মৰিগাঁও জিলাত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ পুঁজি আৱন্টনক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে মৰিগাঁও জিলা ছাত্ৰ সন্থায়।
হিতাধিকাৰীৰ তালিকাত অকৃষকৰ দৌৰাত্ম্য ধৰা পৰাৰ লগতে প্ৰায় প্ৰতিখন গাঁৱৰ নামৰ বিপৰীতে নিৰ্ধাৰিত হিতাধিকাৰীৰ তালিকাত গাঁৱৰ বাসিন্দা সকলে চিনি নোপোৱা সন্দেহজনক লোকৰ নামে ঠাই পাইছে বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰে।
এই সন্দৰ্ভত আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত, সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথ আৰু আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উৎপল শৰ্মাই জিলাখনৰ উপায়ুক্ত ৰিতুৰাজ বৰাক সাক্ষাৎ কৰে।
আছুৰ প্ৰতিনিধি দলটোৱে উপায়ুক্ত গৰাকীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদানেৰে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দাবী কৰে।
ইয়াৰ লগতে, হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা ব্যক্তি আৰু বিষয়াসকলক উচিত শাস্তি বিহিবলৈও দাবী জনায়।
জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে এক বিবৃতিযোগে কয় যে, মৰিগাঁও জিলাত যোৱা বছৰ একেই দুৰ্নীতি সংঘটিত কৰাৰ বাবে জিলা কৃষি বিষয়াক নিলম্বন হৈছিল। তাৰ পিছতো এনে ঘটনাৰ পুনৰাবৃত্তিয়ে প্ৰমাণ কৰে যে দুৰ্নীতিৰ শিপাডাল বহুত দকৈ শিপাই আছে।
‘‘এই ঘটনাৰ তদন্ত হ’বই লাগিব। অকৃষকে কোনো কাৰণত কৃষকৰ নামত অহা পুঁজি হস্তগত কৰিব নোৱাৰিব,’’ হিমাংশু মহন্তই কয়।
‘‘ক’ৰ’নাই বহু কৃষকক সৰ্বশ্ৰান্ত কৰিলে। এনে পৰিস্থিতিত তেওঁলোকক সাহায্য দিয়াটো দূৰৰ কথা বৰঞ্চ কৃষকৰ নামত আৱন্টিত পুঁজিতো এচাম মধ্যভোগীয়ে কমিছনৰাজ চলাইছে। এইয়া সহ্য কৰা নহ’ব। কৃষকৰ ধন কৃষকে পাব লাগিব। মধ্যভোগীয়ে শাস্তি নোপোৱালৈকে ৰাইজ ক্ষান্ত নহয়,’’ আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উৎপল শৰ্মাই ক্ষোভ উজাৰি কয়।