বৃহৎ টেলিকম কোম্পানী জিঅ’ই ১২৯৯টকীয়া প্ৰিপেইড প্লেনৰ ভেলিডিটি হ্ৰাস কৰি গ্ৰাহকক আচৰিত কৰি তুলিছে।
এতিয়া গ্ৰাহকসকলে এই প্লেনত ৩৩৬ দিনৰ সময়সীমা লাভ কৰিব। ইয়াৰ পূৰ্বে গ্ৰাহকসকলে প্লেনটোত ৩৬৫ দিনৰ ভেলিডিটি লাভ কৰিছিল।
আনহাতে, বজাৰত এয়াৰটেল, ভোডাফোন-আইডিয়া আৰু বিএছএন এলৰ দীৰ্ঘম্যাদী প্ৰিপেইড প্লেনসমূহত এতিয়াও ৩৬৫দিনৰ সময়সীমা অটুট আছে।
১,২৯৯ টকাৰ জিঅ’ প্লেন
জিঅ’ৰ এই পেক’ত গ্ৰাহকসকলে পাব ২৪ জিবি ডাটা আৰু ৩,৬০০ এছ এম এছ। তদুপৰি, গ্ৰাহকসকলে জিঅ’ৰ পৰা জিঅ’ নেটৱৰ্কলৈ আনলিমিটেড কল কৰিব পাৰিব। অৱশ্যে, কোম্পানীয়ে গ্ৰাহকক আন নেটৱৰ্কলৈ কল কৰাৰ বাবে ১২,০০০ এফ য়ু পি মিনিট দিব। সেইদৰে এই পেক’ৰ ভেলিডিটি হ’ব ৩৩৬ দিন।
৩২৯ টকাৰ জিঅ’ প্লেন
জিঅ’ৰ ৩২৯ টকীয়া এটা প্লেনো আছে আৰু এই প্লেনতো আন শাখাবোৰতো দেখা যায়। এই প্লেনত ৮৪ দিনৰ ভেলিডিটি পোৱা যায়। এই প্লেনৰ অধীনত সকলো নেটৱৰ্কলৈ ১,০০০ মিনিট কল কৰিব পাৰিব আৰু জিঅ’ নেটৱৰ্কলৈ সকলো কল বিনামূলীয়া। এই প্লেনত মুঠ ৬ জিবি ডাটা পোৱা যায়। যিসকলে এক দীঘলীয়া প্লেন বিচাৰে তেওঁলোকৰ বাবে এইটো আটাইতকৈ ভাল প্লেন। এই প্লেনতো আপুনি জিঅ’ৰ সকলো এপছৰ সুবিধা ল’ব পাৰিব।
২৯৭ টকাৰ জিঅ’ প্লেন
জিঅ’ৰ ২৯৭ টকাৰো এটা প্লেন আছে য’ত ৮৪ দিনৰ ভেলিডিটি পোৱা যায় যদিও জিঅ’ৰ এইটো অকল জিঅ’ ফোনৰ বাবেহে প্ৰযোজ্য প্লেন।২৯৭ টকীয়া প্ৰিপেইড প্লেনৰ কথা ক’বলৈ গ’লে আপুনি আন শাখাতো এইটো দেখা পাব। এই প্লেনতো আপুনি ৩৪ দিন ভেলিডিটি পাব।
৯৮ টকাৰ জিঅ’ প্লেন
জিঅ’ৰ এই প্লেনত আপুনি ২ জিবি ডাটা আৰু ৩০০ এছ এম এছৰ সুবিধা লাভ কৰিব। আপুনি জিঅ’ নেটৱৰ্কলৈ আনলিমিটেড কল কৰাৰ সুবিধা লাভ কৰিব। কিন্তু আপুনি আন নেটৱৰ্কলৈ ফোন কৰাৰ বাবে আই য়ু চি মিনিটৰ সুবিধা পাব। সেইদৰে এই প্লেনৰ ভেলিডিটি হৈছে ২৮ দিন। গ্ৰাহকে এই পেক’ৰ বাবে ১০ টকাৰ পৰা আৰম্ভ কৰি আৱশ্যক অনুসৰি আই য়ু চি ৰিচাৰ্জ কৰিব পাৰিব।
১২৯ টকাৰ জিঅ’ প্লেন
এই পেক’ত আপুনি ২ জিবি ডাটাৰ সৈতে ৩০০ এছ এম এছ লাভ কৰিব। লগতে জিঅ’ নেটৱৰ্কলৈ আনলিমিটেড কল কৰাৰ সুবিধা লাভ কৰিব। অৱশ্যে, কোম্পানীয়ে আপোনাক আন নেটৱৰ্কলৈ কল কৰাৰ বাবে ১,০০০ এফ য়ু পি মিনিট আগবঢ়াব।সেইদৰে এই প্লেনৰ ভেলিডিটি ২৮ দিনৰ বাবে থাকিব।