• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি বিদাই অবিহনে এন ডি এফ বিৰে শান্তি আলোচনা “অসমাপ্ত”!

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
January 14, 2020 6:45 pm
G-Bidai-750x375

জি বিদাই। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন ডি এফ বিৰ সৈতে নতুন দিল্লীয়ে কৰিব খোজা শান্তিচুক্তি “অসমাপ্ত” হৈ ৰ’ব, যদিহে চুক্তিৰ পৰা দুৰ্ধৰ্ষ বিদ্ৰোহী জি বিদাইক আঁতৰাই ৰখা হয়।

জানিব পৰা মতে, গৃহ মন্ত্ৰ্যালয়ে শান্তিচুক্তিৰ বাবে এখন খচৰা প্ৰস্তুত কৰি আছে, য’ত সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ তিনিটা গোটক (faction) জড়িত কৰা হৈছে।

Apply Now

শেহতীয়া অগ্ৰগতি হ’ল, এন ডি এফ বিৰ চাওৰাইগৱৰা গোটটোৱে হিংসা পৰিহাৰ কৰি শান্তি প্ৰক্ৰিয়াত যোগ দিয়াৰ সিদ্ধান্ত লৈছে।

গোটটোৰ অধ্যক্ষ বি চাওৰাইগৱৰাই গৃহ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াক লগ কৰি আলোচনা আৰম্ভ কৰিবলৈ ইতিমধ্যে নতুন দিল্লীলৈ ৰাওনা হৈছে।

এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে এন ডি এফ বিৰ চাওৰাইগৱৰা গোটৰ প্ৰায় ৫০জনীয়া সদস্যৰ এটা দল ম্যানমাৰৰ পৰা আহি ইতিমধ্যে অসমত উপস্থিত হৈছে। কেডাৰসকলক নাগালেণ্ডৰ মন জিলাৰ মাজেৰে মুক্তভাৱে আহিবলৈ দিয়া হয় আৰু তেওঁলোকক এতিয়া নামনি অসমৰ এটা সেনা নিৱাসত ৰখা হৈছে।

চাওৰাইগৱৰা গোটটো হ’ল নতুন দিল্লীৰ সৈতে শান্তি আলোচনাত থকা এন ডি এফ বিৰ তৃতীয়টো গোট।

ইয়াৰ পূৰ্বে, ২০০৫ চনত এন ডি এফ বিৰ প্ৰগ্ৰেছিভ গোটটোৱে নতুন দিল্লীৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰিছিল।

এন ডি এফ বিৰ প্ৰগ্ৰেছিভ গোটৰ ৩০০-তকৈও অধিক সদস্য এতিয়া ওদালগুৰি, বাক্সা, আৰু কোকৰাঝাৰত থকা চৰকাৰ অনুমোদিত তিনিটা ডেজিগনেটেড কেম্পত আছে।

এন ডি এফ বিৰ প্ৰতিষ্ঠাপক ৰঞ্জন দৈমাৰীক ২০১০ চনত বাংলাদেশত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পিছত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

২০১৩ চনত কাৰাগাৰৰ পৰা মুক্ত হোৱা দৈমাৰীক আদালতে ৰাজহুৱা সভাত ভাগ লোৱা আৰু সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাত বাধা দি চৰ্তাৱলী আৰোপ কৰিছিল।

এন ডি এফ বি প্ৰগ্ৰেছিভৰ পিছত সংগঠনটোৰ ৰঞ্জন দৈমাৰী গোটটোৱেও নতুন দিল্লীৰ সৈতে শান্তি প্ৰক্ৰিয়াত যোগদান কৰে।

১৫ বছৰীয়া শান্তি আলোচনাৰ পিছত এন ডি এফ বি কেডাৰসকলেস এতিয়া নতুন দিল্লীৰ সৈতে এটা সামগ্ৰিক শান্তিচুক্তিৰ ৰেঙনি দেখা পাইছে।

কিন্তু সাধাৰণ বড়ো ৰাইজক এতিয়া এটা ডাঙৰ প্ৰশ্নই খুন্দিয়াবলৈ আৰম্ভ কৰিছে- এন ডি এফ বি (এছ)ৰ মুখ্য সেনাধ্যক্ষ জি বিদাই ওৰফে বিষ্ণু গয়াৰীক প্ৰক্ৰিয়াটোৰ পৰা আঁতৰাই ৰাখিলে শান্তি আলোচনা কামত আহিব নে?

