• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’লা হীৰাৰ ক’লা অধ্যায়: মেঘালয়ৰ নতুন ‘খলনায়ক’ জেমছ কে ছাংমা

মেঘালয়ত চলি থকা অবৈধ কয়লা ব্যৱসায়ৰ বিষয়ে চিবিআইক অৱগত কৰিছিল কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰীয়ে

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
February 4, 2020 1:20 pm
James-Sangmaabdul-ahad-choudhury-750x308

মেঘালয়ৰ মন্ত্ৰী জেমছ কে ছাংমা (বাঁওফালে) আৰু কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসময়ত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে ছাংমাক ৰাইজৰ কল্যাণৰ বাবে লোৱা ব্যৱস্থাৰ বাবে প্ৰশংসা কৰা হৈছে, সেই সময়ত তেওঁৰ জ্যেষ্ঠ ভাতৃ জেমছ কে ছাংমা বৃহৎ পৰিমানৰ দুৰ্নীতিৰ অভিযোগত এগৰাকী ‘খলনায়ক’লৈ পৰিণত হ’বলৈ আৰম্ভ কৰিছে।

মঙলবাৰে মেঘালয়ৰ মন্ত্ৰী আৰু জ্যেষ্ঠ আমোলাসকল জোৱাইৰ ভূমি সংৰক্ষণ বিভাগৰ অতিথিশালাত এখন কেবিনেট বৈঠকত মিলিত হৈ জেমছ কে ছাংমাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

Apply Now

য়ুডিপি আৰু পিডিএফৰ জ্যেষ্ঠ মন্ত্ৰীসকলে মেঘালয়ৰ গৃহ মন্ত্ৰী জেমছ কে ছাংমাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

বাতৰি অনুসৰি, য়ুডিপি আৰু পিডিএফৰ একাংশ বিধায়কে ইতিমধ্যে শীঘ্ৰেই জেমছ কে ছাংমাক মন্ত্ৰীসভাৰ পৰা অপসাৰণৰ দাবী তোলা আৰম্ভ কৰিছে।

প্ৰাক্তন লোকসভাৰ অধ্যক্ষ পূৰ্ণ অগিট’ক ছাংমাৰ জ্যেষ্ঠ পুত্ৰ জেমছ কে ছাংমাই লগতে শক্তি আৰু জিলা পৰিষদ পৰিক্ৰমাৰ দৰে দুটা আন গুৰুত্বপূৰ্ণ দপ্তৰো দায়িত্বত আছে।

জিলাসমূহৰ জনসাধাৰণৰ সৈতে উন্নত যোগাযোগ গঢ়ি তোলাৰ লক্ষ্যৰে কনৰাড  এ ছাংমাই যোৱাবছৰ “কেবিনেট অন দ্য ম’ভ’ৰ দৰে এক উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰিছিল।

মেঘালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যোৱা বছৰ জুন মাহত তুৰা আৱৰ্ত ভৱনত এখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল।

প্ৰথম “কেবিনেট অন দ্য ম’ভ’ৰ সফলতাৰ পাছত মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স (এম ডি এ) চৰকাৰখনে মঙলবাৰে জোৱাইত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল।

খেলিহেৰিয়টৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে অভিজিৎ বসুমতাৰী নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত মেঘালয় লোকায়ুক্তৰ অধ্যক্ষ পি কে মুছাহাৰীয়ে ১০ জানুৱাৰিত কয়লা কেলেংকাৰী সন্দৰ্ভত এক চিবিআই তদন্ত চলাবলৈ মুখ্য সচিব এম এছ ৰাওক নিৰ্দেশ দিছিল।

চিবিআইয়ে মেঘালয়ৰ লোকায়ুক্তক কয়লা কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভত এতিয়াও ইয়াৰ প্ৰাথমিক প্ৰতিবেদন দাখিল কৰা নাই যদিও সূত্ৰসমূহে জানিব দিয়া মতে জেমছ কে ছাংমা জড়িত থকাৰ কথা পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে।

মেঘালয় লোকায়ুক্তৰ অধ্যক্ষ পি কে মুছাহাৰীয়ে ১৫ দিনৰ ভিতৰত চিবিআইক প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

বাতৰি অনুসৰি, চিবিআইয়ে ইতিমধ্যে মেঘালয়ৰ অবৈধ কয়লা ব্যৱসায়ৰ তদন্ত আৰম্ভ কৰিছে।

তদন্তকাৰী সংস্থাটোৱে ইতিমধ্য দক্ষিণ অসমৰ কৰিমগঞ্জ জিলাৰ এগৰাকী বাসিন্দা আব্দুল আহাদ চৌধুৰীৰ ভাষ্য লিপিবদ্ধ কৰিছে।

