• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘জাতিধ্বংসী’ বিধেয়কৰ বিৰুদ্ধে অসম আন্দোলনতকৈও ভয়াৱহ আন্দোলনৰ বাবে সাজু কটনিয়ান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 2, 2019 5:43 pm
e1cf0a62-a986-4b67-baf9-0d21a851e7b1

ফাইল ফটো : কেবৰ বিৰোধিতাৰে কটনিয়ানৰ প্ৰতিবাদ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কাৰ্য্যসূচী অব্যাহত ৰাখিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। অসম তথা অসমীয়াৰ স্বাৰ্থ বিপন্ন কৰিব পৰা বিধেয়কখন সদনত গৃহীত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে তৎপৰ হৈ থকাৰ সময়তে বিধেয়কখন বাতিলৰ দাবীৰে ছবছৰজোৰা ঐতিহাসিক অসম আন্দোলনতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।

সোমবাৰে বিশ্ববিদ্যালয়খনৰ ‘এলমনাই’ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজে ‘জাতিধ্বংসী’ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰদ্ধে কেইবালানিও প্ৰতিবাদী কাৰ্য্যসূচীৰ কথা ঘোষণা কৰে।

Apply Now

সেই অনুসৰি অহা ৬ ডিচেম্বৰত দিনৰ ১১ বজাৰ পৰা কটন বিশ্ববিদ্যালয় চৌহদত ‘ৰণ হুংকাৰ’ নামেৰে এটা গণ ধৰ্মঘট কাৰ্য্যসূচী অনুষ্ঠিত হ’ব। এই গণ ধৰ্মঘটত সৰ্বস্তৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী ৰাইজক উপস্থিত থকাৰ আহ্বান জনায় কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে।

অসম আন্দোলনৰ ৮৫৫ গৰাকী চহিদৰ হৈ কটন বিশ্ববিদ্যালয়ৰ প্ৰায় পাঁচ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ আন এক সিদ্ধান্ত গ্ৰহণ কৰিছে ছাত্ৰ-ছাত্ৰী সকলে। লগতে অসমীয়াৰ স্বাভিমান গামোচা প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰি অসমীয়াৰ স্বকীয়তাত আঘাত হানিব পৰা বিধেয়কখন বাতিলৰ দাবী জনাব বুলিও সংবাদমেলত জানিবলৈ দিয়ে।

লগতে প্ৰয়োজন সাপেক্ষে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসূচীও গ্ৰহণ কৰিব বুলি ছাত্ৰ সমাজে প্ৰকাশ কৰে।

ইয়াৰ উপৰি বিধেয়কখনৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এটা সাংস্কৃতিক প্ৰতিবাদ কাৰ্য্যসূচীও গ্ৰহণ কৰিব। সমান্তৰালভাৱে কটন বিশ্ববিদ্যালয়ত ছাত্ৰ-সমাজে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে স্বাক্ষৰ অভিযান অব্যাহত ৰাখিছে।

ইয়াৰ লগতে কটন বিশ্ববিদ্যালয় চৌহদত বিজেপি, আৰ এছ এছ, এ বি ভি পি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থক সকলৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে কটনৰ ছাত্ৰ সমাজে।

এই সংবাদমেলতেই প্ৰাক্তন কটনিয়ান বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত ‘জয় বাংলাদেশ’  ধ্বনি দিয়াৰ বাবে কটনৰ ছাত্ৰ সমাজে ধিক্কাৰ প্ৰদান কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিব বুলিও প্ৰকাশ কৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো কঠোৰ ভাষাৰে সমালোচনা কৰে কটনৰ ছাত্ৰ সমাজে।

কটন কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই সংবাদমেলত কয়, ‘সৰ্বানন্দ সোণোৱাল, চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে নেতাৰ নাম শুনিলে পাপ লাগে। তেওঁলোকক ৰাজহুৱা স্থানত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। সেইসকলে জাতিৰ আবেগৰ লগত খেলিছে’।

bc2c80ad-cc80-47d8-9a1e-bf60c299112e
আজিৰ সংবাদমেল।
ফটো : নৰ্থ-ইষ্ট নাও

ঠাকুৰীয়াই কংগ্ৰেছ দলকো দুমুখীয়া স্থিতি লৈ থকা বুলি মন্তব্য কৰি কয় যে কংগ্ৰেছেও স্থিতি স্পষ্ট কৰিব লাগে, তেওঁলোকৰ ব্ৰহ্মপুত্ৰ উপত্যকাত এটা স্থিতি, বৰাক উপত্যকাত আন এটা স্থিতি।

একেদৰে অগপৰ স্থিতিক গৰিহণা দিয়ে আন এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক অম্লানজ্যোতি দেউৰীয়ে। তেওঁ লগতে এই পৰ্য্যন্ত যি সমুহ জাতীয়-জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি লোৱা নাই তেনে সংগঠন আৰু নেতা কৰ্মীক ৰাজহুৱাভাৱে বৰ্জন কৰাৰ আহ্বান জনায়।

এই সংবাদমেলতেই অগপ, অসম সাহিত্য সভা আৰু বি পি এফক স্থিতি স্পষ্ট কৰাৰ দাবী জনায় কটন কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বীপজ্যোতি দাসে।

‘নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ ৰাইজ, ছাত্ৰ সমাজ অসন্তুষ্ট। এই সময়ত অগপ আৰু বি পি এফৰ স্থিতি কি অসমৰ ৰাইজে জানিব বিচাৰে’, দ্বীপজ্যোতি দাসে কয়।

CAB বিৰোধী এই আন্দোলনক অসমৰ গাঁৱে ভূঞে প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে কটনৰ ছাত্ৰ সমাজে পদক্ষেপ গ্ৰহণ কৰিছে। পৰীক্ষাৰ পাছত ঘৰলৈ যোৱা কটনিয়ানে ঘৰে-ঘৰে, গাঁৱে-গাঁৱে বিধেয়কখনৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ বাবে কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলিও এই সংবাদমেলত ছাত্ৰ সমাজে জানিবলৈ দিয়ে।

উল্লেখ্য যে, পূৰ্বৰ কটন কলেজ আৰু বৰ্তমানৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন আৰু এতিয়াৰ বহুকেইগৰাকী বিষয়ববীয়াই ইতিমধ্যেই এই আন্দোলনত সহযোগ আগবঢ়াইছে। তেওঁলোকে আন আন প্ৰাক্তন কটনিয়ান তথা ছাত্ৰ একতা সভাৰ পূৰ্বৰ বিষয়ববীয়া সকলকো সহযোগ আগবঢ়াবলৈ আহ্বান জনাইছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd