• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰি আৰু বিহালীবাসীক উন্নয়নৰ পৰা বঞ্চিত কৰাৰ অভিযোগ আম আদমী পাৰ্টিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2024 4:15 pm
সংবাদমেলত  চামগুৰি আৰু বিহালীবাসীক উন্নয়নৰ পৰা বঞ্চিত কৰাৰ অভিযোগ আম আদমী পাৰ্টিৰ।

সংবাদমেলত চামগুৰি আৰু বিহালীবাসীক উন্নয়নৰ পৰা বঞ্চিত কৰাৰ অভিযোগ আম আদমী পাৰ্টিৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে আম আদমী পাৰ্টিয়ে। বিহালীত আপৰ প্ৰাৰ্থী অনন্ত গগৈ আৰু চামগুৰিত ডঃ নুৰুল আমিন চৌধুৰীয়ে দলটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে।

আজি আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আপ, অসমৰ উপ সভাপতি অনুৰূপা ডেকাৰজাই দুয়োটা সমষ্টিৰ পূৰ্বৰ বিধায়ক সকলৰ ব্যৰ্থতাৰ খতিয়ান দাঙি ধৰে।

আপৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে কয়, “বিগত প্ৰায় ২৫ বছৰে চামগুৰি ৰকিবুল হুছেইনৰ দখলত আছিল। তাৰ পূৰ্বে ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনো ৰাজ্যৰ এগৰাকী ক্ষমতাশালী মন্ত্ৰী আছিল। এতিয়া ৰকিবুল হুছেইন সাংসদ হিচাপে নিৰ্বাচিত হৈ তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব দিছে। কিন্তু বিগত দিনত চামগুৰি সমষ্টিৰ আশা কৰা ধৰণে উন্নয়ন হোৱা নাই।”

Apply Now

লগতে পঢ়কঃ তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক জামিনত মুকলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

তেওঁ লগতে কয়, “সমষ্টিটোৰ শিক্ষাৰ্থী সকলৰ উচ্চ শিক্ষাৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান স্থাপনত ব্যৰ্থ হৈছে। সমষ্টিটোত মাত্ৰ এখনেই কলেজ আছে। চৰকাৰী হাস্পতাল সমূহত প্ৰয়োজনীয় আন্তঃগাঁথনি, লেবৰেটৰী, চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ অভাৱ। সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰতো ৰকিবুল হুছেইনৰ চৰম ব্যৰ্থতা স্পষ্টৰূপে প্ৰতিফলিত হৈছে। সেইবাবে চামগুৰিৰ ভোটাৰ সকলক আমি আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীক সমৰ্থন জনাবলৈ আহ্বান জনাইছোঁ।”

চামগুৰি সমষ্টিত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘটিত হিংসাত্মক ঘটনাৰ তীব্ৰ নিন্দা কৰে আপৰ নেত্ৰী গৰাকীয়ে। বিজেপিয়ে অসমতো উত্তৰ প্ৰদেশৰ দৰে ৰাজনীতিত হিংসাৰ আমদানি কৰি ঘৃণনীয় পৰিবেশ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে অনুৰূপা ডেকাৰজাই।

তদুপৰি চামগুৰিৰ নিৰ্বাচনী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা প্ৰায় কুৰিগৰাকী কৰ্মৰত সাংবাদিকৰ ওপৰত শাসকীয় দলৰ ভেৰোণীয়া বাহিনীয়ে আক্ৰমণ চলোৱাৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেত্ৰী গৰাকী।

আনহাতে, বিহালী বিধান সভা সমষ্টিত সুদীৰ্ঘ দিনে বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্তই প্ৰতিনিধিত্ব কৰিছে। বিজেপিৰ পল্লৱলোচন দাসেও বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু আজি বিহালী বাসী উন্নয়নৰ পৰা বঞ্চিত হৈ আছে।

লগতে পঢ়কঃ সুৰক্ষা পৰীক্ষাত শ্ৰেষ্ঠ! মাৰুতি চুজুকি ডিজায়াৰৰ এই মডেলৰ দামো সাধ্যৰ ভিতৰত!

সংবাদমেলত আপৰ নেত্ৰী গৰাকীৰ অভিযোগ, “বিগত দিনত সমষ্টিটোৰ প্ৰায় ৬০ শতাংশ আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ কোনোধৰণৰ উন্নয়ন সাধন কৰিব পৰা নাই। বাট পথ, চিকিৎসা সেৱা, শিক্ষা আদি সকলো দিশতে পূৰ্বৰ বিধায়ক সকলে চৰম ব্যৰ্থ হৈছে। সেইবাবে আমি আপৰ মনোনীত প্ৰাৰ্থী অনন্ত গগৈক প্ৰক্ষেপ কৰিছো। আশা কৰোঁ যে দিল্লী আৰু পঞ্জাৱৰ পৰিবৰ্তনৰ ঢৌৱে অসমকো স্পৰ্শ কৰিব। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতি বিহালী আৰু চামগুৰিৰ সাধাৰণ জনতাই আদৰি ল’ব।”

আজিৰ সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাৰ লগতে দলৰ মহিলা শক্তিৰ সভানেত্ৰী মাছুমা বেগমো উপস্থিত থাকে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd