DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাতৃয়ে চাফাই কৰ্মীৰ কাম কৰি থকা বিদ্যালয়ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল বিধায়ক পুত্ৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 6, 2022 4:22 pm
মাতৃয়ে চাফাই কৰ্মীৰ কাম কৰি থকা বিদ্যালয়ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল বিধায়ক পুত্ৰ
179
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মাতৃ। পঞ্জাৱৰ এখন বিদ্যালয়ত তেওঁ সুদীৰ্ঘ দিন ধৰি চাফাই কৰ্মী হিচাবে কাম কৰি আহিছে।

বিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰাৰ উপৰি তেওঁ শৌচাগাৰ আদিও চাফা কৰি আহিছে।

সেইগৰাকী মাতৃয়ে চাফাই কৰ্মী হিচাবে কাম কৰা বিদ্যালয় খনলৈ আহিল এগৰাকী বিধায়ক।

বিদ্যালয়ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে আমন্ত্ৰিত বিধায়কগৰাকী আন কোনো নহয়, তেওঁ হৈছে বিদ্যালয় খনত চাফাই কৰ্মী হিচাবে কাম কৰি থকা মহিলাগৰাকীৰেই পুত্ৰ। নাম তেওঁৰ লাভ সিং উগোকে।

পঞ্জাৱৰ নৱনিৰ্বাচিত বিধায়ক উগোকে বিদ্যালয় খনৰ এক অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে।

সেই বিদ্যালয় খনতে তেওঁৰ মাতৃয়ে চাফাই কৰ্মী হিচাপে কাম কৰি আহিছে।

ভাদাউৰ সমষ্টিত পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক পৰাস্ত কৰি উগোকে এইবাৰ পঞ্জাৱৰ বিধানসভালৈ নিৰ্বাচিত হৈছে।

পুত্ৰক নিজে কাম কৰা বিদ্যালয়ত মুখ্য অতিথি হিচাবে পাই তেওঁৰ মাতৃৰ হিয়া আনন্দৰে নধৰা হৈ পৰিছে। উগোকেৰ মাতৃ বলদেৱ কৌৰে কয় —’ এয়া মোৰ বাবে গৌৰৱৰ বিষয়, মই অত্যন্ত সুখী যে মোৰ পুত্ৰ বিধায়ক হৈছে,আৰু আজি তেওঁ মই কাম কৰা বিদ্যালয়খনলৈ আহিছে’। উল্লেখ্য বলদেব কৌৰে বিদ্যালয়খনত যোৱা ২৫ বছৰ ধৰি কাম কৰি আছে।
আম আদমী পাৰ্টিৰ (আপ) নেতাজনেও একেখন বিদ্যালয়তে অধ্যয়ন কৰিছিল। ইমান দিনে কেৱল অভাৱেই দেখি অহা মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে পুত্ৰ উগোকেই।

বিধায়ক হোৱাৰ পূৰ্বে মাতৃক আৰ্থিক ভাবে সকাহ দিবলৈ উগোকে এখন দোকানত কাম কৰিছিল।

শেহতীয়া নিৰ্বাচনত ভাদাউৰ সমষ্টিৰ পৰা আপৰ টিকট লাভ কৰি উগোকেই পঞ্জাৱৰ শক্তিশালী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চান্নীক ৩৭,৫৫০ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল।

তেওঁ ২০১৩ চনত আপত যোগদান কৰিছিল আৰু দলটোত এগৰাকী জনপ্ৰিয় নেতা হিচাবে পৰিগণিত হৈছিল।

Recent News

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

Gyanvapi Mosque Row: জ্ঞানৱাপী মছজিদৰ শিৱলিংগ উদ্ধাৰৰ দাবী কৰা এলেকা ছীল, উচ্চতম ন্যায়ালয়ত আজি শুনানি

Gyanvapi Mosque Row: জ্ঞানৱাপী মছজিদৰ শিৱলিংগ উদ্ধাৰৰ দাবী কৰা এলেকা ছীল, উচ্চতম ন্যায়ালয়ত আজি শুনানি

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd