• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অকলেই খেলিব পঞ্চায়ত নিৰ্বাচন : কৰিমগঞ্জৰ কৰ্মকৰ্তাক সাজু হ’বলৈ আহ্বান আপৰ নেতা ৰাজেশ শৰ্মাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 30, 2024 8:46 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰতে অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। কোনো দলৰ সৈতে আপৰ বুজাবুজি নহয়।” আজি কৰিমগঞ্জৰ কালিবাৰী ৰোডস্থিত প্ৰশান্তি লজত অনুষ্ঠিত আপৰ জিলা কৰ্মকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰি দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই ঘোষণা কৰে।

আপৰ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে এতিয়াৰ পৰাই দলীয় কৰ্মী সকলক পঞ্চায়ত নিৰ্বাচনৰ বাবে কাম আৰম্ভ কৰিবলৈ আহ্বান জনায়। তদুপৰি ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ বাবেও দলৰ কৰ্মী সকলক সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়ায়।

Apply Now

তেওঁ কয়, “বিজেপিৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত কৰিমগঞ্জৰ লগতে সমগ্ৰ বৰাক উপত্যকাৰ জনসাধাৰণৰ মাজত ব্যাপকভাৱে দলৰ সদস্যভৰ্তি অভিযান তৰান্বিত কৰিব লাগিব। এই ক্ষেত্ৰত আপৰ স্বেচ্ছাসেৱক সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।”

কৰিমগঞ্জ জিলাৰ যাতায়াত ব্যবস্থাৰ অচলাৱস্থা, বিদ্যালয়, হাস্পতাল আদিৰ শোচনীয় অৱস্থাৰ বাবে আপৰ নেতাগৰাকীয়ে ৰাজ্য চৰকাৰক কটু সমালোচনা কৰে।

কৰ্মকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি ৰাজেশ শৰ্মাই কয়,” জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা ৬ নং আৰু ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। স্থানীয় বিধায়ক আৰু সাংসদ সকলে উন্নয়নমূলক আঁচনি ৰূপায়নত ব্যৰ্থতাৰ পৰিচয় দিছে। আজি কৰিমগঞ্জৰ পৰা ১৭ ঘণ্টাতো ৰাজ্যৰ ৰাজধানী গুৱাহাটী গৈ পাব নোৱাৰে। ইমান ব্যৰ্থতাৰ পাছতো ৰাইজে কৃপানাথ মাল্লাক কিয় সাংসদ হিচাপে নিৰ্বাচিত কৰিছে? ” এইদৰে প্ৰশ্ন উত্থাপন কৰে আপৰ নেতা গৰাকীয়ে।

কৰ্মকৰ্তা সন্মিলনত আপৰ আন এগৰাকী জ্যেষ্ঠ নেতা সমীক সেনগুপ্তয়ো অংশগ্ৰহণ কৰে। তেওঁ বৰাকবাসীক কৰ্মৰ ৰাজনীতি আকোঁৱালি লবলৈ আহ্বান জনায়। দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনমুখী চৰকাৰ স্থাপনৰ বাবে আম আদমী পাৰ্টিৰ সংগঠন শক্তিশালী কৰিবলৈ সেনগুপ্তই দলীয় কৰ্মকৰ্তা সকলক আহ্বান জনায়।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনত ছাইমুল হক, বাহাৰুল ইছলাম, ৰাহুল দাস, দিলীপ কুমাৰ মালাকাৰ, ঝুমন নমঃশূদ্ৰ, ছিহাব উদ্দিন, চুলতানা বেগমেও দলৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত দিহা – পৰামৰ্শ দিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd