শিৱসাগৰৰ ঐতিহাসিক আজানপীৰ দৰগাহত মঙলবাৰে নিশা সংঘটিত হৈছে এক লুটপাতৰ ঘটনা।
দৰগাহটোৰ দানপাত্ৰ ভাঙি চোৰে কমেও ৮/১০ লাখ টকা চুৰি কৰি নিয়া বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
দীৰ্ঘদিনধৰি দান পাত্ৰকেইটা বন্ধ হৈ থকা বাবে তাত যথেষ্ট টকা জমা হৈ আছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
স্থানীয় ৰাইজৰ মতে ২০১৮ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰা আজানপীৰ দৰগাহৰ দুখন সমিতিৰ মাজত হোৱা সংঘাতৰ বাবে বিষয়টো বৰ্তমান ন্যায়ালয়ত বিচাৰধীন হৈ আছে।
আৰক্ষীৰমতে, দানপাত্ৰটোত চোৰে এৰি যোৱা টকাৰ পৰিমাণ ২ লাখ ৮৫ হাজাৰ ৫০০ টকা। ঘটনাস্থলীত এখন চাইকেল, দুটা তলা আৰু এপাট তলাভঙা লোহাও উদ্ধাৰ কৰা হৈছে।
কোনো ব্যক্তিৰ আগমনৰ উমান পায়ে চোৰে উক্ত ধনখিনি এৰি যোৱা বুলি সন্দেহ কৰা হৈছে।
জিলা দণ্ডাধীশৰ উপস্থিতিত শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰা ধনখিনিৰ ভিতৰত ৫০হাজাৰ টকা নষ্ট হোৱা বুলি জানিব পৰা গৈছে।
বুধবাৰে পুৱা স্থানীয় ৰাইজে দৰগাহটোৰ এটা দানপাত্ৰ ভঙা অৱস্থাত দেখি আৰক্ষী-প্ৰশাসনক খবৰ দিয়ে।
জিলা দণ্ডাধীশ সম্প্ৰীতি গোস্বামী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীয়ে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ হোৱা টকাখিনি হিচাপ কৰে।
স্থানীয় ৰাইজে সন্দেহ কৰা মতে চুৰে প্ৰায় ৮/ ৯ লাখ টকা চুৰি কৰি নিয়ে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
কিছুদিন পূৰ্বেও আজানপীৰ দৰগাহৰ আন এটা দান পাত্ৰৰ পৰাও ধন চুৰি হৈছিল।