আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ দেশত এক নতুন বিতৰ্কই গা কৰি উঠিছে। শেহতীয়াকৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি স্পষ্ট কৰি দিছে যে আধাৰ কাৰ্ড কোনো ব্যক্তিৰ জন্মৰ প্ৰামাণিক নথি হ’ব নোৱাৰে। উচ্চতম ন্যায়ালয়ে পূৰ্বতেই জনাইছিল যে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয় আৰু নিৰ্বাচন আয়োগেও ইয়াক নাগৰিকত্বৰ একমাত্ৰ ভিত্তি হিচাপে গ্ৰহণ কৰা নাই। এতিয়া আদালতৰ নতুন নিৰ্দেশনা অনুসৰি আধাৰ বা ভোটাৰ কাৰ্ডক জন্মৰ তাৰিখ নিশ্চিত কৰাৰ বাবেও ব্যৱহাৰ কৰিব নোৱাৰিব। আদালতৰ মতে জন্মৰ সঠিক তথ্যৰ বাবে কেৱল জন্মৰ প্ৰমাণ পত্ৰহে একমাত্ৰ গ্ৰহণযোগ্য নথি।
এই সমগ্ৰ বিষয়টো চৰ্চালৈ আহে মধ্যপ্ৰদেশৰ ধৰ জিলাৰ এগৰাকী অংগনবাড়ী কৰ্মীৰ গোচৰক কেন্দ্ৰ কৰি। জিলাখনৰ এটা কেন্দ্ৰত কৰ্মৰত হিৰলীবাই নামৰ এগৰাকী মহিলাই অৱসৰ গ্ৰহণ কৰাৰ পিছত সেই পদত প্ৰমিলা নামৰ আন এগৰাকী মহিলাক নিযুক্তি দিয়া হৈছিল। কিন্তু দুবছৰ পাছত হিৰলীবাইয়ে হঠাতে দাবী কৰে যে তেওঁৰ বয়সৰ হিচাপত ভুল আছিল আৰু তেওঁ আধাৰ তথা ভোটাৰ কাৰ্ডৰ তথ্য দেখুৱাই নিজৰ চাকৰি ঘূৰাই বিচাৰে। স্থানীয় বিষয়াসকলে তেওঁৰ কথা মানি লৈ হিৰলীবাইক পুনৰ কামত মকৰল কৰে যাৰ ফলত প্ৰমিলা নামৰ মহিলাগৰাকী চাকৰিৰ পৰা বঞ্চিত হয়। ইয়াৰ বিৰুদ্ধে প্ৰমিলাই ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল।
উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে কয় যে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডত থকা তথ্যসমূহ মূলত স্বঘোষিত। এই নথিসমূহ কেৱল ব্যক্তিৰ পৰিচয় বা চিনাক্তকৰণৰ বাবেহে ব্যৱহাৰ কৰা হয়। আদালতৰ মতে কোনো চৰকাৰী কামত বা চাকৰিৰ ক্ষেত্ৰত জন্ম তাৰিখৰ প্ৰমাণ হিচাপে কেৱল জন্মৰ প্ৰমাণ পত্ৰহে বৈধ হ’ব। আদালতে স্পষ্টকৈ জনাই দিয়ে যে জন্মৰ সৈতে আধাৰৰ কোনো সম্পৰ্ক নাই। এই ৰায়দানৰ পাছতেই আদালতে হিৰলীবাইক চাকৰিৰ পৰা আঁতৰাই প্ৰমিলাক পুনৰ নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে।
আদালতৰ এই স্থিতিয়ে এতিয়া দেশজুৰি নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে। যদি আধাৰ কাৰ্ডেৰে নাগৰিকত্বৰ প্ৰমাণ নহয়, ভোটাধিকাৰৰ নিশ্চিতি নহয় আৰু এতিয়া জন্মৰ প্ৰমাণো নহয়, তেন্তে ইয়াৰ প্ৰাসংগিকতা কিমান সেই লৈ চৰ্চা আৰম্ভ হৈছে। বহুতে প্ৰশ্ন কৰিছে যে কেৱল পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আধাৰৰ বাহিৰেও আন বহুতো চৰকাৰী নথি আছে। এই নতুন ৰায়দানৰ পাছত এতিয়া প্ৰতিটো চৰকাৰী বা ব্যক্তিগত কামৰ বাবে জন্মৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাটো সকলোৰে বাবে অপৰিহাৰ্য হৈ পৰিছে।





