• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুতা-কম্বলৰ কেলেংকাৰি! প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী বিস্মিতাৰ বিৰুদ্ধে গোচৰ ৰুজু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 11, 2018 7:11 pm
Tarun Bismita

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ। ফটো : ফাইল ফটো

26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ চৰকাৰ ক্ষমতাত থকাৰ সময়ছোৱাত কেলেংকাৰিৰ সৈতে জড়িত থকা বিভিন্ন বিভাগৰ আমোলা-বিষয়া জড়িত হৈ থকাৰ ছবিখন পোহৰলৈ আহিছে যদিও কেলেংকাৰিৰ সৈতে জড়িত ৰৌ-বৰালিসদৃশ মন্ত্ৰী বিধায়ক এতিয়াও বাদ পৰি ৰৈছে বুলি বিভিন্ন সময়ত অভিযোগ উঠিছে।

সেয়েহে, যোৱা ২৫ চেপ্টেম্বৰত দুলাল বৰাই দিচপুৰ আৰক্ষী থানাত প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু হস্ততাঁত শিল্প বিভগৰ তদানীত্বন মন্ত্ৰী বিস্মিতা গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু দিচপুৰ আৰক্ষীয়ে ২৮৫০/১৮ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ 120(b), 420, 406, 409 আৰু 34 ধাৰাত এক গোচৰ ৰুজু কৰে।

Apply Now

এই সম্পৰ্কত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত আৰ টি আই কৰ্মী দুলাল বৰাই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰে সতীৰ্থ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে হস্ততাঁত শিল্পত বৃহৎ কেলেংকাৰি সংঘটিত কৰা বুলি অভিযোগ তোলে।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ ২০১৫-১৬ বিত্তীয় বৰ্ষত সুতা-কম্বল যোগানৰ নামত ১২৫ কোটি টকা আবন্টন হৈছিল। ইয়াৰে ৫০ কোটি কম্বল আৰু ৭৫ কোটি টকা সুতা যোগানৰ বাবে পাইছিল বুলি জানিব পৰা গৈছে।

আনহাতে, দুলাল বৰাই আমাক জনোৱা মতে, ২০১৫-১৬ বিত্তীয় বৰ্ষত তথা বিধান সভাৰ নিৰ্বাচনৰ আগে আগে সুতা যোগানৰ বাবে নিবিদা আহ্বান কৰা হৈছিল যদিও সেই সময়ত নিবিদা আহ্বান নকৰা কিছুমান প্ৰতিষ্ঠানক সুতা-কম্বল যোগান ধৰাৰ বাবে সেই সময়ৰ সঞ্চালক প্ৰদীপ কুমাৰ তালুকদাৰে আইন ভংগ কৰি ৱৰ্ক অৰ্ডাৰ ইচ্ছ্যু কৰিছিল। তদুপৰি তালুকদাৰে যদিও ৱৰ্ক অৰ্ডাৰ ইচ্ছ্যু কৰিছিল এইক্ষেত্ৰত বহু উচ্চ পদস্থ বিষয়া সাঙোৰ খাই থকা বুলি সন্দেহ প্ৰকাশ কৰে দুলাল বৰাই।

এইক্ষেত্ৰত বৰাই অভিযোগ তুলি কয় যে ২০১৫ চনৰ ৩১ ডিচেম্বৰত অনুষ্ঠিত হোৱা বৈঠকত সেই সময়ৰ পৰিকল্পনা ও উন্নয়ন বিভাগৰ মন্ত্ৰীৰ লগতে অতিৰিক্ত মুখ্য সচিব, অসমৰ মুখ্য সচিব, অসমৰ হস্ততাঁত শিল্প ও ৰেচম বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ লগতে আয়ুক্ত সচিব আৰু সঞ্চালক, বিত্ত বিভাগৰ সচিব আৰু মুখ্য মন্ত্ৰীৰ অতিৰিক্ত সচিব উপস্থিত আছিল।

উল্লেখ্য যে, উক্ত বৈঠকত প্ৰথমে বিত্ত বিভাগৰ তৰফৰ পৰা সুতা কম্বল বিতৰণৰ আঁচনিখন চৰকাৰী অনুমোদিত নিৰ্দেশনা মতে হোৱা নাছিল বুলি আপত্তি দৰ্শাইছিল যদিও সেই সময়ৰ মুখ্য মন্ত্ৰী তথা বিত্ত বিভাগৰ দায়িত্বত থকা তৰুণ গগৈয়ে আঁচনিখন ৰূপায়ণ কৰিবৰ বাবে হেঁচা প্ৰদান কৰা বুলি অভিযোগ তোলে আৰ টি আই কৰ্মী দুলাল বৰাই।

তেওঁ লগতে দাবী কৰি কয়, ‘’গগৈয়ে ২০১৬ চনৰ জানুৱাৰী মাহৰ ভিতৰত অৰ্থ্যাৎ এমাহৰ ভিতৰত ৰাজ্যৰ প্ৰত্যেকখন জিলাতে কম্বল বিতৰণৰ কাম শেষ কৰিবলৈ নিৰ্দেশ দিছিল।‘’

তদুপৰি দুলাল বৰাই জানিবলৈ দিয়ে যে সুতা যোগানৰ নামত প্ৰথম অৱস্থাত নিবিদা দাখিল কৰা প্ৰতিষ্ঠানে সূতাৰ অধিক পৰিমাণৰ মূল্য উল্লেখ কৰাৰ বাবে পুনৰ নিবিদা আহ্বান কৰা হৈছিল বুলি অসম চৰকাৰৰ হস্ততাঁত শিল্প আৰু ৰেচম বিভাগৰ অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে।

আনহাতে, বিস্মিতা গগৈয়ে নীতি বহিৰ্ভূতভাৱে তেওঁৰে বিভাগীয় সঞ্চালকগৰাকীলৈ চিঠিৰ জৰিয়তে অতি খৰতকীয়াকৈ কম দাম নিৰ্ধাৰণ কৰা মূল্যতেই যদি কোনো প্ৰতিষ্ঠান বা ব্যক্তিয়ে সূতা-কম্বল যোগান ধৰাত সন্মতি প্ৰকাশ কৰে তেন্তে  তেনে ব্যক্তি অথবা সংগঠনৰ নামতে ৱৰ্ক অৰ্ডাৰ ইচ্ছ্যু কৰিবৰ বাবে নিৰ্দেশ দিছিল। উক্ত চিঠিখন দুলাল বৰাই আৰ টি আই কৰি লাভ কৰিছিল বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ২০১৫-১৬ বৰ্ষৰ তথা অসম বিধান সভাৰ নিৰ্বাচনৰ আগে আগে হস্ত-তাঁত বস্ত্ৰ বিভাগৰ তৰফৰ পৰা সুতা যোগানৰ বাবে গ্ৰুপ ‘এ’, গ্ৰুপ ‘বি’, ‘চি’ আৰু ‘ডি’, ই’ আৰু ‘এফ’ ত ভাগ কৰি নিবিদা আহ্বান কৰিছিল। এইক্ষেত্ৰত মফটলাল ইণ্ডাষ্ট্ৰিজ লিমিটেড নামৰ মুম্বাইৰ প্ৰতিষ্ঠানে গ্ৰুপ ‘চি’, ‘ডি’, ‘ই’ আৰু ‘এফ’ত নিবিদা দাখিল কৰিছিল।

লক্ষণীয় কথা যে, দুলাল বৰাই জনোৱা অনুসৰি উক্ত বিভাগকেইটাত মাত্ৰ এখন প্ৰতিষ্ঠানে নিবিদা দাখিল কৰিছিল আৰু সেই একেখন প্ৰতিষ্ঠানকেই কামৰো আবন্টন দিছিল। আনহাতে, নিবিদা সম্পৰ্কীয় গাইডলাইন অনুসৰি নিবিদা আহ্বান কৰি একোটা বিজ্ঞাপন প্ৰকাশ কৰিব লাগে আৰু উক্ত বিজ্ঞাপনত জনসংযোগৰ নম্বৰ থাকিব লাগে আৰু  সেই নিবিদাৰ সংখ্যা এটা কামৰ বিপৰীতে নুন্যতম তিনিখন হ’ব লাগে।

এনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ হস্ততাঁত-বস্ত্ৰশিল্প বিভাগে কোনোধৰণৰ চৰকাৰী নীতি-নিয়ম নমনা বুলি অভিযোগ তোলে বৰাই।

আনহাতে, গ্ৰুপ এ’ ৰ ক্ষেত্ৰতো মাত্ৰ M/S TRADE SUPPLY INDIA, প্ৰতিষ্ঠানে নিবিদা দাখিল কৰিছিল যদিও উক্ত প্ৰতিষ্ঠানক পুনৰ নিবিদা আহ্বান নকৰি উক্ত প্ৰতিষ্ঠানক কাম নিদি নিবিদা প্ৰক্ৰিয়াৰ কোনো অংশীদ্বাৰত্ব নোলোৱা  Guwahati assam govt. marketing Corporation  নামৰ প্ৰতিষ্ঠানটোক সূতা যোগান ধৰাৰ ৱৰ্ক অৰ্ডাৰ ইচ্ছু কৰে। দুলাল বৰাই এই কথা স্পষ্টৰূপত তেওঁ দিচপুৰ থানাত দাখিল কৰা এজাহাৰ কপিত উল্লেখ কৰে।

যদি বৰাই তোলা অভিযোগ সত্য হয়, তেন্তে দিচপুৰ আৰক্ষীয়ে সঠিক ৰূপত তদন্ত কৰি উপৰোক্ত অভিযুক্তসকলক শাস্তি বিহিব নে? এইক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতি লোৱা সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ হ’ব।

আনহাতে, গোচৰ ৰুজু কৰাৰ পৰা আৰম্ভ কৰি তিনিমাহ সময়ৰ ভিতৰত দিচপুৰ আৰক্ষীয়ে যদি তদন্ত প্ৰক্ৰিয়া আগ নবঢ়ায়, তেন্তে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আৰ টি আই কৰ্মী দুলাল বৰা।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd