NORTHEAST NOW (Assamese)

যোৰহাটৰ মৰিয়নীত ৰে’ল আলিৰ কাষত পি পি ই কিট উদ্ধাৰক লৈ আতংক

May 24, 2020 6:18 pm · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’না ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ সজাগ সচেতনতাই একমাত্ৰ উপায় যদিও একাংশ লোকৰ চৰম দায়িত্বহীন কৰ্মৰ বাবে বৰ্তমান এই ভাইৰাছে অসমৰ গ্ৰামাঞ্চললৈও বিপদ মতাৰ আশংকাই দেখা দিছে।

যি সময়ত বহিঃৰাজ্যৰ পৰা ৰে’লযোগে অহা যাত্ৰী সকলৰ মাজত এজনৰ পাছত এজনকৈ লোক ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে তেনে সময়তে দিল্লী-ডিব্ৰুগড় অভিমুখী বিশেষ উজনিমুৱা ৰে’ল গাড়ীৰ পৰা ৰে’ল পথৰ কাষত ব্যৱহৃত PPE কিট পেলাই থৈ যোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

জানিব পৰা মতে আজি পুৱা প্ৰায় ৬.৫০ মিনিটত যোৰহাট জিলাৰ মৰিয়নীৰ নকচাৰী লাহিং বাওতলী গাঁৱৰ সমীপৰ ৰে’ল আলিৰ কাষত দিল্লী-ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা পুৱা ৰে’ল আলিৰ কাষত পেলাই থৈ যায় কেইবাটাও ব্যৱহৃত PPE কিট লগতে পলিথিনৰ বেগ, টুপি আৰু মাস্ক।

ৰে’লৰ পৰা পেলাই থৈ যোৱা PPE কিট সমূহত ক’ৰ’না ভাইৰাছ লাগি থকাৰ আশংকাত আতংকিত হৈ পৰিছে স্থানীয় গঞা ৰাইজ।

অন্যহাতে মৰিয়নী নগৰৰ সমীপৰ ৰে’ল পথৰ কাষতো ৰে’লৰ যাত্ৰী সকলে ব্যৱহাৰ কৰা চাহ খোৱা কাপ আৰু ভাতৰ থালি পেলাই থৈ যোৱাৰ এক ঘটনা পোহৰলৈ আহিছে।

স্থানীয় ৰাইজে ৰে’ল বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এই বিষয়ে ইতিমধ্যে স্থানীয় ৰাইজে ৰে’ল বিভাগৰ লগতে স্থানীয় আৰক্ষীক অভিযোগ দিছে।

শেহতীয়াকৈ ৰে’ল আৰক্ষী উপস্থিত হৈ  PPE কিট সমুহ অগ্নি সংযোগ কৰি জ্বলাই দিয়ে বুলি জানিবপৰা হৈছে।

Related News