ধৰাৰ পৈশাচিক হত্যাকাণ্ডৰ প্ৰতিবাদত বেংগলী ফেডাৰেশ্যনৰ উদ্যোগত একাংশ বঙালী সম্প্ৰদায়ৰ লোকে প্ৰতিবাদ সাব্যস্তৰে ৰাজপথলৈ ওলাই আহি যান-বাহনৰ চলাচলত বাধা প্ৰদান কৰাৰ লগতে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি।
অসম বন্ধ উঠাই লোৱাৰ পিচতো বন্ধৰ সমৰ্থনত ৰাজপথত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছে । ঘাইপথৰে চলাচল কৰা যান-বাহন সমুহক প্ৰতিবাদকাৰীয়ে আবদ্ধ কৰাৰ চেষ্টা কৰে। ফলত ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সম্প্ৰতি শান্ত হৈছে কলিয়াবৰৰ নলতলিৰ পৰিস্থিতি।
আনহাতে এতিয়াও কলিয়াবৰৰ মিছা, জখলাবন্ধা , আমবাগানকে ধৰি বিভিন্ন প্ৰান্তত দোকান বন্ধ হৈ থকা পৰিলক্ষিত হৈছে যদিও ঠাই বিশেষে কিছু কিছু দোকান খোলা থকাও পৰিলক্ষিত হৈছে । লগতে যাত্ৰীবাহী গাড়ী সমূহ বন্ধ হৈ আছে।