সেনাৰ মাওবাদী দমন অভিযান চলি থকাৰ সময়তে এজন সন্দেহযুক্ত মাওবাদীয়ে এজন কংগ্ৰেছ কৰ্মীক গুলীয়াই হত্যা কৰে।
ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
যোৱা ১৯ অক্টোবৰ তাৰিখে বিয়লি ৪ বজাত ৰাজ্যখনৰ নাৰায়ণপুৰ জিলাৰ উচুৰ গাঁৱত এজন সুলভ মূল্যৰ দোকানীয়ে ৰাইজৰ মাজত চাউল বিতৰণ কৰি থকাৰ সময়তে এজন লোকে তেওঁক গুলীয়াই হত্যা কৰে।
কংগ্ৰেছ কৰ্মীগৰাকীক গুলীয়াই হত্যা কৰা লোকজন মাওবাদী বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
তিৰুপতি ভাণ্ডাৰী নামৰ ৩৫ বছৰীয়া কংগ্ৰেছ কৰ্মীগৰাকীৰ এখন ৰেচনৰ দোকান আছে।
কংগ্ৰেছৰ উচুৰ ব্লক ইউনিটৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছিল তিৰুপতি ভাণ্ডাৰীয়ে।
এই হত্যাকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।