মুখ্য সেনাধ্যক্ষ হোৱাৰ উপৰি বিদাই এন ডি এফ বি (এছ)ৰ উপাধ্যক্ষও।

চোৰাংচোৱাৰ এটা সূত্ৰই কৈছে যে দুৰ্ধৰ্ষ নেতাজনে নতুন দিল্লীৰ সৈতে শান্তি প্ৰক্ৰিয়াত যোগ দিয়াৰ কোনো লক্ষণ দেখুওৱা নাই।

২০১৪ চনৰ ডিচেম্বৰত অসমৰ শোণিতপুৰ জিলাত ৮০জন আদিবাসীক হত্যা কৰা ঘটনাত বিদাইৰ নেতৃত্বাধীন এন ডি এফ বি (এছ) জড়িত আছিল।

সূত্ৰমতে, বিদায়ে প্ৰায় ৫০জন সশস্ত্ৰ কেডাৰক লগত লৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত ভূটানত আত্মগোপন কৰি আছে।

সংগঠনটোৰ এই সশস্ত্ৰ গোটটোৱে ভূটান সীমান্তত থকা উত্তৰ বংগৰ ৰঙামাটি আৰু মহাকাল অঞ্চলতো গোপন ঘাটি পাতি থকা বুলি জানিব পৰা গৈছে।

১৯৯০-ৰ দশকত, এন ডি এফ বিয়ে ভূটান সীমান্তত ১২টা শিবিৰ স্থাপন কৰিছিল। ২০০৩ চনৰ ৰয়েল ভূটান আৰ্মিয়ে চলোৱা অল ক্লিয়েৰ অভিযানত এইবোৰ ধ্বংস কৰা হয়।

বিদ্ৰোহী গোটটো দক্ষিণ ভূটানত থকা তেনেকুৱা দুটা পুৰণি শিবিৰ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।

বিদাই আৰু তেওঁৰ কেডাৰসকলে মাজে মাজে চিৰাং জিলাৰ বেংতল আৰু বাক্সা জিলাৰ বাগানপাৰা আৰু জলাহ অঞ্চলত কূটাঘাতমূলক কাম কৰি আহিছে।

সাধাৰণ বড়ো ৰাইজে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে এন ডি এফ বিৰ বিদাই গোটটোৱে ভূটান সীমান্তৰ পৰা আহি আক্ৰমণ সংঘটিত কৰি থাকিব আৰু বড়োলেণ্ডত শান্তি বিঘ্নিত কৰা অব্যাহত ৰাখিব।

“যদি তেওঁ (বিদাই) শান্তি প্ৰ্ক্ৰিয়াটোত যোগদান নকৰে, তেওঁ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ দৰৈ হৈ ৰ’ব”, ছেৰফাংগুৰিৰ এজন বড়ো শিক্ষকে কয়।

পৰেশ বৰুৱাই সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ নেতৃত্বত চলি থকা আলফাৰ শান্তি প্ৰক্ৰিয়াটোত অংশ গ্ৰহণ কৰা নাছিল আৰু এটা পৃথক গোট আলফা (স্বাধীন) গঠন কৰে।

বড়োসকলৰ বাবে এখন স্বাধীন দেশ গঠনৰ স্বপ্নেৰে ১৯৮৬ চনত ৰঞ্জন দৈমাৰীৰ দ্বাৰা এন ডি এফ বি গঠন কৰা হৈছিল।

প্ৰথম অৱস্থাত সংগঠনটোৰ নাম আছিল বড়ো ছিকিউৰিটি ফ’ৰ্চ (BdSF)। ১৯৯৪ চনত নামটো সলাই এন ডি এফ বি কৰা হয়।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd