‘’আসন্ন বিধানসভা নিৰ্বাচনত বিজেপি-অগপ মিত্ৰদলৰ চৰকাৰ ওফৰি পৰিব আৰু জাতীয়তাবাদৰ ভেটিত প্ৰতিষ্ঠিত আঞ্চলিক ৰাজনৈতিক দলৰ চৰকাৰ গঠিত হ’ব৷ অসমৰ ৰাইজে এইবাৰ তাৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে।‘’
শনিবাৰে নগাঁও জিলাৰ ৰহা সমষ্টিৰ কচুৱাত অনুষ্ঠিত হোৱা এখন যোগদান সমাৰোহত এই দৃঢ় মত প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।
দলৰ উপসভাপতি তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ছমচেৰ সিঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত গগৈয়ে কয় যে ৰাইজৰ দলকে ধৰি অসমৰ জনগোষ্ঠীয় আঞ্চলিক শক্তিসমূহৰ সৈতে আনুষ্ঠানিক আলোচনাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু এই নিৰ্বাচনী বুজাবুজিয়ে শীঘ্ৰে এটা ফলপ্ৰসু ৰূপ লাভ কৰিব।
তেওঁ কয় যে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাৰ সপোন পূৰণ নহয় বুলি এই কাৰণেই কব পাৰি যে ‘কা’-বিৰোধী আন্দোলনৰ সময়তে বিজেপিৰ ৬০ শতাংশ ভোট খহি গ’ল। বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি আৰু ভয়-ভাৱুকি-প্ৰলোভনেৰে ৰাইজক আৰু আশ্বস্ত কৰিব নোৱাৰে৷
তেওঁ লগতে কয় যে অসমৰ ৰাইজে বিজেপি-অগপক সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ ক্ষমতাসীন কৰা নাছিল। কৰিছিল জাতি-মাটি-ভেটি সুৰক্ষিত কৰিবলৈ আৰু বিকাশ কৰিবলৈ। কিন্তু বিজেপিৰ চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পাহৰি জনবিৰোধী ভূমিকাত অৱতীৰ্ণ হৈছে।
অসমৰ সাতাম পুৰুষীয়া সাম্প্ৰদায়িক সদ্ভাৱ অক্ষুন্ন ৰখাৰ সংকল্প দোহাৰি গগৈয়ে কয় যে অসম জাতীয় পৰিষদৰ নেতৃত্বত জাতীয়তাবাদী চৰকাৰ হ’লে অসমত ‘কা’ কোনো অৱস্থাতে বলৱত কৰিবলৈ দিয়া নহয়।
আনহাতে, ১৯৭১ চনৰ পিছৰ বিদেশীক কোনো কাৰণতে গ্ৰহণ কৰা নহয় বুলি উল্লেখ কৰি গগৈয়ে কয় যে ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ মাজত অহা লোকসকলক যিহেতু ইতিপূৰ্বে সাংবিধনিকভাৱেই নাগৰিকৰ মৰ্যাদা দিয়া হৈছে, সেয়ে উক্ত লোকসকলে নিজৰ নাগৰিকত্বক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই।
এইসকল লোকক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে ভয়ৰ মাজত ৰাখি ৰাজনীতি কৰি আহিছে বুলিও গগৈয়ে মত প্ৰকাশ কৰে।
আজিৰ সভাত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক ৰাজীৱ ভট্টাচাৰ্য, প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান, যুটীয়া সম্পাদক মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, প্ৰিন্স ফাইজুল হক, মুখপাত্ৰ তথা জাতীয় যুৱ শক্তিৰ সহ:তত্বাৱধায়ক অভিজিত কমল ভূঞা, তথ্য-প্ৰযুক্তি সম্পাদক দেৱজিৎ চৌধুৰীকে ধৰি কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে।
এই সভাখনতে বিশিষ্ট যুৱ ব্যৱসায়ী উৎপল বনিয়াৰ লগতে বিভিন্ন দল ত্যাগ কৰি অহা আঢ়ৈশ লোকে অসম জাতীয় পৰিষদ দলত যোগদান কৰে।