• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতী যদি গণেশ দেৱ, নাম হয়গৈ কিয় “লাদেন”?

অসমৰ বনৰ সকলো মদমত্ত হাতীকে “লাদেন” বোলা হয় আৰু সকলো “লাদেন”কে অৱশেষত নিধন কৰা হয়।

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
November 18, 2019 10:18 pm
Why named “Laden” when elephants are revered as Lord Ganesha?

“লাদেন” ওৰফে কৃষ্ণ। ছবি সৌজন্য-- টুইটাৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতীক কলা আৰু বিজ্ঞানৰ পৃষ্ঠপোষক, আৰু বোধ আৰু জ্ঞানৰ দেৱতা গণেশ দেৱ বুলি সন্মান যঁচা হয়।

কিন্তু অসমত, ভাতি খোলা বনৰীয়া মতা হাতী এটা যেতিয়া মদমত্ত হৈ পৰে, মানুহ মাৰে, তাক সহজেই নাম দিয়া হয় “লাদেন”।

Apply Now

২০০১ চনৰ ১১ চেপ্তেম্বৰত অ’চামা বিন লাদেনে ইউ এছত চাৰিটা সমন্বিত সন্ত্ৰাসবাদী আক্ৰমণেৰে সমগ্ৰ বিশ্ব কঁপাইছিল।

সোনকালেই লাদেন বিশ্ব সন্ত্ৰাসৰ আইকনত পৰিণত হ’ল কাৰণ তেওঁ হত্যা কৰিলে ২৯৯৬গৰাকী লোক, আহত হ’ল আন ২৫,০০০, আৰু হানি হ’ল ১০ বিলিয়ন ইউ এছ দলাৰৰ সম্পত্তি।

আশ্চৰ্য্যজনকভাৱে, মদমত্ত হাতী এটাক ৰাইজে “লাদেন” নাম দিয়াৰ পিছত আনকি অসমৰ বন বিভাগেও ইয়াক বিদ্ৰোহীৰূপে গণ্য কৰিবলৈ ল’লে।

২০০৪ চনত অসমৰ শোণিতপুৰ জিলাত কমেও ২৭গৰাকী লোকৰ হত্যা আৰু সা-সম্পত্তি ধ্বংসৰ বাবে জগৰীয়া আছিল এটা মদমত্ত ষাঁড় হাতী, আৰু সিও নাম পাইছিল “লাদেন”।

দুবছৰৰ ধ্বংসলীলাৰ পিছত ২০০৬ চনৰ ডিচেম্বৰত অৱশেষত হাতীটোক গুলীয়াই মৰা হৈছিল। অসমৰ বন বিভাগৰ অনুৰোধত চিকাৰী দীপেন ফুকনে তাক গুলীয়াইছিল।

পিছত, খবৰ ওলাইছিল যে এটা নিৰ্দোষ হাতীক গুলীয়াই মৰা হৈছিল, আৰু সি “লাদেন” নাছিল।

বন্যপ্ৰাণী কৰ্মীসকলে অভিযোগ কৰিছিল যে “লাদেন”ৰ সৈতে ফুট প্ৰিণ্ট, আকাৰ আৰু আন চিনাক্তকাৰী চিনবোৰ মিলাই নোচোৱাকৈয়ে হাতীটোক লৰালৰিকৈ পুতি পেলোৱা হৈছিল।

২০০৮ চনত আকৌ আন এটা হাতীক “লাদেন” নাম দিয়া হৈছিল—তাক গুলীয়াই মৰা হৈছিল ঝাৰখণ্ডত— সি ১১গৰাকীতকৈ অধিক লোকক নিধন কৰিছিল আৰু কেইবাদজনো আঘাতপ্ৰাপ্ত হৈছিল।

ৰংজুলিত যোৱা ১১ নৱেম্বৰত ট্ৰেংকুইলাইজ কৰা হাতীটোও আচলতে “লাদেন” নাছিল।

পিছত, ট্ৰেংকুইলাইজদ হাতীটোক নাম দিয়া হৈছিল কৃষ্ণ, আৰু কাৰ্দিয়াক এৰেষ্ট হৈ দেওবাৰে তাৰ অ’ৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হৈছিল।

দুবছৰ আগতে, গোৱালপাৰাৰ হাবিত আন এটা মদমত্ত বনৰীয়া মতা হাতীয়ে সন্ত্ৰাসৰ ৰাজত্ব চলাইছিল। তাৰো নাম দিয়া হৈছিল “লাদেন”।

অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰমতে, মদমত্ত “লাদেন”ৰ ২০১৮ চনতে স্বাভাৱিক মৃত্যু ঘটিছিল, আৰু সেই মৃত্যুৰ তথ্য চৰকাৰী জৰীপত সন্নিৱিষ্ট কৰা হৈছিল।

দুৰ্ভাগ্যজনক যে অসমৰ বনৰ সকলো মদমত্ত হাতীকে “লাদেন” বোলা হয়।

আৰু সকলো “লাদেন”কে অৱশেষত নিধন কৰা হয়।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd