• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰী পাঠ্যপুথিত “চাহ জনগোষ্ঠী” বুলি ছাব আদিবাসী সম্প্ৰদায়ক; তীব্ৰ প্ৰতিবাদ ‘আছা’ৰ

যাদৱ পায়েঙক “অঘৰী” জনজাতিৰ মানুহ হিচাপে উপস্থাপন কৰিছিল মহাৰাষ্ট্ৰ চৰকাৰৰ পাঠ্যপুথিত

NE NOW NEWS ভাৰ্গব হাজৰিকা
নগাওঁ , June 1, 2019 11:26 pm

2 min read

AASA_Protest against misrepresantation

আদিবাসী সম্প্ৰদায়ক চাহ জনগোষ্ঠী বুলি চৰাকাৰী পাঠ্যপুথিত উল্লেখ কৰাৰ প্ৰতিবাদ।

1.1k
VIEWS
Share on FacebookShare on Twitter

সুদূৰ পশ্চিমৰ মহাৰাষ্ট্ৰৰ চৰকাৰী পাঠ্যপুথিত অসমৰ যাদৱ পায়েঙক “অঘৰী” জনজাতিৰ মানুহ হিচাপে উপস্থাপন কৰা বাবে অসমৰ পৰা হোৱা প্ৰতিবাদ নহয়। অসমৰে চৰকাৰী পাঠ্যপুথিত ৰাজ্যখনৰে এটা অন্যতম সম্প্ৰদায়ক ভুলকৈ উপস্থাপন কৰা বাবে প্ৰতিবাদ কৰিব লগীয়া হৈছে সম্প্ৰদায়টোৰ লোকসকলে।

ব্ৰিটিছ আমোলতেই চাহ শ্ৰমিক হিচাপে অসমৰ সমাজ জীৱনত প্ৰৱেশ ঘটা উৰিষ্যা, ঝাৰখণ্ড, চট্টিচগড় আদিৰ আদিবাসী লোকেৰে গঠিত এই লোকসকলক চৰকাৰী পাঠ্যপুথিত “চাহ জনগোষ্ঠী” বুলি উল্লেখ কৰা হৈছে।

শেহতীয়াকৈ অসমীয়া বিষয়ৰ নৱম শ্ৰেণীৰ দ্ৰুত পাঠ হিচাপে চৰকাৰে অন্তৰ্ভুক্ত কৰা “বৈচিত্ৰ্যময় অসম” নামৰ পুথিখন প্ৰকাশ কৰিছে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদে। বিতৰ্কত অহা প্ৰবন্ধটোৰ লেখক সুশীল কুৰ্মী, যি নিজেও এজন উক্ত সম্প্ৰদায়টোৰে লোক।

এনেকৈ এটা স্পষ্ট আৰু স্বকীয় পৰিচয় থকা আদিবাসী লোকসকলক “চাহ জনগোষ্ঠী” বুলি উল্লেখ কৰাত ক্ষোভ আৰু প্ৰতিবাদ কৰিছে সম্প্ৰদায়টোৰ অন্যতম সংগঠন সদৌ আদিবাসী ছাত্ৰ সন্থা (All Adivasi Students’ Association), চমুকৈ আছাই।

লগতে পঢ়ক যাদৱ পায়েঙক অঘৰী জনজাতিৰ মানুহ হিচাপে উপস্থাপন মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত

জাঙুৰ খাই উঠা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি শতাধিক চাহ শ্ৰমিক, মহিলা, নেতা-কৰ্মীক লৈ নগাঁৱৰ চামগুৰিৰ উদমাৰিত এটা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে ৰাজপথত অসম সাহিত্য সভাৰ বিষয়ববীয়া তথা সাহিত্যিক সুশীল কুৰ্মীৰ প্ৰতিকৃতি দাহ কৰে।

AASA_Protest against misrepresantation_2
আদিবাসী সম্প্ৰদায়ক চাহ জনগোষ্ঠী বুলি চৰাকাৰী পাঠ্যপুথিত উল্লেখ কৰাৰ প্ৰতিবাদ।

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰ উপাধক্ষ্য জিতু গোস্বামীক শীঘ্ৰে ইয়াক শুদ্ধ ৰূপত উপস্থাপন কৰিবৰ বাবে দাবী কৰিছে সংগঠনটোৰ নগাঁও জিলা সমিতিৰ লগতে উদমাৰী আঞ্চলিক সমিতিয়ে।

এই ভুল শুধৰণি নকৰালৈকে নগাঁও জিলাৰ চাহ বাগিচা অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহত “বৈচিত্ৰ্যময় অসম” নামৰ পাঠ্যপুথিখন নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে।

উল্লেখ কৰিব পাৰি যে যোৱা বছৰ মহাৰাষ্ট্ৰৰ চৰকাৰৰ দশম শ্ৰেণীৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ পাঠ্যপুথিত অসমৰ “অৰণ্য মানৱ” খ্যাত যাদৱ পায়েঙৰ কাহিনীটো অন্তৰ্ভুক্ত কৰিবলৈ গৈ তেওঁক ‘অঘৰী জাতিৰ মানুহ’ (nomadic tribe) বুলি উল্লেখ কৰাত অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd