বিগত কেইদিন মান ধৰি ৰাজ্যিক বন আৰু পশু চিকিৎসা বিভাগে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ পৰা ওলাই অনাই বনাই ফুৰা ৰয়েল বেংগল বাঘিনীজনীক অজ্ঞান কৰা বা নিৰাপদে ধৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
চাৰিটা হাতীত পশু শৈল্য চিকিৎসক ড০ ভাস্কৰ চৌধুৰী আৰু ড০ প্ৰভাত বসুমতাৰীৰ নেতৃত্বত এটা অস্থায়ী চেতনানাশক প্ৰয়োগৰাকী দলে পুৰ্ণ বয়সপ্ৰাপ্ত ৰয়েল বংগল বাঘিনীজনীক ধৰাৰ বাবে দিন ৰাতি একাকাৰ কৰি ফুৰিছে।
উল্লেখ্য যে বৰগড়া চাহ বাগানৰ একাংশ শ্ৰমিকে বাঘিনীজনী দেখা বুলি জনাইছিল আৰু শুকুৰবাবে নিশা বিশেষ কেমেৰাত তাইৰ গতি বিধি আবদ্ধ হৈছিল।
ওৰাং ব্যঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ ৰেঞ্জ বিষয়া চক্ৰপাণি ৰাইয়ে বাঘিনীজনীক যোৱা বছৰৰ বাঘ পিয়লত নম্বৰ-৩ বুলি নথিভুক্ত কৰা বাঘিনীজনী বুলি চিনাক্ত কৰিছে।
ৰাইয়ে কৈছে, ‘‘বাঘিনীজনী আমাৰ আগৰ জৰীপত নম্বৰ-৩ বুলি নথিভুক্ত হৈছে। ব্যঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ পৰা কেই কিলোমিটাৰ মান বাহিৰলৈ ওলাই অহা বাঘিনীজনীয়ে বৰ্তমান বৰগড়া চাহ বাগিচা আৰু বৰোবাগিচা কাঠনি এলেকাত ঘূৰি ফুৰি কেইটামান পোহনীয়া গাহৰি মৰাৰ খবৰ পোৱা গৈছে।’’
তেওঁ কৈছে যে বাঘিনীজনীক নিৰাপদে ধৰাৰ বাবে লোৰ সজাৰ ব্যৱস্থা কৰা আৰু চেতনানাশক গোটক মোতায়েন কৰা হৈছে।