পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰিবলৈ গৈ ৰাজ্যখনৰ বিজেপি সভাপতি দিলীপ ঘোষে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মৃত্যুক সাবটি লোৱা অসমৰ চহিদসকলৰ প্ৰতি চৰম অপমানসূচক মন্তব্য কৰিছে।
‘কা’ৰ বিৰোধী প্ৰতিবাদত ‘ৰাজহুৱা সম্পত্তি নষ্ট কৰা’সকলৰ ওপৰত ভোটৰ স্বাৰ্থত মমতা বেনাৰ্জী চৰকাৰে একো ব্যৱস্থা লোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘অসম, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত থকা আমাৰ চৰকাৰে এই মানুহবিলাকক কুকুৰৰ দৰে গুলীয়াই মাৰিছে।‘
Dilip Ghosh, West Bengal BJP President: Didi's (Mamata Banerjee) police didn't take action against the people who destroyed public properties as they are her voters. Our govt in UP, Assam and Karnataka has shot these people like dogs. (12.1.2020) pic.twitter.com/iJegmRHXpx
— ANI (@ANI) January 13, 2020
দেওবাৰে পশ্চিম বংগৰ নাডিয়াত বিজেপিয়ে নাগৰিকত্ব (সংশোধন) আইনৰ সমৰ্থনত অনুষ্ঠিত কৰা এখন জনসভাত ভাষণ দি দিলীপ ঘোষে এই মন্তব্য কৰে।
প্ৰতিবাদত ৰাজহুৱা সম্পত্তি নষ্ট কৰাসকলক উদ্দেশ্যি তেওঁ কয়, ‘তেওঁলোকে ৰাজহুৱা সম্পত্তি সমূহ কাৰ বুলি ভাবিছে? তেওঁলোকৰ বাপেকৰ? …. তোমালোকে ইয়াত আহিবা, আমাৰ খাদ্য খাবা, থাকিবা আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰিবা। এইয়া তোমালোকৰ জমিদাৰী নেকি?’
‘আমি তোমালোকক লাঠীৰে কোবাম, গুলীয়াই দিম আৰু জে’লত ভৰাই থম’ তেওঁ লগতে কয়।
Dilip Ghosh,West Bengal BJP President: You will come here, eat our food, stay here and damage public properties. Is it your zamindari? We will bash you with lathis, shoot you, and put you in jail. (12.1.2020) https://t.co/LcFZTrpYPj
— ANI (@ANI) January 13, 2020