• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ নাহৰজান বাগিচাত কিশোৰীক ধৰ্ষণৰ বিৰুদ্ধে আপৰ সংবাদমেল

মহিলাৰ সুৰক্ষা প্ৰদানত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ আপৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 8, 2024 2:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ নাহৰজান চাহ বাগিচাত সংঘটিত বলাৎকাৰৰ ঘটনাৰ অভিযুক্তক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে।

আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেত্ৰীগৰাকীয়ে কয়, ” গোলাঘাট জিলাৰ অন্তৰ্গত নাহৰজান চাহ বাগিচাত এগৰাকী কিশোৰীক ৫৫ বছৰ বয়সৰ এটা লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। মনোজ নাইক নামৰ বলাৎকাৰীটোক  স্থানীয় লোকে উত্তম মাধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়াৰ পিছতো আৰক্ষীৰ ভূমিকাক লৈ আশ্বস্ত হোৱা নাই স্থানীয় লোক। আমি এই ক্ষেত্ৰত ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে অভিযুক্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ। “

Apply Now

আপৰ সাধাৰণ সম্পাদক পুনম গগৈয়ে ৰাজ্যখনত মহিলাৰ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ ব্যৰ্থতাৰো সমালোচনা কৰে।

সংবাদমেলত তেওঁৰ অভিযোগ, “বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে। চলিত বছৰতে  ৰাজ্যখনত ৭ শতাধিক নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। এনে বৰ্ধিত অপৰাধমূলক ঘটনা অসমৰ সমাজ জীৱনৰ বাবে অতি চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ  এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে।পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে।” পুনম গগৈয়ে ৰাজ্যত সংঘটিত মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত এইদৰে মত ব্যক্ত কৰে।

বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আপৰ নেত্ৰী গৰাকীয়ে কয়,” এটা সমীক্ষা অনুসৰি অসমত দৈনিক কমেও ৩ টাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হয়। ৰাজ্যৰ চুকে কোণে প্ৰায় প্ৰতিদিনে এটাৰ পিছত আনটো বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। বিটিআৰৰ কোকৰাঝাৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ পিছত যুৱতী গৰাকীৰ সহোদৰক নৃশংসভাৱে হত্যা কৰাৰ দৰে জঘন্য ঘটনাও সংঘটিত হৈছিল । বলাৎকাৰৰ অভিযুক্ত সকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱাৰ বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ’বলৈ পাইছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে। আমি আম আদমী পাৰ্টিয়ে পঞ্জীয়নভূক্ত ধৰ্ষণৰ গোচৰ সমূহ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি দোষীক কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছোঁ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd