DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাত্ৰ এটা বীয়েৰ পান কৰিয়ে ৪.৭৪ লাখ টকাৰ জৰিমনা ভৰিল এগৰাকী ৭৯ বছৰীয়া বৃদ্ধই!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2020 3:21 pm
canada-day-beer-specials-alberta-justbeer
248
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ এটা বীয়েৰ পান কৰি ৪ লাখ ৭৪ হাজাৰ টকাৰ জৰিমনা ভৰিব লগা হৈছে ৭৯ বছৰীয়া এগৰাকী বৃদ্ধই।

এই অভাৱনীয় তথা আমোদজনক ঘটনাটো ঘটিছে গ্ৰেইট ব্ৰিটেইনত।

ঘটনাৰ বিৱৰণীৰ মতে ব্ৰিটেইনৰ হেনৰি মাকাৰ্থি নামৰ ৭৯ বৰ্ষীয় বৃদ্ধ গৰাকীয়ে কোভিড প্ৰটোকল ভংগ কৰি বীয়েৰ পান কৰি ভৰিবলগীয়া হৈছে ৫০০০ পাউণ্ড অৰ্থাৎ ভাৰতীয় মূল্যত ৪ লাখ ৭৪ হাজাৰ টকাৰ জৰিমনা।

উল্লেখ্য যে, বিশ্বৰ সৰ্বাধিক কোভিড সংক্ৰমিত দেশসমূহৰ মাজত গ্ৰেইট ব্ৰিটেইনো আছে। দেশখনৰ চৰকাৰে কোভিড সংক্ৰমণ ৰোধৰ বাবে ল’কডাউনৰ লগতে অন্যান্য বিভিন্ন পদক্ষেপো গ্ৰহণ কৰি আহিছে।

লাহে লাহে দেশখনৰ জনজীৱনলৈ কিছু স্বাভাৱিকতা ঘূৰি অহাৰ ফলত কোভিড প্ৰটোকল শিথিলো কৰা হৈছে ব্ৰিটেইনত।

কিন্তু তাৰ মাজতো কোভিড আক্ৰান্তসকলৰ বাবে কিছুমান বিশেষ প্ৰটোকল প্ৰৱৰ্তন কৰিছে দেশখনৰ চৰকাৰে।

সেই অনুসৰি কোভিড আক্ৰান্ত লোকে নিজকে হোম আইচেলশ্যন কৰাটো বাধ্যতামূলক।

জৰিমনা ভৰিবলগীয়া হোৱা হেনৰি মাকাৰ্থিও কোভিডত আক্ৰান্ত হৈ হোম আইচ’লেটেড হৈ আছিল।

কিন্তু বীয়েৰ পানত অভ্যস্ত মাকাৰ্থিয়ে লোভ সম্বৰণ কৰিব নোৱাৰি ঘৰৰ পৰা উলাই গৈ পাবত বীয়েৰ কিনি পান কৰি আছিল।

মাকাৰ্থিয়ে বীয়েৰ পান কৰি থকা অৱস্থাতে আৰক্ষীৰ হাতত ধৰা পৰি যায়।

ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে কোভিড প্ৰটোকল ভংগৰ অপৰাধত বিচাৰ চলোৱা হয়।

বিচাৰৰ অন্তত দেশখনৰ আদালতে হেনৰি মাকাৰ্থিক ৫০০০ পাউণ্ড জৰিমনা বিহিছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd