‘কোনো কাৰণতে অসমত অবৈধ নাগৰিকক থাকিবলৈ দিয়া নহ’ব। এন আৰ চিৰ পাছত চিনাক্ত বাংলাদেশীসকলক অসমৰ পৰা বিতাৰণ কৰিবই লাগিব। যদি নকৰে অসমবাসীয়ে পুনৰ এক বিদেশী খেদা আন্দোলন কৰিবলৈ বাধ্য হ’ব’। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ।
উল্লেখ্য যে আজি কিছুদিন পূৰ্বে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ আগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি প্ৰকাশৰ পাছত চিনাক্ত হোৱা অবৈধ বিদেশী তথা বাংলাদেশী লোকসকলক প্ৰত্যৰ্পণ নকৰে বুলি কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু।
জাতীয় স্বাৰ্থৰ হকে মাত মাতি অহা সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে প্ৰধান মন্ত্ৰীৰ উক্ত মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুনৰ কয় যে বিগত লোকসভা নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অবৈধ বাংলাদেশীয়ে অসমৰ পৰা টালি-টোপোলা বান্ধিব লাগিব বুলি দম্ভ মাৰিছিল। কিন্তু সেই দম্ভ মৰা লোকজনে এতিয়া দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে।
খিলঞ্জীয়া লোকৰ দলিল স্বৰূপ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত এইদৰে দেশৰ প্ৰধান মন্ত্ৰী এজনৰ মন্তব্য গৰিহণাৰ পাত্ৰ বুলি ছাত্ৰ নেতাগৰাকীয়ে উল্লেখ কৰে।
তেওঁ লগতে কয় যে অসমবাসীয়ে কৰা ছবছৰীয়া অসম আন্দোলনক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্যই অপমান কৰাৰ লগতে ঐতিহাসিক অসম চুক্তিকো উলংঘা কৰিছে।