• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সাহিত্য-সমালোচনা পৰম্পৰামুখী আৰু পাঠকেন্দ্ৰিকহে’ : ‘স্বৰ্ণলিপি’ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2020 9:17 pm
index.jpgaaaa
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সাহিত্য-সমালোচনাৰ এটা নিজস্ব পৰম্পৰা আৰু ঐতিত্য আছে আৰু অসমীয়া সাহিত্য-সমালোচনাত বিভিন্ন বাদে ক্রিয়া কৰিছে যদিও বিশাল পৰিসৰত সমালোচনা-তত্বৰ প্রভাৱ দেখা নাযায় যাৰ ফলত নব্য-সমালোচনাই পাঠৰ গুৰুত অনা স্বত্বেও ইয়াৰ গতিয়ে কিন্তু পাঠক-দৰ্শকৰ প্রয়োজনীয়তাক প্ৰতিষ্ঠা কৰাত বিশেষ মাত্ৰা লাভ কৰা নাই।”” বিশ্ব সাহিত্যৰ শেহতীয়া ধাৰাৰ স’তে খাপ খাব পৰাকৈ অসমীয়া সাহিত্য-সমালোচনাৰ দিশটো গঢ়ি তোলাত বিশেষভাৱে মনোযোগ দিবলৈ গৱেষণাধৰ্মী সাহিত্য আলোচনী ‘স্বৰ্ণলিপি’ৰ তৰফৰপৰা আজি আৰু কালি ১০ আৰু ১১ অক্টোবৰত দুদিনীয়াকৈ আয়োজন কৰা “সাহিত্য সমালোচনাৰ তত্ব আৰু অসমীয়া সাহিত্য সমালোচনাৰ গতি-পৰকৃতি” শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেবিনাৰত মুখ্য বক্তাৰূপে ভাগ লৈ বিশিষ্ট সমালোচক ডিব্ৰুগড় বৰ্দ্বদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী প্ৰাধ্যাপক ডঃ আনন্দ বৰমুদৈয়ে এনেদৰে কয়।

তদুপৰি কিছুমান নাটকত আজি কালি ব্যৱহাৰ কৰা ধৰণৰ অশালীন সন্মানজনক শব্দপ্ৰয়োগক সাহিত্য-সমালোচনহি কেতিয়াও সমৰ্থন নকৰে বুলি ডঃ বৰমুদৈয়ে উল্লেখ কৰি কয় যে সাহিত্য-সমালোচনাত সম্প্ৰতি পাঠ আৰু পাঠকৰ প্ৰতিক্ৰিয়াৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে আৰু নতুন সমালোচকসকলে এনেবোৰ কথাত মনোনিবেশ কৰিব লাগে।

Apply Now

আন এগৰাকী মুখ্যবক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক সমালোচক ডঃ বিভাস চৌধুৰীয়ে ৱেবিনাৰত ভাগ লৈ কয় যে আধুনিক সমালোচনাত পাঠৰ লগতে লেখকৰ ৰচনাৰ পৰিৱেশ আৰু সমালোচকৰ নিজা পৰ্যবেক্ষণ, সামঞ্জস্য-নিৰীক্ষণেও বিশেষ মাত্ৰা পাইছে যাৰ ফলত পদ্ধতিগত বিচাৰ আৰু নব্য-ঐতিহা চেতনাই সম্প্ৰতি সমালোচনাক বেলেগ এটা দিশত প্ৰতিষ্ঠা কৰিছে। সাহিত্য সমালোচনা কেতিয়াও ব্যক্তিকেন্দৰিক হোৱা অনুচিত বুলিও ডঃ চৌধুৰীয়ে লগতে কয়।

ৱেবিনাৰখনত অংশ গ্ৰহণ কৰি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডঃ পল্লৰী ডেকা বুজৰবৰুৱাই ভাৰতীয় সাহিত্যৰ তুলনাত্মক সমালোচনাৰ দিশত আলোকপাত কৰি ভাৰতীয় পটভূমিত সমালোচনাই গঠনাত্মক অধ্যয়ন আৰু অখণ্ড মানৱীয় স্বৰূপপ্ৰকাশত গুৰুত্ব আৰোপ কৰাৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে।

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অৰিন্দম বৰকটকীয়ে ৱেবিনাৰখনত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি অসমীয়া সাহিত্য-সমালোচনাই প্রাক-স্বৰাজ আৰু স্বৰাজোত্তৰ কালছোৱাত পৰম্পৰাবাদ আৰু ঐতিহ্যৰ বিভিন্ন পৰ্বৰ মাজেদি আগবাঢ়ি সম্প্ৰতি এটা পৰ্যায় পাইছে বুলি ব্যাখ্যা কৰে আৰু সাহিত্য-সমালোচনাত মেধাৰ লগতে মানবীয়তাৰো দৰ্কাৰ বুলি পোষকতা কৰে।

ৱেবিনাৰখনত আন এগৰাকী সমলব্যক্তি ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ সহকাৰী অধ্যাপক ডঃ অনুৰাগ ভট্টাচাৰ্যই অতি শেহতীয়া পৰিবেশশাস্ত্ৰ শৈলী সমালোচনাধাৰা সম্পৰ্কে ব্যাখ্যা আগবঢ়াই কয় যে সম্প্ৰতি সাহিত্যৰ গুৰুত্ব মানৱকেন্দ্ৰিকৰপৰা জীৱকেন্দ্ৰিক হৈছে আৰু ইয়ে গঠনমূলক আলোচনাত নতুন মাৰ্গদৰ্শন কৰিছে।

হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা গীতালি শইকীয়াই সমলব্যক্তিৰূপে ভাগ লৈ সমালোচকৰ দায়িত্বনিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৱেবিনাৰখনত দুয়োদিনেই গৱেষকসকলে ভালেকেইখন গৱেষণাপত্ৰ উত্থাপন কৰে আৰু ইয়াৰ শৈক্ষিক কাৰ্যব্ৰুমণিকাত ভাগ লৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ নিভাৰাণী ফুকনে পঠিত গবেষণাপত্ৰসমূহৰ সন্দৰ্ভত বিস্তৃত আলোচনা আগবঢ়ায় স্বৰ্ণলিপিৰ উপদেষ্টা অৱসৰী প্ৰাধ্যাপক সাহিত্যাচাৰ্য ডঃ পৰাগ কুমাৰ ভট্টাচাৰযয়ো সাহিত্য-সমালোচনা সন্দৰ্ভত নিজৰ মতামত আগবঢ়াই।

স্বৰ্ণলিপিৰ সম্পাদক হৃদয়ানন্দ গগৈৰ সঞ্চালনত অনুষ্ঠিত দুয়োদিনাৰ ৱেবিনাৰত সমাজতন্ত্ৰ, মার্ক্সবাদ, উপনিবেশিকভাবাদ, নন্দনতন্ব, ৰূপতন্ব, অস্তিত্ববাদ, উত্তৰ আধুনিকতাবাদ, মেজিক ৰিয়েলিজম, উপান্ত গোট অধ্যয়ন, সামাজিক লিংগভিত্তিক অধ্যয়ন, ইক’’ ক্লিটিকেল অধ্যয়ন আদি ভালেমান দিশত বক্তা আৰু গৱেষকসকলে নিজস্থ দৃষ্টিভংগী প্রকাশ কৰি অসমীয়া উপন্যাস, চুটিগল্, কবিতা, নাটক আৰু সৃষ্টিশীল সাহিত্য সন্দৰ্ভত সমালোচনাৰ গতি-প্ৰকৃতি ব্যাখ্যা কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd