• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

স্বাভাৱিকতে ক্ৰিকেট অনুৰাগীৰ মাজত ছেহৱাগ আৰু দ্ৰাবিড়ৰ দৰে কিংবদন্তি ক্ৰিকেটাৰৰ পুত্ৰই একেটা দলতে স্থান পোৱাক লৈ আগ্ৰহ বৃদ্ধি পাইছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 27, 2026 3:55 pm
আৰ্যবাৰী ছেহৱাগ আৰু অন্বয় দ্ৰাৱিড়। ফাইল ফটোঃ সংগ্ৰহীত।

আৰ্যবাৰী ছেহৱাগ আৰু অন্বয় দ্ৰাৱিড়। ফাইল ফটোঃ সংগ্ৰহীত।

92
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁলোকৰ দুই পিতৃয়ে ড্ৰেছিং ৰুমত একেলগে সময় কটাইছিল। এইবাৰ তেওঁলোকৰ দুই পুত্ৰইও দলত সুযোগ পালে। ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি দুজনৰ পৰৱৰ্তী প্ৰজন্মই ৰাষ্ট্ৰীয় দলত সুযোগ পালে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ বাবে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলত স্থান লাভ কৰিছে বীৰেন্দ্ৰ ছেহৱাগৰ পুত্ৰ আৰ্যবীৰ ছেহৱাগ আৰু ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অন্বয় দ্ৰাবিড়ে। ছেহৱাগ আৰু দ্ৰাবিড় পৰিয়ালৰ উত্তৰাধিকাৰী দুগৰাকীয়ে ৰাষ্ট্ৰীয় যুৱ দলৰ হৈ খেলা দেখা যাব।

বৃহস্পতিবাৰে অষ্ট্ৰেলিয়া ১৯ বছৰ অনুৰ্ধ দলৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ দল ঘোষণা কৰে বিচিচিআইয়ে। তিনিখন এদিনীয়া মেচ আৰু দুখন মাল্টি-ডে মেচৰ বাবে পৃথক দল ঘোষণা কৰা হৈছে।

Apply Now

ভাৰতৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগৰ পুত্ৰ আৰ্যবীৰক এদিনীয়া দলত ৰখা হৈছে। আনহাতে, ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অন্বয়কো ১৫ জনীয়া এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁক উইকেটকীপাৰ-বেটছমেন হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে।

স্বাভাৱিকতে ক্ৰিকেট অনুৰাগীৰ মাজত ছেহৱাগ আৰু দ্ৰাবিড়ৰ দৰে কিংবদন্তি ক্ৰিকেটাৰৰ পুত্ৰই একেটা দলতে স্থান পোৱাক লৈ আগ্ৰহ বৃদ্ধি পাইছে।

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিছে আৰ্যবীৰ ছেহৱাগে। সোঁহতীয়া বেটছমেন আৰ্যবীৰে শেহতীয়াকৈ দিল্লী প্ৰিমিয়াৰ লীগত পশ্চিম দিল্লী লায়ন্সৰ হৈ খেলিছিল। তেওঁৰ আগ্ৰাসী বেটিং আৰু ডাঙৰ শ্বটবোৰে তেওঁৰ পিতৃ বীৰেন্দ্ৰ ছেহৱাগৰ কথা মনত পেলাই দিয়ে।

অৱশ্যে এইবাৰ প্ৰথমবাৰৰ বাবে নহয় যে আৰ্যবীৰে দৃষ্টি আকৰ্ষণ কৰিছে। ২০২৪ চনত কোচবিহাৰ ট্ৰফীত মেঘালয়ৰ বিৰুদ্ধে ২৯৭ ৰানৰ বিস্ফোৰক ইনিংছ খেলি তেওঁ চৰ্চালৈ আহে। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিক প্ৰদৰ্শনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ দুৱাৰ তেওঁৰ বাবে মুকলি হ’ল।

উইকেটকীপাৰ অন্বয় দ্ৰাবিড়কো এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে। জুলাই মাহত ভাৰত ১৯ বছৰ অনুৰ্ধ দলৰ শ্ৰীলংকা ভ্ৰমণৰ সময়ত ৰাহুল দ্ৰাবিড়ৰ পুত্ৰই ৮৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল। সেই প্ৰদৰ্শনৰ পিছত এইবাৰো দলত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।

এদিনীয়া তিনিখন খেলৰ বাবে অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে লক্ষ্য ৰায়চান্দনিক। যশবৰ্ধন চৌহানক উপ-অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। আনহাতে মাল্টি-ডে খেলত যশবৰ্ধনে নেতৃত্ব দিব। উপ অধিনায়ক হিচাপে থাকিব লক্ষ্য।

এদিনীয়া দল : লক্ষ্য ৰায়চান্দনি (অধিনায়ক), যশবৰ্ধন চৌহান (উপ অধিনায়ক), ৰজত বাঘেল (উইকেটকীপাৰ), আৰ্যবীৰ ছেহৱাগ, ভি কে বিনীত, কুশাগ্ৰ ওঝা, অৰ্জুন ৰাজপুত, মনাল চৌহান, অন্বয় দ্ৰাবিড় (উইকেটকীপাৰ), ভি যশবীৰ, ৰোহিত যাদৱ, শাৱিন বিনোদ, মহিত উলভা, চিগুৰপতি ভেংকটা আৰু কাব্য পেটেল।

মাল্টি-ডে দল : যশবৰ্ধন চৌহান (অধিনায়ক), লক্ষ্য ৰায়চান্দনি (উপ অধিনায়ক), সাগৰ বিৰ্ক, কুশাগ্ৰ ওঝা, মনাল চৌহান, কুশ পেটেল, মানৱ কৃষ্ণ (উইকেটকীপাৰ), অভিপ্ৰায় বিশ্বাস (উইকেটকীপাৰ), ৰোহিত যাদৱ, ঈশান ওম, অয়ান আক্ৰাম, প্ৰণৱ ৰাঘবেন্দ্ৰ, প্ৰিয়ংশু সিং, মোহিত উলভা আৰু আৰ্য্য যাদৱ।

তিনিখন এদিনীয়া মেচ আৰু প্ৰথমখন মাল্টি-ডে মেচ ৰাজকোটত অনুষ্ঠিত হ’ব। দ্বিতীয়খন মাল্টি-ডে মেচ আহমেদাবাদৰ বি খেলপথাৰত অনুষ্ঠিত হ’ব।

সম্পূৰ্ণ সূচী

১৮ ছেপ্টেম্বৰ ২০২৬, শুকুৰবাৰ: প্ৰথম এদিনীয়া, ৰাজকোট, পুৱা ৯ বজাত।

২১ ছেপ্টেম্বৰ ২০২৬, সোমবাৰ: দ্বিতীয় এদিনীয়া, ৰাজকোট, পুৱা ৯ বজাত।

২৩ ছেপ্টেম্বৰ ২০২৬, বুধবাৰ: তৃতীয় এদিনীয়া, ৰাজকোট, পুৱা ৯ বজাত।

২৭-৩০ ছেপ্টেম্বৰ ২০২৬: প্ৰথম মাল্টি-ডে মেচ, ৰাজকোট, পুৱা ৯:৩০ বজাত।

৫-৮ অক্টোবৰ ২০২৬: দ্বিতীয় মাল্টি-ডে মেচ, আহমেদাবাদ বি খেলপথাৰ, পুৱা ৯:৩০ বজাত।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd