• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙালৈ অহা পৰ্য্যটকো নামিল বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায়ত; এজনক গ্ৰেপ্তাৰ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
January 12, 2020 7:51 pm
Hog-Deer-750x376

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এশিঙীয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা চাবলৈ অসমলৈ অহা পৰ্য্যটক এতিয়া চোৰাং চিকাৰীত পৰিণত হোৱাৰ লগতে বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায়ত জড়িত হৈছে।

৭ জানুৱাৰিত বৰঝাৰ বিমান বন্দৰত নিৰাপত্তা কৰ্মীয়ে গুৰগাৱঁৰ পৰা অহা এজন পৰ্য্যটকে বন্যপ্ৰাণীৰ অংগ সৰবৰাহ কৰিবলৈ ধৰোঁতেই ধৰা পেলায়। এইবোৰ আছিল বিপন্ন প্ৰজাতিৰ পহুৰ শিং।

Apply Now

পৰ্য্যটকজন হাৰিয়ানাৰ গুৰগাৱঁৰ স্বপন কুমাৰ দত্ত (৬৮) আৰু তেওঁ এজন অৱসৰপ্ৰাপ্ত অভিযন্তা, অসম আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক কয়।

“দত্তই স্বীকাৰ কৰিছে যে তেওঁ শিংকেইটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰোঁতে এজন চোৰাং চিকাৰীৰ পৰা লৈছিল”, এজন আৰক্ষী বিষয়াই কয়।

বিষয়াজনৰ মতে, পৰ্য্যটকজনৰ পৰা তিনিটাকৈ শিং উদ্ধাৰ কৰা হৈছে আৰু এইকেইটা সুগৰী পহুৰ শিং।

“উদ্ধাৰ কৰা শিং তিনিটাৰ ভিতৰত আছে সুগৰী পহুৰ দুটীয়া (যুৰীয়া) আৰু এটীয়া শিং”, আৰক্ষী বিষয়াজনে নৰ্থ-ইষ্ট নাওক জনায়।

পৰ্য্যটকজনে এইকেইটা গুৰগাৱঁৰ এজন গ্ৰাহকক বিক্ৰীৰ বাবে সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে।

সুগৰী পহু (ইংৰাজী- hog deer বৈজ্ঞানিক নাম- Hyelaphus porcinus) এবিধ বিপন্ন প্ৰজাতিৰ হৰিণ আৰু বন্য প্ৰাণী সংৰক্ষণ আইন ১৯৭২-ৰ অধীনত ইয়াক ১ নং সূচীত অন্তৰ্ভুক্ত কৰা হৈছে।

ভাৰতত সুগৰী পহু চিকাৰ কৰাটো এটা ফৌজদাৰী অপৰাধ। ইয়াৰ চোৰাং চিকাৰ বা ইয়াৰ অংগৰ চোৰাং সৰবৰাহত জড়িত ব্যক্তিৰ নিম্নতম ৭ বছৰ কাৰাবাস হ’ব পাৰে।

২০১৯ চনত এনেকুৱা এটা গোচৰত তিনিচুকীয়া জিলাৰ অতিৰিক্ত খণ্ড বিচাৰপীঠে আশিক বৰুৱা নামৰ লোকক সুগৰী পহু হত্যা কৰাৰ অপৰাধত ৭ বছৰ কাৰাবাসৰ ৰায় দিয়ে। তেওঁক লগতে ৫০ হাজাৰ টকাৰ জৰিমনাও বিহা হয়।

৮ জানুৱাৰিত কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত পৰ্য্যটকজনক ৩০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

অৱশ্যে বন্যপ্ৰাণীৰ অংগৰ চোৰাং সৰবৰাহৰ ঘটনাটো সন্দৰ্ভত বন বিভাগে মৌনতাহে অৱলম্বন কৰে।

আৰক্ষী বিষয়াসকলৰ মতে বন বিভাগে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে আৰু পৰ্য্যটকজনক জেৰা কৰিব খুজিছে।

“বন বিভাগে শিংকেইটা পৰ্য্যটকজনে ক’ৰ পৰা সংগ্ৰহ কৰিছিল, সেইটো জানিব বিচাৰিছে”, আৰক্ষী বিষয়া এজনে কয়।

উল্লেখ কৰিব পাৰি যে য়ুনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কাজিৰঙাক অসম চৰকাৰে অসমৰ অন্যতম পৰ্য্যটন ক্ষেত্ৰ হিচাপে দেখুৱাই আহিছে আৰু ৰাজ্যখনলৈ পৰ্য্যটনৰ সোঁতটোৰ ইয়েই হ’ল প্ৰধান লক্ষ্য।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd