ৰাজ্যত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য সোমবাৰে বিয়লি ৫ বজাত সামৰণি পৰে। প্ৰচাৰ কাৰ্যৰ অন্তিম দিনটোত ৰাজনৈতিক দলসমূহে নিজৰ শক্তি প্ৰদৰ্শনেৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। ইয়াৰ মাজতে শিৱসাগৰৰ ডিমৌত এটা ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ কাৰ্য চলোৱাৰ অভিযোগত নিলম্বিত হ’বলগীয়া হয় এজন শিক্ষক। এই ঘটনাই এতিয়াই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা শিক্ষক মনোৰঞ্জন কোঁৱৰে কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ কাৰ্যত অংশ লৈছিল। আৰু এই অভিযোগৰ ভিত্তিতে ডিমৌ টাউন এম ভি স্কুলৰ শিক্ষক মনোৰঞ্জন কোঁৱৰক জিলা প্ৰাথমিক শিক্ষা বিষয়াই নিলম্বিত কৰে।
ইফালে ৫ ডিচেম্বৰ অৰ্থাৎ কাইলৈ অসমৰ ১৬ খন জিলাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে শিৱসাগৰ জিলা প্ৰশাসন। জিলাখনত যাতে কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ নিৰ্বাচনটো অনুষ্ঠিত হৈ যায় তাৰ বাবে প্ৰশাসনে নিৰাপত্তাৰ লগতে অন্যান্য দিশতো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে।
ইতিমধ্যে জানিব পৰা মতে শিৱসাগৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৩, ৪ আৰু ৫ ডিচেম্বৰলৈকে জিলাখনক ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে। এই দিন কেইটাত যদি কোনো ব্যৱসায়ীয়ে অবৈধভাৱে সুৰা বিক্ৰী কৰে তেন্তে প্ৰশাসনক অৱগত কৰিবলৈ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই আহ্বান জনায়।
উল্লেখ্য যে, শিৱসাগৰ মহকুমাৰ অন্তৰ্গত শিৱসাগৰ আমগুৰি আৰু থাওৰা বিধান সভা সমষ্টিৰ ৩, ৪৪, ৩৪৫ গৰাকী ভোটাৰে ৫ ডিচেম্বৰত নিজৰ ভোটদান সাব্যস্ত কৰিব। ১৩ খন জিলা পৰিষদৰ বাবে ৩৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে ৬২ খন গাঁও পঞ্চায়তৰ সভাপতিৰ পদৰ বাবে ১৯০ গৰাকী প্ৰাৰ্থী, ৬২ টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদৰ বাবে ১৭৩ গৰাকী প্ৰাৰ্থী আৰু ৬২০ টা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ পদৰ বাবে ১৬২৬ গৰাকী প্ৰাৰ্থীয়ে বিভিন্ন ৰাজনৈতিক দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে।