NORTHEAST NOW (Assamese)

শ্ৰদ্ধাঞ্জলি: নিপন গোস্বামী আছিল অসমীয়া চলচ্চিত্ৰৰ এক মহীৰূহ অভিনেতা

October 27, 2022 4:59 pm · দুদুলমণি শৰ্মা
Updated: October 27, 2022 7:58 pm

বলিষ্ঠ আৰু সাৱলীল অভিনয়েৰে অসমীয়া চলচ্চিত্ৰ জগতক এক অনন্য মাত্ৰা প্ৰদান কৰা চিৰসেউজ অভিনেতা আৰু অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী উজ্জ্বল ব্যক্তিত্ব নিপন গোস্বামীৰ দেহাৱসানৰ লগে লগে আজি অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ এটা যুগৰ  অৱসান ঘটিল।

অসমীয়া ছবি জগতৰ চুপাৰষ্টাৰ হিচাপে যদি কাৰোবাক অভিহিত কৰিব পাৰি, তেনেহ’লে বিনাদ্বিধাই তেওঁ আছিল নিপন গোস্বামী। তেজপুৰৰ কলিবাৰীত ১৯৪৭ চনত জন্ম গ্ৰহণ কৰা গোস্বামীয়ে দহ বছৰ বয়সতে ফণী শৰ্মা পৰিচালিত “পিয়লি ফুকন” ছবিৰ জড়িয়তে অসমীয়া ছবি জগতত পদাৰ্পণ কৰিছিল আৰু মৃত্যুৰ আগ মুহূৰ্ত্তলৈকে তেখেত অসমীয়া ছবিৰ সৈতে জড়িত হৈ আছিল।

ইমান দীঘলীয়া সময় ধৰি অভিনয়ৰ সৈতে জড়িত হৈ থকা ব্যক্তি দ্বিতীয় এজন আছে বুলি মোৰ মনে নধৰে। কেতিয়াবা কেতিয়াবা দুই-এখন ছবিত অতি নাটকীয়তা থাকিলেও তেখেতৰ অভিনয়ৰ মূল বৈশিষ্ট্য আছিল এক স্বাভাৱিক  সাৱলীলতা। চৰিত্ৰসমৃহৰ সৈতে তেওঁ এনেদৰে মিলি গৈছিল যে তেওঁ যে অভিনয়হে কৰিছে সেই কথা মানুহে পাহৰিয়ে গৈছিল।

তেওঁৰ উল্লেখযোগ্য ছবিসমূহ আছিল “সংগ্ৰাম”, “ডঃ বেজবৰুৱা”, “মুকুতা”, “মানৱ আৰু দানৱ”, “বৃষ্টি”, “বহাগৰ দুপৰীয়া”, “সন্ধ্যাৰাগ”, “আজলী নবৌ”, “অপৰূপা”, “ঘৰ সংসাৰ”, “ককাদেউতা নাতি আৰু হাতী”, “শকুন্তলা আৰু শংকৰ জোছেফ আলি”, “চিৰাজ”, “বুকুৰ মাজত জ্বলে”, আৰু “কাদম্বৰী” আদি।

ডাঃ বেজবৰুৱা ছবিত নিপন গোস্বামী।

নায়কৰ পৰা আৰম্ভ কৰি অন্যান্য চৰিত্ৰসমূহত তেওঁ কৰা অভিনয় আছিল অতি যথাযথ, স্বাভাৱিক আৰু আন্তৰিক। চৰিত্ৰসমূহৰ ভিতৰলৈকে তেওঁ সোমাই যাব পাৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, এই চৰিত্ৰসমূহৰ বেছিভাগেই আছিল অসমীয়া চহা আৰু মধ্যবিত্ত জীৱনক প্ৰতিনিধিত্ব কৰা চৰিত্ৰ, হয়তো সেইবাবেই ছবিসমূহ চোৱা দৰ্শকে নিপন গোস্বামীৰ মাজত নিজক বিচাৰি পাইছিল আৰু তেওঁক আদৰি লৈছিল।

মই নিজেও তেওঁ অভিনয় কৰা ছবিবোৰ চাই অভিভূত হৈছিলোঁ। বিশেষকৈ, “ডঃ বেজবৰুৱা”, “মুকুতা”, “মানৱ আৰু দানৱ”, “বৃষ্টিৰ” দৰে ছবিবোৰে আমাৰ মনত গভীৰভা‌ৱে ৰেখাপাত কৰিছিল। দেউতি বৰুৱাৰ পৰিচালনা আৰু জয়ন্ত হাজৰিকাৰ সংগীত পৰিচালনাত নিৰ্মিত “বৃষ্টি”ৰ গানকেইটাই অসমীয়া সংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। আনকি পৰৱৰ্তী কালতো “কাদম্বৰী”ৰ দৰে ছবিত তেওঁৰ অভিনয়ে দৰ্শকৰ মন চুই যাব পাৰিছিল।

মানৱ আৰু দানৱ ছবিত নিপন গোস্বামী।

মঞ্চ অভিনয়ৰ ক্ষেত্ৰতো তেওঁৰ পাৰদৰ্শিতা আছিল অভূতপূৰ্ব। বিশেষকৈ আৱাহন, কহিনুৰ, হেঙুল থিয়েটাৰত তেওঁ কৰা অভিনয় দৰ্শকে কেতিয়াও পাহৰিব নোৱাৰে।

আজিৰপৰা কেই বছৰমান আগতে দীপাৱলীৰ প্ৰাকক্ষণত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত আমি এটি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। গুৱাহাটীৰ কেবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে সমবেতভাৱে এটি সমদলৰ জড়িয়তে দীপাৱলীৰ সময়ত ৰাইজক ফটকা বৰ্জন কৰিবলৈ আহ্বান জনাইছিল।

ককাদেউতা নাতি আৰু হাতী ছবিত নিপন গোস্মামী।

নিপন গোস্বামীয়ে সেইদিনা অনুষ্ঠানটো মুকলি কৰিছিল। শাৰীৰিকভাৱে তেওঁ তেতিয়া বৰ সুস্থ নাছিল। কিন্তু অনুষ্ঠানটোৰ গুৰুত্ব বুজি তেওঁ বিনাদ্বিধাই আমাৰ অনুৰোধ গ্ৰহণ কৰিছিল আৰু ছাত্ৰ- ছাত্ৰীসকলৰ আগত ফটকাবিহীন দীপাৱলী আয়োজনৰ গুৰুত্ব বৰ সুন্দৰকৈ বুজাই দিছিল। আজি সেই দিনটোৰ কথা বৰকৈ মোৰ মনত পৰিছে।

Related News