• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ইলেকট্ৰিক পাৱাৰ খণ্ডত কেৰিয়াৰ

সন্দীপ বৰদলৈ by সন্দীপ বৰদলৈ
November 15, 2019 11:25 am
electricity_Career in Electrical Power sector

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিদ্যুৎ” (electricity) হৈছে আহিত (চাৰ্জদ/ charged) কণাৰ সংযোগৰ ফলত উৎপাদিত এক মৌলিক ধৰণৰ শক্তি। ইংগ্লিশ্ব চিকিৎসক, পদাৰ্থবিজ্ঞানী আৰু প্ৰাকৃতিক দাৰ্শনিক উইলিয়াম গিলবাৰ্তে (এক) বিদ্যুৎ চাৰ্জৰ সঞ্চালনৰ ফলত উদ্ভৱ হোৱা পৰিঘটনাৰ বৰ্ণনা কৰিবলৈ “বিদ্যুৎ” অভিধাটো প্ৰথম প্ৰস্তাৱ কৰিছিল। গিলবাৰ্তে এই ইংগ্লিশ্ব অভিধাটো লৈছিল গ্ৰীক শব্দ ইলেকট্ৰন (Electron) আৰু লেটিন শব্দ ইলেকট্ৰিকাছ (Electricus)ৰ পৰা যাৰ অৰ্থ হৈছে ধূনা (amber)। কাৰণ প্ৰাচীন কালত মানুহে ধূনা ঘঁহি বৈদ্যুতিক পৰিঘটনা সংঘটিত কৰিছিল।

সোতৰ আৰু ওঠৰ শতিকাত বিদ্যুৎ বিষয়ক বাট মুকলি কৰাধৰণৰ কাম হৈছিল। ১৮২১ চনলৈ মাইকেল ফেৰাদেই বৈদ্যুতিক মটৰৰ নক্সা তৈয়াৰ কৰিলে আৰু ১৮২৭ চনত জৰ্জ চাইমন অ’মে বৈদ্যুতিক চাৰ্কিটৰ অংশসমূহৰ বিশ্লেষণ দাঙি ধৰিলে। নিক’লা তেছলা, তমাচ আলভা এদিছন, আলেকজেন্দাৰ গ্ৰাহাম বেল আৰু লৰ্দ কেলভিনে আগ বঢ়োৱা আনসমূহ আগশাৰীৰ কামে ঘৰুৱা সঁজুলি চলোৱা আৰু ঔদ্যোগিক যন্ত্ৰত বিদ্যুৎ শক্তি ব্যৱহাৰ সাধাৰণ মানুহলৈ আগবঢ়াই লৈ গ’ল। বৈদ্যুতিক সঁজুলিৰ চাহিদা আৰু বিদ্যুৎ সমৰ্থিত জীৱ্নৰ সুচলতা অবিহনে দ্বিতীয় ঔদ্যোগিক বিপ্লৱ (১৮৬০-১৯১৪) কেতিয়াও সংঘটিত নহ’লহেঁতেন আৰু আমাৰ এতিয়াৰ জীৱনটো বহুত বেলেগ ধৰণৰ হ’লহেঁতেন।

আজি আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে আৰু সকলো বস্তুতে বিদ্যুতৰ প্ৰয়োজন। বিদ্যুৎচালিত সঁজুলিৰ তালিকা সীমাহীন আৰু দৈনিক উৎপাদন হৈ থকা সঁজুলিবোৰো বিদ্যুৎচালিত। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰেৰে ৰূপান্তৰণ (conversion) পদ্ধতিৰে বিদ্যুৎ উৎপাদন কৰা হয়। শক্তি উৎসৰ ৰূপান্তৰ ঘটে শক্তি উৎপাদন কেন্দ্ৰত, তাৰে কিছুমান যেনে– তাপ শক্তি প্ৰকল্প, জল শক্তি প্ৰকল্প, নিউক্লিয়াৰ শক্তি প্ৰকল্প, গেছ তাৰ্বাইন শক্তি প্ৰকল্প, ডিজেল শক্তি প্ৰকল্প আদিক লৈ পৰম্পৰাগত শক্তি প্ৰকল্প গঠিত হৈছে। বিপৰীতে, সৌৰ শক্তি, বায়ু তাৰ্বাইন, বায়’-মেছ গেছিফায়াৰ, ইন্ধন কোষ, সমুদ্ৰ তাপ শক্তি ৰূপান্তৰণ, চুম্বকী-জল দাইনেমিক জেনেৰে’টৰ আদিক লৈ অপৰম্পৰাগত শক্তি প্ৰকল্পসমূহ গঠন হৈছে।

ইমানবোৰ বিভিন্ন ৰকমৰ ৰূপান্তৰণ পদ্ধতিৰ লগতে বিদ্যুৎ উৎপাদনকাৰী বিভিন্ন শক্তি প্ৰকল্পক লৈ বিদ্যুৎ শক্তি খণ্ড হৈছে যিকোনো উন্নত আৰু উন্নয়নমুখী দেশৰ অন্যতম মূল উদ্যোগ।

প্ৰাথমিকভাৱে, বৈদ্যুতিক শক্তি খণ্ড কি? ইলেকট্ৰিকেল এঞ্জিনিয়াৰসকলে “ইলেকট্ৰিকেল পাৱাৰ” অভিধাটো শুনাৰ লগে লগে ইয়াৰ উত্তৰ দিব পাৰিব। সাধাৰণ দৃষ্টিত, এক বিদ্যুৎ শক্তি ব্যৱস্থাক সাধাৰণতে বুজা যায় এক বৃহৎ নেটৱৰ্কৰূপে যি শক্তি কেন্দ্ৰ (সৰু বা ডাঙৰ)সমূহক ল’ডৰ সৈতে সংযুক্ত কৰে। বিদ্যুৎ গ্ৰিদৰ জৰিয়তে সি এখন দেশ বা এখন সমগ্ৰ মহাদেশ সামৰি ল’ব পাৰে। উইকিপিদিয়াৰমতে, এটা বিদ্যুৎ শক্তি ব্যৱস্থা হৈছে বিদ্যুৎ শক্তি যোগান, পৰিবহণ আৰু ব্যৱহাৰৰ বাবে নিযুক্ত বৈদ্যুতিক অংশসমূহৰ এক নেটৱৰ্ক। শক্তি ব্যৱস্থা নেটৱৰ্কটো উৎপাদন, বিতৰণ আৰু পৰিবহণ ব্যৱস্থাক লৈ গঠিত। ই এক ধৰণৰ শক্তি (যেনে কয়লা আৰু ডিজেল) ব্যৱহাৰ কৰে আৰু ইয়াক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।

শক্তি ব্যৱস্থাটোত ব্যৱস্থাটোৰ সৈতে সংযুক্ত চিংক্ৰনাচ জেনেৰে’টৰ, মটৰ, ট্ৰান্সফৰ্মাৰ, চাৰ্কিট ব্ৰে’কাৰ, কন্দাক্তৰ আদি সঁজুলি অন্তৰ্ভুক্ত হৈ থাকে। উদ্যোগ, চিকিৎসালয়, ব্যৱসায়িক ভৱন আৰু ঘৰত ক্ষুদ্ৰ শক্তি ব্যৱস্থা পোৱা যায়। এই ব্যৱস্থাবোৰৰ গৰিষ্ঠসংখ্যকেই আধুনিক বিশ্বৰ বৃ্হৎ শক্তি পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত মান্য ব্যৱস্থা তিনি তৰপীয়া এ’চি (AC) শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।

শক্তি ব্যৱস্থাৰ ছটা মূল অংশ হৈছে— শক্তি কেন্দ্ৰ, ট্ৰান্সফৰ্মাৰ, পৰিবহণ লাইন, উপকেন্দ্ৰ, বিতৰণ লাইন আৰু বিতৰণ ট্ৰান্সফৰ্মাৰ। শক্তি কেন্দ্ৰই উৎপাদন কৰা শক্তি– ট্ৰান্সফৰ্মাৰৰ পৰা পৰিবহণলৈকে– ষ্টেপ-আপ বা ষ্টেপ-ডাউন ৰূপৰ। পৰিবহণ লাইনে শক্তিক বিভিন্ন উপকেন্দ্ৰলৈ পৰিবহণ কৰে। উপকেন্দ্ৰৰ জৰিয়তে শক্তিখিনি পৰিবহণ কৰা হয় বিতৰণ ট্ৰান্সফৰ্মাৰলৈ যি গ্ৰাহকৰ বাবে প্ৰয়োজনীয় সঠিক পৰিমাণত শক্তিখিনি ষ্টেপ-ডাউন কৰে।

ভাৰতৰ বিদ্যুৎ শক্তি খণ্ড আচলতেই বিৰাট বৃহৎ। ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰ্যালয়ৰমতে, ভাৰতত মুঠ স্থাপিত (installed) সক্ষমতা ৰাজ্য খণ্ড (৮৬৫৯৭ মেগাৱট), কেন্দ্ৰীয় খণ্ড (১০৫০৭৭ মেগাৱট) আৰু ব্যক্তিগত খণ্ড (১৬৫১৪৪ মেগাৱট)ক সামৰি ৩৫৬৮১৮ মেগাৱট। এই বিদ্যুৎখিনি উৎপাদন হয় মূলতঃ তাপ বিদ্যুৎ প্ৰকল্প (২২৬২৭৯ মেগাৱট বা ৬৩.৪%), জল প্ৰকল্প (৪৫৩৯৯ মেগাৱট বা ১২.৭%), নিউক্লিয়াৰ শক্তি প্ৰকল্প (৬৭৮০ মেগাৱট বা ১.৯%)ত। নৱীকৰণসাধ্য শক্তি উৎস (ক্ষুদ্ৰ জল প্ৰকল্প, বায়’মেছ গেছিফায়াৰ, বায়’মেছ পাৱাৰ, নগৰ আৰু ঔদ্যোগিক আৱৰ্জনা শক্তি, সৌৰ আৰু বায়ু শক্তিক সামৰি)ই উৎপাদন কৰে ৭৮৩৫৯ মেগাৱট বা ২২% (উৎস–https://powermin.nic.in/en/content/power-sector-glance-all-india)।

ভাৰতৰ বিদ্যুৎ আৰু শক্তি খণ্ড বিশ্বৰ ভিতৰতে আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ শাখাই কেৱল নহয়, ই প্ৰতি বছৰে ২০ লাখতকৈয়ো অধিক চাকৰি প্ৰাৰ্থীক জীৱিকাৰো যোগান ধৰে। ভাৰতৰ বিদ্যুৎ আৰু শক্তি খণ্ডৰ পৰিৱৰ্তনৰ লগেলগে আৰু দেশৰ আৰ্থিক বিকাশৰ ফলত এই খণ্ডটো ইয়াৰ চাকৰিয়ালসকলৰ বাবে অন্যতম দ্ৰুত বিকশিত আৰু ব্যক্তিগত বিকাশ খণ্ডৰূপে মূৰ দাঙি উঠিছে।

ভাৰতত ২০১৯-২০ চনৰ বাবে পৰম্পৰাগত উৎসত বিদ্যুৎ উৎপাদনৰ লক্ষ্য ১৩৩০ বিলিয়ন ইউনিটৰূপে স্থিৰ কৰা হৈছে, অৰ্থাৎ আগৰ বছৰ (২০১৮-১৯)ৰ ১২৪৯.৩৩৭ বি.ইউতকৈ প্ৰায় ৬.৪৬% বেছি (উৎস–https://powermin.nic.in/en/content/power-sector-glance-all-india)। ২০১৮-১৯ চনত শক্তিৰ প্ৰয়োজনীয়তা আছিল ১২৭৪৫৯৫ মেগাৱট, কিন্তু কেৱল ১২৬৭৫২৬ মেগাৱটহে উপলব্ধ আছিল। আকৌ, মে’, ২০১৯ চনলৈকে শক্তি প্ৰয়োজনীয়তা আছিল ২২৯৪১৩ মেগাৱট, কিন্তু ২২৮৪৪১ মেগাৱটহে উপলব্ধ আছিল।

আমাৰ নিজৰাজ্যৰ প্ৰসংগলৈ মন কৰিলে, অসমৰ মুঠ শক্তি প্ৰয়োজনীয়তা হৈছে ১৫৯৯.৬৫ মেগাৱট। ইয়াৰে ৩৬৪.৭ মেগাৱট উৎপাদন কৰিছে এ পি জি চি এলে। ২০১৭ চনৰ জুলাইলৈকে ২৩১৮ খন গাওঁ সামৰি ২৭.৫ লাখ গ্ৰাম্যঘৰত বিদ্যুৎ সংযোগ কৰা হৈছে।

অসমৰ ৬৮০ মেগাৱট জল শক্তি উৎপাদনৰ ক্ষমতা আছে আৰু আনুমানিক ১৪ গিগাৱট পৰিমাণৰ সম্ভাৱনাৰে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ভিতৰত ইয়াত সৰ্বাধিক সৌৰ শক্তি উৎপাদনৰ সম্ভাৱনা আছে। তাৰোপৰি, অসমত ৯৩০.৫ মেগাৱটৰ শক্তি প্ৰকল্প নিৰ্মীয়মান অৱস্থাত আছে আৰু ১৯০১.৫ মেগাৱট প্ৰকল্প পাইপলাইনত আছে (Source: https://advantageassam.com/power)।

শক্তি উৎপাদনত ইমান বৃহৎ অগ্ৰগতিৰে সৈতে শক্তি খণ্ডত বিশেষকৈ ইলেকট্ৰিকেল এঞ্জিনিয়াৰ আৰু টেকনিচিয়ানৰ নিয়োগ বৃদ্ধিৰ সম্ভাৱনা আছে।

শক্তি কেন্দ্ৰ এটাত বিভিন্ন কাৰিকৰী আৰু ব্যৱস্থাপনা কৌশলৰ চাকৰিৰ চাহিদা থাকে। ২০২২ চনৰ ভিতৰত ভাৰত চৰকাৰে শক্তি ভোগৰ ক্ষেত্ৰত ১৮৯৪.৭ টি.ৱটআৱাৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যস্থিৰ কৰিছে আৰু সৌৰ শক্তিত ১০০ গিগাৱট আৰু বায়ু শক্তিত ৬০ গিগাৱট সামৰি নৱীকৰণযোগ্য শক্তিক্ষেত্ৰত ১৭৫ গিগাৱট উৎপাদনৰ ৰ’দমেপ প্ৰস্তুত কৰিছে। ভাৰতৰ কয়লা-নিৰ্ভৰ শক্তি উৎপাদনৰ ক্ষমতা বৰ্তমান ১৯১.০৯ গিগাৱট আৰু সেয়া গৈ ২০৪০ চনত ৩৩০-৪৪১ গিগাৱট পোৱাৰ আশা কৰা হৈছে (Source: https://www.ibef.org/industry/power-sector-india.aspx)।

এই বৃহৎ লক্ষ্যৰ ফলত শক্তি কেন্দ্ৰৰ সঠিক পৰিচালনা আৰু মেৰামতি, ঘৰ আৰু উদ্যোগলৈ শক্তিৰ পৰিবহণ আৰু বিতৰণৰ বাবে কাৰিকৰী কুশলী, ডিপ্ল’মাধাৰী, ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট, মেনেজমেণ্ট গ্ৰেজুৱেটৰ প্ৰত্যক্ষ চাহিদাৰ সৃষ্টি হোৱাৰ দিশত আগবাঢ়িছে।

ইতিমধ্যে থকা প্ৰকল্পসমূহৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে হাতত লোৱা নতুন শক্তি প্ৰকল্পসমূহ আৰু কিছু বিখ্যাত বহুজাতিক কোম্পানিৰ সক্ৰিয় অংশগ্ৰহণেৰে অহা কিছু বছৰত নতুন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট আৰু অভিজ্ঞ কাৰিকৰী ব্যক্তিৰ সন্মুখত বৃহৎ সুযোগ পৰি আছে।

আশা কৰা হৈছে যে নতুন প্ৰকল্প আৰু কেৱল চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণে আৰু কিছু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ অংশীদাৰীৰে ভাৰতৰ শক্তি খণ্ডৰ দৃশ্যপট বৃহৎ নিয়োগ সৃষ্টিৰ লগতে নতুন উচ্চতালৈ গতি কৰিব।

(লেখক সহযোগী অধ্যাপক, জি আই এম টি গুৱাহাটী)

সন্দীপ বৰদলৈ

সন্দীপ বৰদলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd