• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি প্ৰক্ৰিয়াৰ “অন্যায়”ৰ বিৰুদ্ধে নতুন দিল্লীত ধৰ্ণা; ভুৱা আপত্তিকাৰীক শাস্তিৰ দাবী

ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে নাগৰিকত্ব আইন, ১৯৫৫-ৰ ধাৰা ১৭ অনুসৰি ব্যৱস্থা লোৱাৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2019 8:08 am
Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ দাবী-আপত্তি নিষ্পত্তি প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে যোৱা ০১.১১.২০১৮ তাৰিখে  অনুমোদন কৰা SOP ৰ কিছু দফাৰ লগতে মাননীয় উচ্চতম ন্যায়ালয়ৰ কেইবাটাও নিৰ্দেশনা উলংঘা কৰা হৈছে বুলি অভিযোগ আনি নতুন দিল্লীত আমছুৱে দুঘণ্টীয়া ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

সংগঠনটোৱে সংবাদ মাধ্যমক জনায় যে এই অনিয়ম আৰু খামখেয়ালিৰ ফলত সাধাৰণ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু ৰাইজে বহু সমস্যাৰ সন্মূখীন হৈ আহিছে।

Apply Now

এন আৰ চি কৰ্তৃপক্ষক পক্ষপাতিত্বমূলক ভুমিকা পৰিহাৰ কৰি নিৰপেক্ষ দৃষ্টিভংগিৰে কাম কৰিবলৈ দাবী জনায়।

সংগঠনটোৱে তলত উল্লেখ কৰা দাবীসমূহ তুলিছে-

১) মাননীয় উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা SOP ৰ দফা ৫ অনুযায়ী দাবী-আপত্তিৰ শুনানিলৈ মতা জাননীত দাবী-আপত্তিৰ কাৰণ (Grounds of Objection or Claim) উল্লেখ কৰক।  ভুৱা আপত্তিকাৰীক নাগৰিকত্ব আইন, ১৯৫৫ ৰ ধাৰা ১৭ অনুসৰি শাস্তি প্ৰদান কৰক।

২) আপত্তিকাৰী অনুপস্থিত থকা শুনানিসমূহত পোনে পোনে আপত্তিসমূহ খাৰিজ কৰক।

৩) আপত্তি আবেদন দাখিলৰ সময়ত আপত্তিকাৰীয়ে নিজৰ নাম-ঠিকনা ফোন নম্বৰ ইত্যাদিৰ লগতে আপত্তিৰ কাৰণ উল্লেখ কৰাটো বাধ্যতামূলক। নাম-ঠিকনা ফোন নম্বৰ অবিহনে দাখিল কৰা আপত্তি-আৱেদনসমূহ খাৰিজ কৰক।

৪) মাননীয় উচ্চতম ন্যায়ালয়ৰ অনুমোদিত SOP ৰ দফা ৫ অনুসৰি আপত্তিৰ কাৰণ উল্লেখ কৰি অতি কমেও ১৫ দিনৰ পূৰ্বে আপত্তি উত্থাপিত হোৱা ব্যক্তিক জাননী দিব লাগিব। কোনো কাৰণত কোনো জাননী ১৫ দিন পূৰ্বে দিব নোৱাৰিলে সেই জাননীৰ শুনানিৰ তাৰিখ পুননিৰ্ধাৰণ কৰি নতুন জাননী প্ৰদান কৰিব লাগিব।

৫)  আপত্তিকাৰীৰ নাম ঠিকনা ইত্যাদি প্ৰকাশ কৰিব নালাগে বুলি ৰাজ্যিক সমন্বয়ক  প্রতীক হাজেলাই ১১ মে তাৰিখে  নিৰ্দেশনা দিয়াত Natural Justice পোৱাত বাধা দিয়াহে হৈ আছে। নিজৰ নাগৰিকত্বৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল কৰা ব্যক্তিজনৰ সম্পূৰ্ণ বিৱৰণ জনা সংশ্লিষ্ট ব্যক্তিজনৰ অধিকাৰ। কিন্তু NRC ৰ কৰ্তৃপক্ষই মইমতালিৰে আপত্তিকাৰীৰ তথ্য গোপনে লুকুৱাই ৰাখি তথ্য জনাৰ অধিকাৰ খৰ্ব  কৰি আহিছে। হাজেলাই জাৰি কৰা ১১ মে’ তাৰিখৰ নটিফিকেইশ্যন বাতিল কৰি আপত্তিকাৰী সকলৰ নাম-ঠিকনা ফোন নম্বৰ আদি আপত্তি উত্থাপিত হোৱা ব্যক্তিক অৱগত কৰক।

৬) এন আৰ চিৰ সম্পূৰ্ণ প্ৰক্ৰিয়া বিশেষকৈ দাবী আৰু আপত্তি প্ৰক্ৰিয়া স্বচ্ছ  (Transparent) হ’ব লাগিব বুলি SOP-ত উল্লেখ আছে। কিন্তু দাবী-আপত্তি নিষ্পত্তিৰ সময়ত নিষ্পত্তিকাৰী বিষয়াই কি সিদ্ধান্ত গ্ৰহণ কৰি আছে সেয়া গোপনে ৰখাত বিশেষকৈ আপত্তিকাৰী উপস্থিত নথকা শুনানিত কি সিদ্ধান্ত গ্ৰহণ কৰি আছে স্পষ্টকৈ প্ৰকাশ নকৰাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া হৈ আছে আৰু SOP ৰ নীতি উলংঘা হৈ আছে। SOP অনুসৰি সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ কৰক।

৭) এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত ডি এন এ পৰীক্ষাৰ ব্যৱস্থা কৰক। ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বহু লোকৰ বিভিন্ন কাৰণত যেনে বানপানী, গৰাখহনীয়া, অজ্ঞানতাৰ বাবে নথি হেৰাই গৈছে। তেনে লোকৰ সুবিধাৰ্থে ডি এন এ পৰীক্ষা কৰি নাগৰিকত্ব নিৰ্ধাৰণ কৰক।

৮) ৩১ আগষ্ট, ২০১৫ ইং তাৰিখৰ পিছৰ লিংকেইজ ডকুমেণ্ট দাবী-আপত্তি নিষ্পত্তিৰ সময়ত গ্ৰহণ কৰক।

৯। Principles of Natural Justice-ৰ সকলো নীতি কঠোৰভাৱে মানি চলক।

২১ মে’ৰ দুঘন্টীয়া ধৰ্ণ কাৰ্য্যসূচীৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিব, কেন্দ্ৰীয় যুটীয়া গৃহ সচিব (উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা), ভাৰতৰ মহাপঞ্জীয়ক, অসম চৰকাৰ মূখ্য সচিব আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

ইয়াৰ পিছতো যদি কৰ্তৃপক্ষই ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধৰণক এন আৰ চিৰ নামত হাৰাশাস্তি কৰা বন্ধ নকৰে বা নিৰপেক্ষ ভুমিকা পালন নকৰে তেন্তে আমছুৱে সমগ্ৰ অসমতে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়িবলৈ বাধ্য হ’ব, সংগঠনটোৱে সংবাদ মাধ্যমক জনায়।

ধৰ্ণা কাৰ্য্যসূচীত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম সৰকাৰ, কাৰ্য্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদকদ্বয় আব্দুৰ ৰহমান বিশ্বাস, ইমতিয়াজ হুছেইন, এছ ডি পি আই দলৰ ৰাষ্ট্ৰীয় উপসভাপতি অধিবক্তা ছফৰুদ্দিন আহমেদ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ মধু প্ৰসাদ আদিয়ে বক্তব্য ৰাখে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd