• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ’ল লুইতৰ বুকুত চলিব লগা জাহাজ, চলিছে গংগাত

অভিযোগমতে গোটেই প্ৰক্ৰিয়াটোতে উপেক্ষিত হৈছে অসমৰ থলুৱা উদ্যোগী।

অনুপ শৰ্মা by অনুপ শৰ্মা
December 2, 2019 10:57 pm
Assam govt’s sincerity in revamping river transport questioned, Barges meant for Brahmaputra leased out to operate on Ganga

ধুবৰীত পৰি থকা আৰ পি এল কাজিৰঙা।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নদী পৰিবহণ উন্নত কৰা বুলি ঢোল পিটি আহিলেও, অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ শেহতীয়া কিছু কাৰ্য্য-কলাপে চৰকাৰী নিষ্ঠাৰ ওপৰত প্ৰশ্ন তুলিছে।

ব্ৰহ্মপুত্ৰত চলিব লগা কিছুমান জাহাজ বিভাগটোৱে শেহতীয়াকৈ ক’লকাতাৰ কিছু গোষ্ঠীক লীজত দি দিছে।

Apply Now

গংগা-ভাগিৰথী-হুগলি নৈৰ ৰাষ্ট্ৰীয় জলপথ নং ১ত চলাবলৈ এই জাহাজসমূহ ইতিমধ্যে লৈ যোৱা হৈছে।

কিন্তু, অভিযোগমতে গোটেই প্ৰক্ৰিয়াটোতে উপেক্ষিত হৈছে অসমৰ থলুৱা উদ্যোগী।

“আমাৰ চৰকাৰখনে জাতি, মাটি, ভেটিৰ কথা কয়। আৰু আমি ল’কেল উদ্যমীসকলক সুযোগ নিদিয়ে,” তেওঁ কয়।

গংগাত চলাবলৈ নিয়া জাহাজসমূহ চলিব লগা আছিল ব্ৰহ্মপুত্ৰৰ বুকুত, শদিয়াৰ পৰা ধুবৰীৰ মাজত।

“এই জাহাজসমূহ চলিব লগা আছিল ২নং ৰাষ্ট্ৰীয় জল পথত, শদিয়াৰ পৰা ধুবৰীলৈ ৮৯১ কি. মি. পথত,” চৰকাৰৰ নিষ্ঠাত প্ৰশ্ন তুলি অসমৰ উদ্যোগীজনে কয়।

অসমৰ উদ্যোগীসকলেও জাহাজসমূহৰ বাবে অনুষ্ঠিত শেহতীয়া নিবিদা প্ৰক্ৰিয়াত ভাগ লৈছিল। কিন্তু থলুৱাক অগ্ৰাধিকাৰ নিদি সেইসমূহ অসমৰ বাহিৰৰ কোম্পানিক দিয়া হ’ল।

“আমি তিনিখন জাহাজৰ বাবে নিবিদা দাখিল কৰিছিলো—টি এফ গৌৰীসাগৰ (Terminal facility 500 MT), ডি এল বি ৰংঘৰ (Deck Loading Barge 500 MT) আৰু পি টি আৰিমত্ত (Pusher Tug 800 MT); কাৰণ এই তিনিওখন বাণিজ্যিক ভেছেল গুৱাহাটীকেন্দ্ৰিক আছিল,” তেওঁ কয়।

কিন্তু, চৰকাৰী বিভাগটোৱে টি এফ গৌৰীসাগৰৰ বাবেহে কেৱল তেওঁলোকৰ নিবিদা গ্ৰহণ কৰে।

“গৌৰীসাগৰৰ পৰা আমাৰ একো কাম হ’ব লগা নাই কাৰণ বাকী ৰংঘৰ আৰু আৰিমত্ত দুখন ামি নাপালো,” তেওঁ কয়।

কিয়? কাৰণ, এই তিনিওখন জাহাজ চলোৱা হয় এটা গোট (cluster) হিচাপে।

“পুশ্বাৰ টাগ এখন কেৱল ল’দিং জাহাজ টনাৰ বাবেহে ব্যৱহাৰ কৰা হয় আৰু ডেক ল’দিং জাহাজ গৌৰীসাগৰ আমাৰ একো কামত নাহিব,” তেওঁ কয়।

ক’লকাতাৰ কোম্পানি ইষ্টাৰ্ন নেভিগে’চন আৰু ৰীচ্চ এছিয়াই (দুয়োটাৰে মালিক একেজনেই) ২০০৮ চনৰ পৰাই অসমৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কমেও ১০খন জাহাজ চলাই আছে।

“লীজৰ ম্যাদ শেষ হ’লেই এই জাহাজসমূহ বিভাগৰ ক’লকাতা, নহ’লে ধুবৰীত থকা ষ্টে’চনত পেলাই থোৱা হয়,” তেওঁ কয়।

নৰ্থইষ্ট নাওৰ অনুসন্ধানত ধুবৰীত এনেদৰে পেলাই ৰখা কিছু জাহাজৰ পুতৌজনক অৱস্থাও পোহৰলৈ আহিছে।

ধুবৰীত পেলাই থোৱা এনে এখন জাহাজ হৈছে আৰ পি এল কাজিৰঙা।

কাজিৰঙাখন চলিছিল ৰাষ্ট্ৰীয় জল পথ ১ত। পানীৰ লৱণে জাহাজখন এতিয়া মেৰামতি কৰিব নোৱাৰা অৱস্থা কৰি পেলাইছে।

তাৎপৰ্য্যপূৰ্ণ কথাটো হৈছে, অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে এক প্ৰকল্প আৰম্ভ কৰাৰ সময়তে এই কথা পোহৰলৈ আহিছে।

ভাৰত চৰকাৰে প্ৰকল্পটোৰ বাবে ১২০ মিলিয়ন ইউ এছ ডলাৰৰ সাহায্য বিচাৰি বিশ্ব বেংকক অনুৰোধ জনাইছে।

এই পদক্ষেপৰ পৰৱৰ্তী ব্যৱস্থাৰূপেই প্ৰকল্পটো আৰম্ভ কৰা হৈছে।

অনুপ শৰ্মা

অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd