• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজৰাট আৰু উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ৬টা হাতী

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
October 18, 2019 8:56 am
Elephant.-photo-source-Assam-Times

ফটো উৎস: আছাম টাইমছ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা ৬টা হাতী গুজৰাট আৰু উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰাৰ বাবে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে।

ৰাজ্যখনৰ বন্যপ্ৰাণী বিভাগৰ মুৰব্বীৰ কাৰ্যালয়ৰ সূত্ৰই নৰ্থইষ্ট নাওক বৃহস্পতিবাৰে জানিবলৈ দিয়ে যে তিনিচুকীয়াৰ পৰা ছয়টা হাতী গুজৰাট আৰু উত্তৰ প্ৰদেশলৈ পঠিওৱাৰ বাবে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে।

Apply Now

চাৰিটা অপ্ৰাপ্তবয়স্ক হাতী-জয়তাৰা, বাবুলাল, ৰূপসিং আৰু ৰাণীক তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ প্ৰভু জগন্নাথ মন্দিৰলৈ প্ৰেৰণ কৰা হ’ব।

এটা ডিগবৈ আৰু এটা লখিমপুৰৰ বাকী দুটা হাতী উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰিব বুলি সূত্ৰসমূহে জানিবলৈ দিয়ে।

চলিত বছৰৰ জুন মাহত অসমৰ বন বিভাগে চাৰিটা অপ্ৰাপ্তবয়স্ক হাতীক আহমেদাবাদৰ প্ৰভু জগন্নাথ মন্দিৰত ৰথ যাত্ৰাত অংশ গ্ৰহণৰ বাবে প্ৰেৰণ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল।

জুনৰ ২৭ তাৰিখে অসমৰ বন বিভাগে উত্তৰ পশ্চিম ভাৰতত চলি থকা গ্ৰীষ্ম প্ৰবাহৰ বাবে অপ্ৰাপ্তবয়স্ক হাতী চাৰিটাক জগন্নাথ মন্দিৰলৈ প্ৰেৰণ কৰাৰ পৰা সাময়িকভাৱে বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

পশুপালন বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ প্ৰতি সঁহাৰি জনাই হাতী প্ৰেৰণ স্থগিত ৰখাৰ সিদ্ধান্তটো লোৱা হৈছিল।

বিশেষজ্ঞ সমিতিয়ে কৈছিল যে হাতীৰ থাৰ্মো ৰেগুলেটৰী চিষ্টেম অতি দুৰ্বল আৰু স্থানান্তৰণৰ ফলত জন্তুকেইটা গ্ৰীষ্ম প্ৰবাহত আক্ৰান্ত হ’ব পাৰে।

হাতীকেইটাক আহমেদাবাদলৈ ‘সুকলমে পৰিবহনৰ’ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশৰ পাছত বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল। এটা বেচৰকাৰী সংস্থাৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে নিৰ্দেশটো দিছিল।

উত্তৰ ভাৰতত বতৰৰ অৱস্থা উন্নত হোৱালৈ চাই অসমৰ বন বিভাগৰ বিষয়াসকলে এতিয়া হাতী চাৰিটাৰ পৰিবহনৰ বাবে আইনী আনুষ্ঠানিকতা সম্পন্ন কৰাৰ বাবে প্ৰয়াস চলাইছে।

সূত্ৰসমূহে কয় যে জগন্নাথ মন্দিৰলৈ হাতী চাৰিটা প্ৰেৰণ কৰিবলগীয়া ‘এজেন্ট’ হুকুমদৰ খান ওৰফে মুন্না খানক গুৱাহাটীৰ বন্যপ্ৰাণী শাখাৰ কাৰ্যালয়লৈ অহা দেখা গৈছিল।

অসমৰ বন্যপ্ৰাণী শাখাৰ মুৰব্বী ৰঞ্জনা গুপ্তাই এগৰাকী ডি এফ অ’ মজিদুল হুছেইনৰ সৈতে হাতী চাৰিটাক গুজৰাটলৈ প্ৰেৰণ কৰাৰ বাবে প্ৰয়োজনীয় যাৱতীয় নথিপত্ৰ প্ৰস্তুত কৰাৰ বাবে তৎপৰতাৰে কাম কৰি আছে।

মন্তব্য বিচাৰি যোগাযোগৰ বাবে বহুবাৰ চেষ্টা কৰিও ৰঞ্জনা গুপ্তাক পোৱা নগ’ল। তেওঁ তেওঁৰ মোবাইল ফোন নধৰিলে আৰু পাছত সেয়া ছুইটছ অফ কৰি ৰাখে।

এইটো নিশ্চিত যে অসমৰ বন বিভাগৰ বিষয়াসকলে গুজৰাটলৈ হাতীকেইটা প্ৰেৰণৰ বাবে ক্ষমতাশালী চক্ৰৰ পৰা এক ধৰণৰ ‘হেঁচা’ লাভ কৰিছে।

ইয়াৰ পূৰ্বে, অসমৰ বন বিভাগে হাতী চাৰিটা গুজৰাটলৈ পৰিবহনৰ বাবে অত্যন্ত ততাতয়াকৈ অনুমতি প্ৰদান কৰিছিল।

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd