ৰাজ্যত কংগ্ৰেছ শাসনকালত সংঘটিত বহু কোটি টকীয়া জলসিঞ্চন বিভাগৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত সোমবাৰে গুৱাহাটীত অপৰাধ অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন কংগ্ৰেছী বিধায়ক ইনামূল হক লস্কৰক মঙলবাৰে তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হয়।
আদালতে লস্কৰৰ জামিন আবেদন নাকচ কৰাৰ লগতে তেওঁক দুদিনৰ বাবে অপৰাধ অনুসন্ধান বিভাগে নিজৰ জিম্মাত লয়।
২০১২ চনৰ ২৬ নৱেম্বৰত জলসিঞ্চন বিভাগৰ মাথুৰ চন্দ্ৰ নাথ নামৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কাৰীয়ে আত্মহত্যা কৰিছিল।
২২ পৃষ্ঠাৰ চুইচাইড নোটত কৰ্মচাৰী গৰাকীয়ে তেওঁক বিধায়ক লস্কৰে ২০১১ চনৰ বিধানসভা নিৰ্বাচনত খৰছ কৰাৰ বাবে বিভাগটোৰ ঠিকাদাৰ সকলৰ পৰা বৃহৎ পৰিমাণত ধন সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিছিল বুলি অভিযোগ উত্থাপন কৰি গৈছিল।
উক্ত আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৰাকীৰ বিপক্ষে তেজপুৰ আৰক্ষী থানাত ১৬৫১/২০১২ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল।
পৰৱৰ্তী সময়ত গোচৰটো অপৰাধ অনুসন্ধান শাখাৰ হাতলৈ হস্তান্তৰ কৰা হয়।
উল্লেখযোগ্য যে, সোমবাৰে লস্কৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেজপুৰ আৰক্ষী মুখ্য কাৰ্য্যালয়লৈ লৈ যোৱা হয় আৰু বিষয়টো সন্দৰ্ভত সোধ-পোচ কৰা হয়।
মাথুৰ চন্দ্ৰ নাথৰ চুইচাইড নোটত প্ৰাক্তন বিধায়ক লস্কৰৰ উপৰিও অন্য পাঁচগৰাকী লোকৰ নাম ক্ৰমে অতুল ভাগৱতী, ধীৰেণ ডেকা, ত্ৰৈলক্য মোহন কলিতা, দিলীপ দাস আৰু ৰিতুপৰ্ণাৰ লগতে তিনিজন আত্মসমৰ্পনকাৰী এন ডি এফ বি সদস্যৰ নাম উল্লেখ কৰা আছিল।
আনহাতে, প্ৰাক্তন কংগ্ৰেছী বিধায়ক লস্কৰে কেলেংকাৰীৰ সৈতে তেওঁ জড়িত থকা অভিযোগ মিছা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
প্ৰয়াত মাথুৰ চন্দ্ৰ নাথৰ পৰিয়ালে প্ৰাক্তন বিধায়ক গৰাকীৰ গ্ৰেপ্তাৰক আদৰণি জনায় এইক্ষেত্ৰত ন্যায়ালয়ে উচিত ন্যায় প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে।