গুজৰাটৰ আহমেদাবাদৰ বস্তিবোৰৰ চেহেৰা ঢাকিবলৈ বৃহৎ ৱাল দিয়াৰ সমান্তৰালভাৱে ভাৰতত আন বহু ক্ষেত্ৰত ট্ৰাম্প ইফেক্ট দেখা গৈছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতিজন তেওঁৰ পত্নী, জী-জোঁৱাইক লগত লৈ আজি ভাৰতত সম্ৰাটৰ দৰে কায়দাৰে উপস্থিত হৈছে আৰু সেই ধৰণৰ মৰ্য্যাদা দিবলৈ চেষ্টা কৰিছে মোদী চৰকাৰে।
ইয়াৰ বাবে ট্ৰাম্প আৰু পৰিয়ালে ভ্ৰমণ কৰিব লগীয়া স্থানবোৰৰ সকলোতে নতুনত্ব অনা হৈছে, যাক ট্ৰাম্প-ইফেক্ট বুলিব পাৰি।
ট্ৰাম্পে ভ্ৰমণ কৰিব লগীয়া স্থানবোৰত থকা বস্তি অঞ্চলবোৰ ঢাকি পেলোৱা হৈছে।
ৰাজকীয় অতিথিকেইজনে ভাৰতৰ আটাইতকৈ মৰ্য্যাদাপূৰ্ণ আৰু বিশ্বৰ সপ্তম আশ্চৰ্য্যৰ এটা তাজ মহল ভ্ৰমণ কৰিব বাবেই বিমান বন্দৰৰ পৰা তাজমহললৈ থকা ৱালৰ কৰাল আঁতৰাই তাক ৰংচঙীয়া কৰা হৈছে।
তাৰোপৰি তাজমহলৰ পিছফালে গাতে লাগি থকা যমুনা নদীৰ নিঃকিন আৰু কদৰ্য্য ৰূপ স্বাছন্দ্যপূৰ্ণ কৰিবলৈ নদীখনত প্ৰায় ১৭ নিযুত লিটাৰ পানী ঢলা হৈছে।
তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল ৩০০ বছৰৰ ভিতৰত তাজ মহলত থকা কবৰ দুটা পৰিষ্কাৰ কৰা হৈছে।
পৰিষ্কাৰকৰণত বিশেষ ধৰণৰ মৃত্তিকাৰ লেপন আৰু তাৰ পিছত ডিষ্টিল্ড ৱাটাৰৰ ব্যৱহাৰ কৰা হৈছে বুলি এটা সূত্ৰত প্ৰকাশ।
সূত্ৰটোৱে জানিবলৈ দিয়া মতে, কবৰকেইটাৰ ওপৰত থকা পোহৰ ঝলককেইটাও চাফা কৰা হৈছে আৰু এইবোৰ কামৰ দায়িত্বত আছে স্বয়ং ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগ।
তাজ মহলৰ ভিতৰত থকা আচল কবৰকেইটাৰ প্ৰতিৰূপস্বৰূপে স্থাপন কৰা এই কবৰকেইটা প্ৰথমবাৰৰ বাবে এইদৰে চাফা কৰা হৈছে।
জানিব পৰামতে, ট্ৰাম্পে আচল কবৰ দুটা নাচাব পাৰে, কাৰণ এইকেইটা চাবলৈ যোৱা প্ৰৱেশপথটো মাত্ৰ ৫ফুট ওখ।
অতিথি ৰাষ্ট্ৰপতিজনৰ নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, ট্ৰাম্পে মূৰ হাওলাই পাৰ নহয়।
উল্লেখ কৰিব পাৰি যে আচল কবৰকেইটা বছৰত মাত্ৰ তিনিটা দিনৰ বাবেহে সৰ্বসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়।
শ্বাহ জাহানৰ মৃত্যুৰ সোঁৱৰণ কৰিবলৈ শেষজন মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ উত্তৰাধিকাৰী বুলি নিজকে দাবী কৰা য়াকুব হাবিবুদ্দিন টুচিয়ে বছৰত এটা দিনত এই কবৰকেইটা দৰ্শন কৰে।
ৰাষ্ট্ৰপতিজন আগ্ৰাত বান্দৰৰ উপদ্ৰৱৰ সন্মুখীন নহ’বৰ বাবেও লোৱা হৈছে অভিনৱ ব্যৱস্থা।
ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ,- বান্দৰৰ জাকবোৰক ভয় খুৱাবৰ বাবে পাঁচটা মলুৱা বান্দৰক ট্ৰাম্প পৰিয়াল যাব লগীয়া পথৰ বিভিন্ন ঠাইত ৰখা হৈছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ দুদিনীয়া ভ্ৰমণক লৈ চৰকাৰৰ এই অভিনৱ প্ৰস্তুতিবোৰক লৈ সৰ্বত্ৰ চৰ্চা হোৱা দেখা গৈছে।