• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাথৰাছৰ গুদামত ঘেঁহু খাবলৈ সোমাই কীটনাশকৰ গোন্ধত ১৪৫টা বান্দৰৰ মৃত্যু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 23, 2024 1:12 pm
হাথৰছত এফ চি আইৰ গুদামত প্ৰৱেশ কৰি কীটনাশকৰ গোন্ধৰ বাবে ১৪৫টা বান্দৰৰ মৃত্যু হয়।

হাথৰছত এফ চি আইৰ গুদামত প্ৰৱেশ কৰি কীটনাশকৰ গোন্ধৰ বাবে ১৪৫টা বান্দৰৰ মৃত্যু হয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদ্যৰ বাবে এফ চি আইৰ গুদামত প্ৰৱেশ কৰি কীটনাশকৰ গোন্ধৰ বাবে ১৪৫টা বান্দৰৰ মৃত্যু হয়। পোন্ধৰ দিন পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হৈছিল এই কৰুণ ঘটনা। মৃত বান্দৰকেইটা কলোৱাৰী পথৰ এফ চি আই গুদামৰ চৌহদত সমাধিস্থ কৰে। শুকুৰবাৰে আৰক্ষীয়ে মৃতদেহ খনন কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। হাথৰাছৰ কোটোৱালী থানাৰ আৰক্ষীয়ে একাংশ অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

সূত্ৰ অনুসৰি সেই গুদামত বৃহৎ পৰিমাণৰ ঘেঁহু মজুত আছিল। খাদ্যৰ গোন্ধত বান্দৰৰ জাকে তাত জপিয়াই পৰে। গুদামৰ এখন খিৰিকী ভঙা আছিল। ভঙা খিৰিকীখনেৰে সিঁহত ভিতৰত সোমায়। গুদামত মজুত ঘেঁহুৰ ওপৰত পোক-পৰুৱাৰ আক্ৰমণ ৰোধ কৰিবলৈ ঘেঁহুৰ বস্তাত কীটনাশক এলুমিনিয়াম ফছফাইড স্প্ৰে কৰা হৈছিল। সেই কীটনাশকৰ গোন্ধত জাকটোৰ ১৪৫টা বান্দৰৰ মৃত্যু হয়। সেই কীটনাশক অতি বিষাক্ত।

Apply Now

হৰ্ষিত গৌৰ নামৰ এজন স্থানীয় বাসিন্দাই এই ঘটনাৰ খবৰ দিয়ে কোটৱালী থানাত। তেওঁ আৰক্ষীক জনোৱা মতে, ১৯ নৱেম্বৰত এফ চি আইৰ গুদামৰ এজন কৰ্মচাৰীয়ে তেওঁক জনাইছিল যে যোৱা ৭ নৱেম্বৰত ভঙা খিৰিকীৰে এটা বান্দৰৰ দলে গুদামটোত প্ৰৱেশ কৰিছিল। কিন্তু সিঁহত কেতিয়াও বাহিৰলৈ ওলাই যোৱা দেখা পোৱা নগ’ল।

মৃত বান্দৰবোৰ গাঁত খান্দি গুদামৰ চৌহদত পুতি থোৱাৰ কথাও হৰ্ষিতক অৱগত কৰা হয়। খবৰটো শুনি পিছদিনা হৰ্ষিতে কোটৱালী থানাত এজাহাৰ দাখিল কৰে। লগতে হাথৰাছৰ মহকুমাধিপতি আৰু সদৰ চক্ৰ পৰিদৰ্শকক অভিযোগ দাখিল কৰে।

শুকুৰবাৰে আৰক্ষীয়ে কবৰ খনন কৰি মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। প্ৰাথমিক তদন্তৰ অন্তত আৰু এফ চি আইৰ কৰ্মচাৰীৰ এটা অংশক জেৰা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে যোৱা ৭ নৱেম্বৰত গুদামত মজুত ঘেঁহুৰ বস্তাত কীটনাশক স্প্ৰে কৰা হৈছিল। সেই নিশাই গুদামটোত বান্দৰৰ জাকটো সোমাইছিল।

গুদাম কৰ্তৃপক্ষই বিষয়টো সম্পূৰ্ণৰূপে লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰে হৰ্ষিতে। তাত থকা শ্ৰমিকসকলকো এই বিষয়ে মুখ খোলাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। আৰক্ষীৰ মতে, ঘটনাৰ তদন্ত আৰম্ভ হৈছে যদিও এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। অৱশ্যে আৰক্ষীৰ এক সূত্ৰৰ মতে, এফ চি আই কৰ্তৃপক্ষইও এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

হাথৰাছৰ সেই গুদামত ১৭ হাজাৰ মেট্ৰিক টন খাদ্য শস্য মজুত কৰিব পাৰি। বৰ্তমান ১২ হাজাৰ মেট্ৰিক টন ঘেঁহু তাত মজুত হৈ আছে। সেই গুদামৰ পৰাই হাথৰাছৰ বিভিন্ন ৰেচনৰ দোকানলৈ খাদ্য শস্য যোগান ধৰা হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd