• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আডছুৰ উদ্যোগত হাফলঙত মমবাতি লৈ সমদল; কেব বিৰোধিতাৰে উত্তাল পাহাৰীয়া জিলা

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , December 14, 2019 7:25 am

2 min read

IMG_20191213_175447

হাফলঙত কেব বিৰোধী প্রতিবাদ। ফটো: নৰ্থইষ্ট নাও

559
VIEWS
Share on FacebookShare on Twitter

কেব বিৰোধী প্ৰতিবাদ কৰিবলৈ গৈ গুৱাহাটী আৰু উজনি অসমৰ ডিব্ৰুগড়ত মৃত্যু হোৱা চাৰি গৰাকী যুৱকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শুকুৰবাৰে অল ডিমাচা ষ্টুডেন্ট য়ুনিয়ন (আডছু)ৰ উদ্যোগত হাফলং চহৰৰ ৰাজপথত এক মৌন সমদল উলিওৱা হয়।

হাতে হাতে মমবাতি লৈ  হাফলঙৰ বিভিন্ন ভাষা-ভাষী জাতি-জনগোষ্ঠীৰ ৰাইজে উক্ত সমদলত অংশ লয়।

সমদলত ডিমাচা উইমেন ছচাইটি, হিলছ্ ট্ৰাইবছ্ ষ্টুডেন্ট এছচিয়েছন আৰু ডিমাচা মাডাৰ্ছ এছ’চিয়েছনৰ সদস্য সকলেও ভাগ লয়।

হাতে হাতে মমবাতি লৈ হাফলং লালফিল্ডৰ পৰা মৌন প্ৰতিবাদী সমদলৰ আৰম্ভ হৈ হাফলং ৰাজপথৰ উপৰি  চিনোড ৰটাৰিৰ মাজেৰে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়  চৌহদ আৰু তাৰ পৰা পৰিষদ ৰটাৰি পৰিক্ৰমা কৰি পুনৰ লালফিল্ডত আহি বিশাল সমদলৰ সামৰণি পৰে।

ডিমাচা উইমেন ছচাইটিৰ কেন্দ্ৰীয় সভানেত্ৰী ৰিঙমিলা হোজাইয়ে কয় যে অসমক আমি অবৈধ বিদেশীৰ বিচৰণ ভূমি হবলৈ কেতিয়াও নিদিওঁ। তেওঁ কয় যে ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে আমাৰ লগত প্ৰতাৰণা কৰিছে। কেব সংসদত উত্থাপিত হোৱাৰ আগৰ পৰা প্ৰতিবাদ জনাই অহাৰ পাছতো ৰজাঘৰীয়াই আমাৰ কথা নুশুনিলে। ৰাইজৰ প্ৰতিবাদ আওকাণ কৰি ইতিমধ্যে কেব আইনত পৰিণত হ’ল। আৰু ইয়াৰ প্ৰতিবাদ কৰিবলৈ গৈ চাৰিজনকৈ যুবক নিৰাপত্তা বাহিনীৰ বন্দুকৰ গুলিত প্ৰাণ দিব লগা হ’ল।

ৰিঙমিলা হোজাইয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাক লক্ষ্য কৰি লৈ ক্ষোভ ব্যক্ত কৰে। হোজাইয়ে কয় যে শৰীৰত শেষবিন্দু তেজ থকালৈকে আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি যাম।

ডিমাচা মাডাৰ্ছ এছ’চিয়েছনৰ সভানেত্ৰী এগনেছ গাৰ্লচায়ো বিধেয়কখনক লৈ ক্ষোভত ফাটি পৰে। গাৰ্লচাই চৰকাৰৰ অসম বিৰোধী কাম কাজৰ তীব্ৰ সমালোচনা কৰে।

তেওঁ কয় যে চৰকাৰে ডিমা হাচাওক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বা আইনৰ পৰা বাহিৰত ৰাখিছে যদিও অসমৰ আন আন প্ৰান্তত এই আইন প্ৰনয়ন কৰা হ’ব যাৰ আমি প্ৰতিবাদ কৰিছো। গাৰ্ল’চাই চৰকাৰৰ সমালোচনা কৰি কয় যে বিজেপি চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ মাত মাতি ক্ষমতালৈ আহি জাতি-মাটি-ভেটি বিদেশীৰ হাতত গতাই দিয়াৰ প্ৰতিযোগিতাত নামিছে। ইয়াৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছে আৰু চলি থাকিব।

উল্লেখ্য যে সমদলৰ সামৰণিৰ প্ৰাক্ মুহুৰ্তত নিৰাপত্তাৰক্ষীৰ গুলিত মৃত্যু হোৱা চাৰি যুবকৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট নিৰৱতা পালন কৰা হয়।

আডছু সাধাৰণ সম্পাদক পৃথ্বীৰাজ হোজাইয়ে কয় যে আজি আমি অকল মৃতকৰ প্ৰতি শ্ৰদ্ধা জনাই এই মৌন সমদল উলিয়াইছো আৰু অহা সোমবাৰে কেবৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হ’ব।

সমদলত হাফলঙৰ কংগ্ৰেছ পৰিষদৰ প্ৰতিনিধি  ড্যানিয়া লাংথাছায়ো অংশ লৈ বিজেপি চৰকাৰৰ অসম বিৰোধী ষড়যন্ত্ৰৰ সমালোচনা কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd