• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছক পুনৰ প্ৰত্যাহ্বান আপৰ : বিজেপিৰ সৈতে সম্পৰ্ক নাই বুলি প্ৰমাণ কৰিবলৈ আহ্বান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 19, 2024 1:40 pm
173
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে বৰাক উপত্যকাৰ এখন নিৰ্বাচনী সভাত এজন বাদে আটাইকেইজন কংগ্ৰেছ প্ৰাৰ্থীকে বিজেপিলৈ নিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে। আশ্চৰ্যজনকভাৱে কৰিমগঞ্জত অনুষ্ঠিত দলীয় সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৰ বিৰুদ্ধে এনে অপমান জনক মন্তব্য প্ৰকাশ কৰাৰ পিছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। 

মঙলবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এক সংবাদমেলত প্ৰদেশৰ ৰহস্যজনক নিৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা এজন প্ৰাৰ্থীৰ বাহিৰে আটাইকেইজনকে বিজেপি দললৈ নিব পাৰে বুলি চাঞ্চল্যকৰ ভাষ্যৰ বিপৰীতে কংগ্ৰেছৰ মৌনতাৰ কাৰণ কি? সচাঁকৈয়ে মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত গোপন বুজাবুজি আছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তথা কংগ্ৰেছৰ নেতৃত্বই এই বিষয়টো স্পষ্ট কৰিবলৈ আপৰ মুখপাত্ৰ গৰাকীয়ে প্ৰত্যাহ্বান জনায়। 

পূৰ্বে ২০২১ চনতো মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰাৰ্থীৰ টিকট তেওঁৰ মতেই হয়। এইবাৰ পুনৰ একেধৰণৰ মন্তব্যই প্ৰদেশ কংগ্ৰেছ আৰু বিজেপিৰ মাজত সম্পৰ্কৰ অভিযোগ স্পষ্ট কৰিছে। কংগ্ৰেছক লক্ষ্য হিচাপে লৈ মুখ্যমন্ত্ৰীৰ বক্তব্য – ‘ এতিয়া বিৰোধী বুলি একো নাই। মাতিলেই তেওঁলোকে বিজেপিত যোগদান কৰিব।’ যদিহে মুখ্যমন্ত্ৰীৰ অভিযোগৰ ভিত্তি নাই, কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে কিয় নিজৰ স্থিতি প্ৰকাশ কৰা নাই? আনহাতে, ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক তুচ্ছ তাচ্ছিল্য কৰি ৰাজ্যখনত বিৰোধী দলৰ অস্তিত্ব নস্যাৎ কৰিব খোজা মুখ্যমন্ত্ৰী গৰাকীৰ গণতন্ত্ৰ বিৰোধী বক্তব্যই আম আদমী পাৰ্টিক হতাশ কৰা বুলি মত ব্যক্ত কৰে দলটোৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই। 

আনহাতে, অসমৰ বিৰোধী ঐক্য সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আপৰ মুখপাত্ৰ গৰাকীয়ে কয়- ‘গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আম আদমী পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পাছত কংগ্ৰেছ দলে শোণিতপুৰ আৰু ডিব্ৰুগড়ত আপক সমৰ্থন কৰা উচিত আছিল। কিন্তু কংগ্ৰেছে মিত্ৰতাৰ ধৰ্ম মানি চলা নাই। ‘ 

সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি কয় যে এখন গণতান্ত্ৰিক ৰাজ্যত যদি বিৰোধী দলৰ অস্তিত্ব নাথাকে, তেন্তে গণতন্ত্ৰ কিদৰে সুৰক্ষিত হৈ থাকিব?

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd