বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেড্ৰ’ছ আধানমে কোভিড ভেকচিন সম্বন্ধে কৰা এক শেহতীয়া মন্তব্যই বিশ্ববাসীৰ মনত আশাৰ সঞ্চাৰ কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যবাহী বোৰ্ডৰ কোভিড মহামাৰী সম্বন্ধে সম্বোধন কৰা এখন সংবাদমেলত ভাষণ প্ৰদান কৰি আধানমে চলিত বৰ্ষৰ শেষৰ ফালে কোভিড ভেকচিন প্ৰস্তুত হৈ উঠিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
”ভেকচিন নিৰ্মাণৰ কাম ইতিমধ্যে যথেষ্ট পৰিমাণে আগবাঢ়িছে কিন্তু ইয়াৰ বিতৰণৰ কাম ৰাজনৈতিক নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব,” টেড্ৰ’ছ আধানমে লগতে কয়।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আধানমে ক’ৰ’না ভেকচিন প্ৰস্তুত হৈ উঠিব নে নাই শেয়া নিশ্চিত নহয় বুলি মন্তব্য প্ৰকাশ কৰিছিল।
সমগ্ৰ বিশ্বত ক’ৰ’না মহামাৰীয়ে কেইবালাখো লোকৰ প্ৰাণ কাঢ়ি নিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল আৰু ভাৰত বৰ্ষ প্ৰতিখন দেশত এক লাখতকৈ অধিক লোকৰ মৃত্যু ঘটিছে।