতে ব্ৰিটিছে নিৰ্মাণ কৰা আৰু ভাৰতীয় বায়ুসেনাই ইয়াত নিজৰ অস্তিত্ব প্ৰতিষ্ঠা কৰিছিল ১৯৬৬ চনত, যেতিয়া কুম্ভীৰগ্ৰামত ৪০৩ নং বায়ুসেনা বন্দৰ গঠন কৰা হৈছিল।

ইয়াত শিলচৰ অসামৰিক বিমান বন্দৰটোও আছে। ১৯৮৯ চনত কুম্ভীৰগ্ৰাম এয়াৰবেছক বায়ুসেনাৰ ২২ উয়িংলৈ উন্নীত কৰা হয়।

আনহাতে, মিজো নেশ্যনেল ফ্ৰণ্টৰ গৰিলা যুঁজাৰুসকল এতিয়া মুকলি আকাশৰ তলত আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰাম থাংগাকে ধৰি মিজোসকলে ১৯৬৬ চনৰ বিমান আক্ৰমণৰ ঘটনাটোক আতংক আৰু উত্তেজনাৰ সৈতে সোঁৱৰে।

এয়া আছিল ভাৰতীয় বায়ুসেনা বাহিনীৰ নিজা অংগৰ ওপৰত আৰু নিজৰে নাগৰিকৰ ওপৰত কৰা প্ৰথম আৰু শেষ আক্ৰমণ।

যদিও ইয়াক ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই, জনজাতীয় মিজোসকলে দাবী কৰে, আইজল আৰু কাষৰ গাওঁকেইখনত হোৱা বিমান আক্ৰমণটোত বহুতো নিৰীহ অসামৰিক লোকে প্ৰাণ হেৰুৱাইছিল।

তেওঁলোকে এই অভিযোগো কৰে, বিমান আক্ৰমণটোত দ্বাৰপুই আৰু চিংগা গাৱঁৰ বহুতো ঘৰ ধ্বংস হৈছিল।

অৱশ্যে প্ৰশাসনৰ দাবীটো হ’ল ঘৰবোৰত বিদ্ৰোহীসকলে আইজল কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া কয়দীসকলেহে অগ্নিসংযোগ কৰিছিল।

সেয়া যিয়েই নহওক, কুম্ভীৰগ্ৰামৰ এয়াৰবেছৰ ৰানৱে’ত আকাশমুৱা তুফানী ফাইটাৰ জেটখনৰ প্ৰদৰ্শনে মিজোৰামৰ লোকসকলক নিশ্চয়কৈ সুখী কৰিব নোৱাৰে।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd