• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত সম্পন্ন হ’ল এন ই পি ২০২০ৰ সম্পৰ্কে তিনিদিনীয়া কৰ্মশালা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 8, 2024 8:56 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় চৌহদত তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ ৰূপায়ণৰ ওপৰত এখনি আঞ্চলিক কৰ্মশালা সফলতাৰে অনুষ্ঠিত কৰে।

এই কৰ্মশালা খনৰ উদ্দ্যেশ্য আছিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলক ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত জ্ঞান প্ৰদান কৰাৰ লগতে হাতে কামে NEP 2020  অনুযায়ী ফলাফল ভিত্তিক শিক্ষাৰ (OBE) ওপৰত প্ৰশিক্ষণ দিয়া।

Apply Now

কৰ্মশালাৰ প্ৰথম দিনটোত শ্ৰীমন্ত শংকৰ একাডেমী চ’চাইটিৰ সভাপতি শ্ৰীযুত যশোদা ৰঞ্জন দাসে কৰ্মশালাৰ উদ্দেশ্য সন্দৰ্ভত আলোকপাত কৰি আদৰণি ভাষণ প্ৰদান কৰে।

কৰ্মশালাত মাইণ্ড-ইণ্ডিয়াৰ সভানেত্ৰী কাউন্সেলিং চাইক’লজিষ্ট ড০ সংগীতা গোস্বামীয়ে শিক্ষাত আৱেগিক সুস্থতা আৰু সামাজিক আৱেগিক শিক্ষন সম্পৰ্কে বিস্তৃত ভাষণ প্ৰদান কৰে।

বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে এন ই পি ২০২০ আৰু উচ্চ শিক্ষাৰ শিক্ষাৰ বহু-বিষয়ক দৃষ্টিভংগীৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক ড০ দেবৰ্ষি মল্লিকে ফলাফল ভিত্তিক শিক্ষা আৰু বিভিন্ন পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ কৰ্মক্ষমতা জুখিব পৰাৰ কথা উল্লেখ কৰে।

দ্বিতীয় দিনা বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসন বিভাগৰ সহকাৰী অধ্যাপক ড০ অভিনৱ শৰ্মাই দলীয় কাম আৰু দলীয় নেতৃত্বৰ ওপৰত এক বক্তৃতা অনুষ্ঠান ৰাখে , য’ত তেওঁ দলীয় কামৰ বিভিন্ন উপাদানৰ গুৰুত্ব আৰু বৰ্তমানৰ শৈক্ষিক পৰিস্থিতিত ইয়াৰ প্ৰাসংগিকতাৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ মত আগবঢ়ায়। ইয়াৰ উপৰিও তেওঁ ছাত্ৰ-শিক্ষক-অভিভাৱক লৈ গঢ়ি উঠা ত্ৰিকোণ সম্পৰ্ক আৰু বিদ্যালয়কে ধৰি অন্যান্য শিক্ষানুষ্ঠানত সুস্থ শৈক্ষিক পৰিৱেশ গঢ়াত ইয়াৰ অৱদানৰ সম্পৰ্কত আলোকপাত কৰে।

কাউন্সেলিং চাইক’লজিষ্ট শ্ৰীমতী বৰ্ণালী বৰা সমল ব্যক্তি হিচাপে কৰ্মশালাৰ শোভা বঢ়ায় আৰু মেণ্টৰিং- শিক্ষাৰ  পদ্ধতিৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় । মানসিক আৰু আৱেগিক পৰিৱৰ্তনৰ উপৰিও কৈশোৰ কালত মানুহে লিপ্ত হোৱা বিভিন্ন বিষয় আৰু সমস্যাৰ বিষয়েও তেখেতে আলোচনা কৰে।

জি চি ইউৰ কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী শ্ৰাৱণী মেধিয়ে শিক্ষা ব্যৱস্থাত প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সংহতিৰ ওপৰত বহুমূলীয়া আলোচনা আগবঢ়ায়। আলোচনাত তেখেতে  শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক নিয়োজিত কৰণ আৰু শিক্ষণৰ অগ্ৰগতিৰ বিষয়ে জানিবলৈ সক্ষম হোৱা তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰাৰ ক্ষেত্ৰত এ আইৰ ক্ষমতাৰ ওপৰত আলোকপাত কৰে।

তৃতীয় দিনটোত অৰ্থনীতি বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপিকা ড০ সম্পূৰ্ণ ভূঞাই উচ্চ শিক্ষানুষ্ঠানসমূহত এন ই পি ৰূপায়ণৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। ইতিহাস বিভাগৰ সহকাৰী অধ্যাপিকা ড০ এনিশা বৰদলৈয়ে শিক্ষাৰ উচ্চ পৰ্যায়ত ভাৰতীয় জ্ঞান ব্যৱস্থাৰ ওপৰত মূল্যৱান মতামত প্ৰদান কৰে। আই কে এছৰ সুবিধাসমূহৰ লগতে আই কে এছ কাৰ্যকৰী কৰাৰ সময়ত সাৱধান হ’বলগীয়া দিশসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে। বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা   ড০ বৰষা ছেত্ৰীয়ে  শিক্ষাত শিক্ষাবিজ্ঞান আৰু বিশ্বজনীন দক্ষতাৰ  বিষয়ে বিশদভাৱে কয়। শিক্ষা ব্যৱস্থাত NEP 2020 য়ে গুৰুত্ব আৰোপ কৰা পাঠদানৰ বিভিন্ন পদ্ধতিৰ বিষয়ে তেওঁ আলোকপাত কৰে।

শ্ৰীমতী পলাক্ষী শৰ্মাই কৰ্মক্ষেত্ৰত সুখৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰি সেই অনুসৰি ইয়াক বৃদ্ধি কৰাৰ কৌশলৰ পৰামৰ্শ আগবঢ়ায়। সমাজবিজ্ঞান আৰু সমাজ কৰ্ম বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ৰেচেল কাবিয়ে শিক্ষকৰ বৈশিষ্ট্য আৰু ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব আৰু বিকাশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়। 

২৯ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে NEP 2020 ৰ সম্পৰ্কে বিষদ  জ্ঞান আৰু দক্ষতাৰ লাভ কৰাৰ উদ্দেশ্যে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰ একাডেমী, দিছপুৰ, নেতাজী বিদ্যাপীঠ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ জাতীয় বিদ্যালয় আৰু মিৰ্জা উচ্চতৰ মাধ্যমিক বিদ্যালয় , ৰামপুৰ এইচ. স্কুল, বাণীকান্ত সোঁৱৰণী এইচ. স্কুল আৰু ৰেলৱে হায়াৰ ছেকেণ্ডাৰী স্কুলে কৰ্মশালাত  অংশগ্ৰহণ কৰে।

সামৰণি অনুষ্ঠানত  অংশগ্ৰহণকাৰীসকলক মানপত্ৰ প্ৰদান কৰাৰ  লগতে এন ই পি ২০২০ কৰ্মশালাৰ সমন্বয়ক ড০ ৰেচেল কাবিয়ে সকলোকে শলাগৰ শৰাই জ্ঞাপন  কৰে l

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd