NORTHEAST NOW (Assamese)

উৰুকা নিশাই অঘটন! : বিশ্বনাথত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল এখন গাঁও

January 14, 2021 6:56 am · কাজি জেইদুল ইছলাম

ভোগালীৰ উছাহৰ মাজতে বিশ্বনাথত ঘটিল অঘটন।

উৰুকাৰ উছাহৰ মাজতে কোনো দুৰ্বৃত্তই বিশ্বনাথ ঘাটৰ নতুন গাঁৱৰ মানুহৰ দুঘৰত সংঘটিত কৰি এই দুষ্কাৰ্য।

গঞা তৎপৰতাৰ বাবে  উৰুকাৰ নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল এখন গাঁওখন।

ঘটনাৰ বিৱৰণীৰ মতে বিশ্বনাথ ঘাটৰ নতুন গাঁৱত নিশা প্ৰায় ১:৩০ মান বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই দুখন ঘৰৰ মাজত অৱস্থিত এটা খেৰৰ মেজিত অগ্নি সংযোগ কৰি পলায়ন কৰে।

কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎকালীন উপস্থিতিত কোনো মতে জুই নুমাবলৈ সক্ষম হোৱাৰ লগতে কথমপি ৰক্ষা পৰে দুখনকৈ ঘৰৰ লগতে গাঁওখন ।

Related News