• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় ঘাইপথৰ বুজ ল’বলৈ ডিমা হাচাওত জাপানীজ বিশেষজ্ঞৰ দল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
November 14, 2019 7:34 am
IMG-20191113-WA0027

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় ঘাইপথৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’বলৈ দুদিনীয়া কাৰ্যসূচীৰে ডিমা হাচাও জিলাত বুধবাৰে উপস্থিত হৈছে জাপানীজ বিশেষজ্ঞৰ এটা দল।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ৰিজ’নেল অফিচাৰ অলোক কুমাৰক লগত লৈ বিশেষজ্ঞৰ দলটোৱে পাৰ্বত্য জিলাৰ হাতিখালী, লাঙটিং, মাহুৰ আৰু জাতিংগা এলেকা পৰিদৰ্শন কৰে।

লাঙটিঙৰ ওচৰৰ হাতিখালী আৰু দিহাখু এলেকাত চাপৰে চাপৰে খহা ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি ভূমিস্খলন এলেকাৰ বুজ লয় জাপানীজ বিশেষজ্ঞ দলে। দলটোৱে খহি যোৱা ঘাইপথৰ চয়েল সংগ্ৰহ কৰে।

ইফালে যোৱা কিছুদিনত হোৱা নেৰানেপেৰা বৰষুণত লাঙটিং আৰু কালাচান্দৰ মাজৰ চাৰিলেনযুক্ত ঘাইপথৰ অধিক ক্ষতি হোৱা ঠাইত কেইবা ঘন্টা ধৰি পৰিদৰ্শন কৰে বিশেষজ্ঞ দলে।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীত থকা ৰিজ’নেল কাৰ্যালয়ৰ চিফ জেনেৰেল মেনেজাৰ অলোক কুমাৰে কয় ‘ঘাইপথৰ প্ৰায় বিশ ফুট তলেৰে বৰষুণৰ পানী সোমাই ভূমিস্খলনৰ সৃষ্টি কৰে। যাৰ প্ৰত্যক্ষ প্ৰভাৱত পথ খহি যায়’।

কুমাৰে লগতে কয় যে জাপানীজ বিশেষজ্ঞ দলে মাটি খহি যোৱাৰ কাৰণ উদ্ভাৱন কৰাৰ উপৰি ইয়াৰ ট্ৰিটমেন্টৰ কাৰণে কি ব্যৱস্থা ল’ব লাগিব সেয়াও জনাব।

আজি বিশেষজ্ঞ দলটোৱে জাতিঙ্গা-হাৰাঙ্গাজাও পঁচিশ কিলোমিটাৰ এলেকা পৰিদৰ্শন কৰিব। পঁচিশ কিলোমিটাৰ অংশৰ বৰমুলকৈ, ৰেখ’ আৰু কাপুৰচেৰা এলেকাৰ ভূমিস্খলন প্ৰৱণতা এলেকাৰ বুজ ল’ব। লগতে ভৌগলিক অৱস্থানো চোৱা হ’ব আৰু এই পৰিদৰ্শনৰ পাছত নতুনকৈ ঘাইপথ নিৰ্মাণৰ ডিপিআৰ প্ৰস্তুত কৰিব নাহাই(NHAI)এ।

সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎকাৰত চিফ জেনেৰেল মেনেজাৰ অলোক কুমাৰে কয় যে জাতিঙ্গা-হাৰাঙ্গাজাও বৰ্তমান পথ সংস্কাৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ৫৪ কোটি টকাৰ অনুদান দিছে।

ইতিমধ্যে নিবিদা আহ্বানৰ কাম সম্পূৰ্ণ হৈছে। এনে পৰিপ্ৰেক্ষিতত ডিচেম্বৰৰ প্ৰথম সপ্তাহত সংস্কাৰৰ কাম আৰম্ভ হোৱা সম্ভৱ হ’ব।

উল্লেখনীয় যে আজি নাহাইৰ চিজিএম অলোক কুমাৰে ছাত্ৰ সংগঠন ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামৰ প্ৰতিনিধিৰ সৈতে জাতিঙ্গাত ঘাইপথ সম্পৰ্কে এখন বৈঠকত মিলিত হয়।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd