ভাৰতৰ জনপ্ৰিয় মটৰ চাইকেল নিৰ্মাতা প্ৰতিষ্ঠান ৰয়েল এনফিল্ডৰ অনুৰাগীৰ বাবে দুঃখবৰ।
এই ৰয়েল এনফিল্ডে ঘোষণা কৰিছে যে ইয়াৰ তিনিটা জনপ্ৰিয় ম’ডেলৰ নিৰ্মাণ বন্ধ কৰিব।
প্ৰতিষ্ঠানটোৱে বন্ধ কৰিব নিজৰ অতি জনপ্ৰিয় তিনিটা ম’ডেলৰ বিক্ৰী।
ইতিমধ্যে প্ৰতিষ্ঠানটোৱে ম’ডেল তিনিটাৰ বুকিং বন্ধ কৰিছে।
বুকিং বন্ধ কৰা ম’ডেলকেইটা হৈছে ক্ৰমে ৫০০ চিচি বুলেট, ৫০০ চিচিৰ ক্লাছিক আৰু ৫০০ চিচিৰ থাণ্ডাৰবাৰ্থ।
অৱশ্যো সূত্ৰটোৰ মতে প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও এই সিদ্ধান্ত সামৰিকভাৱে লৈছে বুলি জানিব পৰা গৈছে।
প্ৰতিষ্ঠানটোৱে ৫০০ চিচি বাইকৰ বিক্ৰী লেহেমীয়া হোৱাৰ বাবে এই সামৰিক সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।
সূত্ৰটোৰ মতে সেয়ে প্ৰতিষ্ঠানটোৱে ৩৫০ চিচি ম’ডেলৰ বাইকবোৰক ৫০০ চিচিৰ সমতূল্য কৰি বিক্ৰীৰ বাবে সিদ্ধান্ত লৈছে।
শেহতীয়া খবৰ মতে প্ৰতিষ্ঠানটোৱে ৩৫০ চিচিৰ ম’ডেলবোৰক BS6 ইঞ্জিনলৈ উন্নত কৰিছে। ইয়াৰ পিছত ৫০০ চিচি ইঞ্জিনকো BS6 ইঞ্জিনলৈ উন্নত কৰিব যদিও সদ্যহতে ৩৫০ চিচি ম’ডেলৰ বাইকতহে প্ৰতিষ্ঠানটোৱে গুৰুত্ব প্ৰদান কৰিছে।
ৰয়েল এনফিল্ডে ৫০০ চিচি ম’ডেলবোৰত এয়াৰ কুল্ড ইঞ্জিন ব্যৱহাৰ কৰি আহিছে। এই ম’ডেলবোৰৰ দাম ১.৮৯ লাখৰ পৰা ২.১৫ লাখৰ ভিতৰত।
প্ৰতিষ্ঠানটোৱে ৫০০চিচিৰ ম’ডেলবোৰ বন্ধ কৰিলেও নতুন ম’ডেলৰ বাইক নিৰ্মাণৰ পৰিকল্পনা কৰিছে। প্ৰতিষ্ঠানটোৱে কিছুদিন পূৰ্বে নতুন নাম পঞ্জীয়ন কৰা বুলিও জানিব পৰা গৈছে। ৫০০ চিচিৰ বাইক নিৰ্মাণ বন্ধ কৰি ৩৫০ চিচি আৰু ৬৫০ চিচি বাইক নিৰ্মাণত গুৰুত্ব দিব বুলি জানিব পৰা গৈছে প্ৰতিষ্ঠানটোৱে।