• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰে পুনৰ মিত্ৰতা : অগপৰ পৰা উত্তৰ বিচাৰিলে আছুৰ নেতৃত্বই

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 13, 2019 9:36 pm

2 min read

AASU_NESO-PMT

ফাইল ফটো

499
VIEWS
Share on FacebookShare on Twitter

বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেপিৰ সংগ ত্যাগ কৰি আজি পুনৰ মন্ত্ৰিত্বৰ দায়িত্ব হাঁহি মুখেৰে গ্ৰহণ কৰা অগপৰ পৰা উত্তৰ বিচাৰিলে দলৰ জন্মদাতা সংগঠন আছুৱে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰে মিত্ৰতা ছেদ কৰি অগপই বিজেপিৰে মিত্ৰতা কৰিলে কিয়? এই প্ৰশ্নৰ অৱতাৰণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই।

বুধবাৰে অগপৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে লাজ মান কাটি পুনৰ মন্ত্ৰিত্বৰ ভাৰ গ্ৰহণ কৰাৰ পাছতেই দিল্লীত সৰব হৈ পৰিছে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য।

ভট্টাচার্যই অগপৰ পূৰ্বৰ স্থিতি সোঁৱৰাই দি সংবাদ মাধ্যমৰ আগত কয়, ‘’অগপ দলে বিধেয়কখনৰ বিৰোধিতা কৰি মন্ত্ৰিত্ব ত্যাগ কৰিলে, বিজেপিৰ সংগ ত্যাগ কৰি ৰাইজৰ আন্দোলনৰ সমভাগী হ’বলৈ আগবাঢ়ি আহিল। কিন্তু আমি তেতিয়াই কৈছিলো ডাৱৰ আঁতৰা নাই, এতিয়াও আছে।‘’

তদুপৰি, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে শাসনলৈ আহিলে বিধেয়কখন পুনৰ আনিম বুলি কৈছিল বুলিও আছুৰ উপদেষ্টাজনে সোঁৱৰাই দিয়ে।

অসমৰ আকাশত ডাৱৰ থকাৰ পাছতো অসম গণ পৰিষদে বিজেপিৰ লগত পুনৰ কিয় মিত্ৰতা কৰিলে বুলি প্ৰশ্ন কৰে আছু নেতাজনে।

‘’এতিয়া অসম গণ পৰিষদে বিধেয়কৰ সমৰ্থন কৰা বিজেপিৰ লগত মিত্ৰতা স্থাপনৰ ব্যৱস্থা কৰিলে, সেই কথাৰ অসমৰ ৰাইজক জবাব দিব লাগিব।‘’ এইদৰে  কয় ভট্টাচাৰ্যই।

ইপিনে, অগপ-বিজেপিৰ মিত্ৰতা কৰাৰ প্ৰসংগত নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে। ছাত্ৰ নেতা গগৈয়েও অগপ নেতৃত্বৰ পৰা মিত্ৰতাৰ প্ৰসংগত উত্তৰ বিচৰা দেখিবলৈ পোৱা গ’ল।

তেওঁ কয়, ‘’নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পক্ষত থকা দল এটাৰ সৈতে অসম গণ পৰিষদে কিয় পুনৰবাৰ মিত্ৰতা কৰিলে সেই কথাৰ উত্তৰ অসমৰ ৰাইজক দিব লাগিব।‘’

আনহাতে, অসমৰ মাটিত বিদেশীক চৰণীয়া পথাৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলো ৰাইজ একত্ৰিত হ’ব লাগে বুলিও তেওঁ মন্তব্য কৰে।

তদুপৰি, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অগপ ওলাই আহিছিল আৰু জন সমৰ্থনো লাভ কৰিছিল বুলি অগপ নেতৃত্বক সোঁৱৰাই দি লগতে অগপক প্ৰশ্ন কৰি কয়, ‘’অমিত শ্বাহে সদম্ভে লখিমপুৰত ঘোষণা কৰি যোৱাৰ পাছতো কিয় অগপই মিত্ৰতা কৰিলে?’’

লুৰিণৰ মতে ‘’অগপ দলৰ সিদ্ধান্তত ৰাইজ আশাহত হৈছে। অসমৰ জনসাধাৰণক অগপই প্ৰতাৰণা কৰা বুলি তেওঁলোকে অনুভৱ কৰিছে।‘’

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd