• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতে দোষী সাব্যস্ত কৰা ঝংকাৰ হত্যাকাৰীৰ পক্ষত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠন

‘দোষীৰ বিৰুদ্ধে কোনো ফটো বা ভিডিঅ’ ফুটেজৰ তথ্য নাই, চাক্ষুস প্ৰমাণ গ্ৰহণযোগ্য নহয়’ কাৰ্বি ছাত্ৰ সন্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 26, 2020 8:59 pm
Jhankar Final

জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ আৰু সোঁপিনে ঝংকাৰৰ পিতৃ হৰেণ শইকীয়া।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৪ ফেব্ৰুৱাৰিত ডিফু জিলা সত্ৰ ন্যায়াধীশ আদালতে দোষী সাব্যস্ত কৰা ১২ জন দোষীৰ পক্ষত থিয় দিছে সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থাৰ লগতে ৭ টা জাতি-জনগোষ্ঠীয় সংগঠন।

বুধবাৰে সংগঠনকেইটাৰ নেতৃত্বই দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি ডিফু জিলা সত্ৰ ন্যায়াধীশ আদালতে প্ৰদান কৰা ঝংকাৰ হত্যাকাণ্ডৰ ৰায়ক লৈ অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গ’ল।

Apply Now

‘ন্যায়িক ব্যৱস্থাই দোষী সাব্যস্ত কৰা ১২ জন অভিযুক্তৰ আৰু এটা শুনানি আছে। সেই শুনানিৰ পূৰ্বে আমি আদালতত আপীল কৰিব বিচাৰো যে দোষীৰ বিৰুদ্ধে কোনোধৰণৰ ফটো বা ভিডিঅ’ ফুটেজ তেনে কোনো তথ্য নাই। তদন্ত প্ৰক্ৰিয়াত অভিযুক্তৰ পৰিয়াল সন্তুষ্ট নহয় তথা সামাজিক সংগঠনসমূহো সুখী নহয়।‘ কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম হানছেই সংবাদমেলত এইদৰে কয়।

আদালতৰ ৰায়ৰ বিৰুদ্ধে গৈ তেওঁ আৰু কয়, ‘কোনো প্ৰকৃত বা শক্তিশালী তথ্য নোহোৱাকৈ হত্যাকাৰী ৩০২ ধাৰা লগোৱাটো ন্যায় নহয়। এইটো সম্পূৰ্ণৰূপে অবৈধ। চাক্ষুস প্ৰমাণৰ বাহিৰে একো দিয়া নাই যিটো গ্ৰহণযোগ্য নহয়। পুলিছে সন্দেহত গ্ৰেপ্তাৰ কৰা লোকক পোনপটীয়াকৈ হত্যাকাৰী সজাই ৰায় দিয়াত আমি সন্তুষ্টি লাভ কৰা নাই।‘

আনকি ঝংকাৰক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ সময়ত ঝংকাৰৰ পিতৃ হৰেণ শইকীয়া নিজে ঘটনাস্থলীত উপস্থিত নাছিল বুলি গুৰুতৰ অভিযোগ তোলে সংগঠনকেইটাৰ নেতৃত্বই।

ইয়াৰোপৰি ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ দিয়ে হানছেই।

ইপিনে, এই সংবাদমেলৰ পাছতে আমি ঝ্ংকাৰৰ পিতৃ অধিবক্তা হৰেণ শইকীয়াৰ সৈতে সংযোগ স্থাপন কৰি ছাত্ৰ সংগঠনকেইটাই অনা অভিযোগৰ বিষয়ে সোধাত তেওঁ কয়, ‘ন্যায়িক ব্যৱস্থাৰ মাজত থকা বিষয় এটাত মই মতামত দিয়া ঠিক নহ’ব, কিয়নো আদালতে ইতিমধ্যে ৰায় দিছে।‘

তেওঁ লগতে কয়, ‘সংগঠনকেইটাৰ নেতৃত্ব আদালততকৈ ওপৰত নেকি? তেওঁলোকৰ কথা শুনিবলৈ আদালতখন বহি আছে নেকি? এজন লোকে গোটেই জীৱন সাধনা আৰু কষ্ট কৰি বা আইনৰ লগত লাগি সত্ৰ ন্যায়াধীশ হয়, যদি কোনো প্ৰমাণেই নাছিল তেন্তে আদালতে কেনেকৈ দোষী সাব্যস্ত কৰিলে?’

‘তেওঁলোকে আদালতক ভয় দেখুৱাব বিচাৰিছে। আইনী ব্যৱস্থাটোক ভয় দেখুৱাব বিচাৰিছে। গতিকে এই সংগঠনকেইটাৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ’ব। চাক্ষুস প্ৰমাণ আছে নে নাই তেওঁলোকে কেনেকৈ জানিলে? ভিডিঅ’ ফুটেজ গোটেই অসমৰ ৰাইজে দেখি আছে, ঘটনাটোত মই নিজে আঘাতপ্ৰাপ্ত হৈছিলো। এই সংগঠনবিলাক ক’ত আছিলে?’

উল্লেখযোগ্য যে, আদালতৰ ৰায়ক কেন্দ্ৰ কৰি আজি দিচপুৰ প্ৰেছ ক্লাৱত সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থা, সদৌ ৰাভা ছাত্ৰ সন্থা, সদৌ দেউৰী ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ ভাৰত জনজাতীয় ছাত্ৰ সন্থা, আম্ৰি কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠনৰ নেতৃবৰ্গই সংবাদমেল সম্বোধন কৰিছিল।

তদুপৰি, ডিফু জিলা সত্ৰ ন্যায়াধীশ আদালতে সোমবাৰে ২০১৩ চনৰ ঝংকাৰ শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ ৰায়দান দি ইয়াৰ লগত জড়িত ১২ গৰাকী লোকক দোষী সাব্যস্ত কৰাৰ লগতে অন্য চাৰিগৰাকী লোকক নিৰ্দোষী ঘোষণা কৰে।

শুকুৰবাৰে দোষী সাব্যস্ত হোৱা লোকসকলৰ শাস্তি ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, প্ৰায় ৭ বছৰৰ পূৰ্বে অট’ৰিক্সাৰ ভাড়া সম্পৰ্কীয় সামান্য তৰ্কাতৰ্কিৰ পিছত দেউতাকৰ সন্মুখতে ঝংকাৰ শইকীয়া নামৰ কিশোৰজন আৰু দেউতাকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল কেইজনমান অট’ৰিক্সা চালক আৰু একাংশ সহযোগীয়ে। ঘটনাটোত বেয়াকৈ আহত হোৱাৰ পিছত ১ জুলাইত চিকিৎসালয়ত মৃত্যু হৈছিল ঝংকাৰৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm
আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd