অসমৰ নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাক এলাগী কৰাৰ সাহস কোনে দিছে?-আপৰ প্ৰশ্ন

একাদশ-দ্বাদশ শ্ৰেণীত অসমীয়া ভাষা অন্তৰ্ভুক্তিৰ দাবী আপ অসমৰ

অসমৰ এখন নৱোদয় বিদ্যালয়। ফটো: সংগ্ৰহীত।

নতুন শিক্ষা নীতিত সকলো চি বি এছ চি পাঠ্যক্ৰমত মাতৃভাষাৰ শিক্ষা বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছতো অসমৰ নৱোদয় বিদ্যালয়সমূহত একাদশ আৰু দ্বাদশ শ্ৰেণীত অসমীয়াক এটা বিষয় হিচাপে অন্তৰ্ভুক্ত নকৰাত উদ্বেগ প্ৰকাশ কৰিছে আম আদমি পাটীয়ে।

এক বিবৃতিত দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে প্ৰশ্ন কৰে যে অসমৰ বিদ্যালয়ত অসমীয়া নপঢ়ুৱালে ক’ত পঢ়ুৱাব? একাংশ অসমীয়া বিৰোধী লবীয়ে অসমৰ নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাক এলাগী কৰাৰ ষড়যন্ত্ৰ কৰিছে।  

লগতে পঢ়ক: সোমবাৰে ২৪ ঘন্টীয়া ভাৰত বন্ধ; কোনে দিছে আৰু কিয় দিছে এই বন্ধৰ আহ্বান?

নৱোদয় বিদ্যালয় সমিতিয়ে শেহতীয়াকৈ আধুনিক ভাৰতীয় ভাষাৰ ম্মাতকোত্তৰ শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰত কৈছে যে যিবোৰ বিদ্যালয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত আঞ্চলিক ভাষাৰ শিক্ষা প্ৰদান কৰি থকা হৈছে, কেৱল তেনেবোৰ বিদ্যালয়তহে এনে পদৰ স্বীকৃতি দিয়া হ’ব।

উল্লেখ্য যে মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট, কেৰেলা, ওড়িশা, অন্ধপ্ৰদেশ, তেলেংগনা, পশ্চিমবংগ আৰু মণিপুৰত ইতিমধ্যে একাদশ আৰু দ্বাদশ শ্ৰেণীত ৰাজ্যিক ভাষাক অন্তৰ্ভুক্ত কৰা হৈছে। কিন্ত অসমত, অসমীয়া বিৰোধী লবীৰ চক্ৰান্তত শোণিতপুৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাদে আন কোনো বিদ্যালয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত অসমীয়া ভাষা আজিকোপতি অন্তৰ্ভুক্ত কৰা হোৱা নাই।

জাতি-মাটি ৰক্ষাৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ আমোলতে অসমৰ বিদ্যালয়তে অসমীয়া ভাষা এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব নোৱাৰা কাৰ্যক ধিক্কাৰ দিছে আম আদমি পাৰ্টীয়ে।

লগতে পঢ়ক: ‘হিন্দীৰ দাসত্ব মানি নলওঁ’, চৰকাৰী ভাষা প্ৰসংগত অমিত শ্বাহক প্ৰত্যুত্তৰ ষ্টেলিনৰ

দলটোৱে চৰকাৰৰ ওচৰত দাবী জনায় যে অসমৰ জৱাহৰ নৱোদয় বিদ্যালয়সমূহৰ একাদশ আৰু দ্বাদশ শ্ৰেণীত অসমীয়া বিষয়টো অন্তৰ্ভুক্ত কৰিবলৈ শীঘে ব্যৱস্থা গ্ৰহণ কৰক।