যোৱা ২০১৮ৰ ৯ জুলাইত চোৰাং কয়লাৰ সৈতে জড়িত থকাৰ অভিযোগত আব্দুল আহাদ চৌধুৰীক কাছাৰ জিলাৰ কাটিগড়াত গ্ৰেপ্তাৰ কৰা হৈছিল।

একেই সময়তে, তেওঁৰ ঘৰত এখন ডায়েৰী উদ্ধাৰ কৰা হৈছিল য’ত সদৰী হৈছিল মেঘালয়ৰ অবৈধ কয়লা ব্যৱসায়ৰ সৈতে বিষয়া, বিধায়ক আৰু আনকি মন্ত্ৰীও জড়িত থকাৰ তথ্য।

বাতৰি অনুসৰি, আব্দুল আহাদ চৌধুৰীয়ে মেঘালয়ত অবৈধ কয়লা ব্যৱসায় চলাবলৈ তেওঁ জেমছ কে ছাংমাক দিবলগীয়া ‘প্ৰটেকশ্যন মানি’ৰ বিষয়েও  চিবিআইৰ বিষয়াৰ আগত কৈছিল।

সূত্ৰসমূহে নিশ্চিত কৰে যে সোমবাৰে জেমছ কে ছাংমাই নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ সময়ত গুৱাহাটীত আব্দুল আহাদ চৌধুৰীৰ সৈতে এখন বৈঠক ঠিক কৰিছিল।

কিন্তু বাতৰি মতে আব্দুল আহাদ চৌধুৰীয়ে জেমছ কে ছাংমাক লগ ধৰিবলৈ ইচ্ছা নকৰাত তথা ‘আপোচ’ নকৰাত বৈঠকখন অনুষ্ঠিত নহ’ল।

বাতৰি অনুসৰি, অবৈধ কয়লা ব্যৱসায়ৰ সৈতে জড়িত আন এজন লোক সুৰজ যোশীৰ নামো মেঘালয়ৰ অবৈধ কয়লা ব্যৱসায়ৰ চিবিআই তদন্তৰ সময়ত পোহৰলৈ আহে।

যোশী শ্বিলঙৰ মোপ্ৰেমৰ লোক আৰু তেওঁ জেমছ কে ছাংমাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল।

ইয়াৰ মাজতে জেমছ কে ছাংমাই মেঘালয়ৰ সাংবাদিকৰ সৈতেও এক অঘোষিত যুঁজত অৱতীৰ্ণ হয়।

যোৱা ৫ জানুৱাৰিত জেমছ কে ছাংমাই একাংশ সাংবাদিকৰ সৈতে তৰ্কত লিপ্ত হৈছিল, বিশেষকৈ দ্য শ্বিলং টাইমছৰ বাৰ্তা সম্পাদক ই এম যোচক লক্ষ্য কৰি লৈছিল।

মেঘালয় এডিটৰ্ছ এণ্ড পাব্লিচাৰ্ছ এছোচিয়েশ্যনে (এম ই পি এ) গৃহ মন্ত্ৰী জেমছ কে ছাংমাৰ পৰা এক ৰাজহুৱা ক্ষমা বিচৰাৰ দাবী তুলিছিল।

ইপিনে, অভিযুক্ত গৃহ মন্ত্ৰী গৰাকীয়ে ক্ষমাতো নুখুজিলেই, তেওঁ লগতে মেঘালয়ৰ সাংবাদিকসকলে উত্থাপন কৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰো নিদিলে।

সাংবাদিকসকলে অসম-মেঘালয় সীমান্তৰ ডাইনাডুবি চেকগেটৰ অবৈধ ধন সংগ্ৰহৰ সৈতে তেওঁৰ প্ৰত্যক্ষ সম্পৰ্ক থকাৰ বাতৰি সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছিল।

জানিব পৰা মতে, মেঘালয় পৰিবহন বিভাগ আৰু মিনাৰেল ৰিচ’ৰ্ছেছ বিভাগৰ বিষয়াসকলে ডাইনাডুবিত প্ৰতিখন ট্ৰাকৰ পৰা ২০,০০০ৰ পৰা ২৫,০০০ টকালৈকে অবৈধ কৰ সংগ্ৰহ কৰি আহিছে।

সাংবাদিকসকলে মেঘালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অবৈধ কয়লা সৰবৰাহত আৰক্ষী আৰু মন্ত্ৰী, ৰাজনীতিক তথা কয়লা মাফিয়াৰ মাজত থকা সম্পৰ্কৰ অভিযোগৰ বিষয়েও আন এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল।

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd