• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আডছুৰ উদ্যোগত হাফলঙত মমবাতি লৈ সমদল; কেব বিৰোধিতাৰে উত্তাল পাহাৰীয়া জিলা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 14, 2019 7:22 am
IMG_20191213_175447

হাফলঙত কেব বিৰোধী প্রতিবাদ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেব বিৰোধী প্ৰতিবাদ কৰিবলৈ গৈ গুৱাহাটী আৰু উজনি অসমৰ ডিব্ৰুগড়ত মৃত্যু হোৱা চাৰি গৰাকী যুৱকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শুকুৰবাৰে অল ডিমাচা ষ্টুডেন্ট য়ুনিয়ন (আডছু)ৰ উদ্যোগত হাফলং চহৰৰ ৰাজপথত এক মৌন সমদল উলিওৱা হয়।

হাতে হাতে মমবাতি লৈ  হাফলঙৰ বিভিন্ন ভাষা-ভাষী জাতি-জনগোষ্ঠীৰ ৰাইজে উক্ত সমদলত অংশ লয়।

Apply Now

সমদলত ডিমাচা উইমেন ছচাইটি, হিলছ্ ট্ৰাইবছ্ ষ্টুডেন্ট এছচিয়েছন আৰু ডিমাচা মাডাৰ্ছ এছ’চিয়েছনৰ সদস্য সকলেও ভাগ লয়।

হাতে হাতে মমবাতি লৈ হাফলং লালফিল্ডৰ পৰা মৌন প্ৰতিবাদী সমদলৰ আৰম্ভ হৈ হাফলং ৰাজপথৰ উপৰি  চিনোড ৰটাৰিৰ মাজেৰে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়  চৌহদ আৰু তাৰ পৰা পৰিষদ ৰটাৰি পৰিক্ৰমা কৰি পুনৰ লালফিল্ডত আহি বিশাল সমদলৰ সামৰণি পৰে।

ডিমাচা উইমেন ছচাইটিৰ কেন্দ্ৰীয় সভানেত্ৰী ৰিঙমিলা হোজাইয়ে কয় যে অসমক আমি অবৈধ বিদেশীৰ বিচৰণ ভূমি হবলৈ কেতিয়াও নিদিওঁ। তেওঁ কয় যে ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে আমাৰ লগত প্ৰতাৰণা কৰিছে। কেব সংসদত উত্থাপিত হোৱাৰ আগৰ পৰা প্ৰতিবাদ জনাই অহাৰ পাছতো ৰজাঘৰীয়াই আমাৰ কথা নুশুনিলে। ৰাইজৰ প্ৰতিবাদ আওকাণ কৰি ইতিমধ্যে কেব আইনত পৰিণত হ’ল। আৰু ইয়াৰ প্ৰতিবাদ কৰিবলৈ গৈ চাৰিজনকৈ যুবক নিৰাপত্তা বাহিনীৰ বন্দুকৰ গুলিত প্ৰাণ দিব লগা হ’ল।

ৰিঙমিলা হোজাইয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাক লক্ষ্য কৰি লৈ ক্ষোভ ব্যক্ত কৰে। হোজাইয়ে কয় যে শৰীৰত শেষবিন্দু তেজ থকালৈকে আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি যাম।

ডিমাচা মাডাৰ্ছ এছ’চিয়েছনৰ সভানেত্ৰী এগনেছ গাৰ্লচায়ো বিধেয়কখনক লৈ ক্ষোভত ফাটি পৰে। গাৰ্লচাই চৰকাৰৰ অসম বিৰোধী কাম কাজৰ তীব্ৰ সমালোচনা কৰে।

তেওঁ কয় যে চৰকাৰে ডিমা হাচাওক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বা আইনৰ পৰা বাহিৰত ৰাখিছে যদিও অসমৰ আন আন প্ৰান্তত এই আইন প্ৰনয়ন কৰা হ’ব যাৰ আমি প্ৰতিবাদ কৰিছো। গাৰ্ল’চাই চৰকাৰৰ সমালোচনা কৰি কয় যে বিজেপি চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ মাত মাতি ক্ষমতালৈ আহি জাতি-মাটি-ভেটি বিদেশীৰ হাতত গতাই দিয়াৰ প্ৰতিযোগিতাত নামিছে। ইয়াৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছে আৰু চলি থাকিব।

উল্লেখ্য যে সমদলৰ সামৰণিৰ প্ৰাক্ মুহুৰ্তত নিৰাপত্তাৰক্ষীৰ গুলিত মৃত্যু হোৱা চাৰি যুবকৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট নিৰৱতা পালন কৰা হয়।

আডছু সাধাৰণ সম্পাদক পৃথ্বীৰাজ হোজাইয়ে কয় যে আজি আমি অকল মৃতকৰ প্ৰতি শ্ৰদ্ধা জনাই এই মৌন সমদল উলিয়াইছো আৰু অহা সোমবাৰে কেবৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হ’ব।

সমদলত হাফলঙৰ কংগ্ৰেছ পৰিষদৰ প্ৰতিনিধি  ড্যানিয়া লাংথাছায়ো অংশ লৈ বিজেপি চৰকাৰৰ অসম বিৰোধী ষড়যন্ত্ৰৰ সমালোচনা কৰে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd